পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা-১১

কবিতাৰ আলোচনা-১১

Written By www.parthapratim.in on Thursday, 25 April 2019 | 02:36



দিও কোনো আলোচনী আদিয়ে কোনো এজন লোকক লেখক হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰে যদিহে ব্যক্তিজনৰ প্ৰতিভা নাথাকে¸ তৎসত্ত্বেও প্ৰান্তিক এনে এখন আলোচনী যিয়েই কোনো লেখক এজনক প্ৰতিষ্ঠা কৰাত বিশেষ ভূমিকা ল'ব পাৰে। কথাটো মই এইবাবেই কৈছো¸ যদিও প্ৰান্তিক মুলতঃ কবিতা কেন্দ্ৰিক আলোচনী নহয় তথাপিও প্ৰান্তিকৰ কবিতাই সাম্প্ৰতিক সময়ৰ কবিতাক প্ৰতিনিধিত্ব কৰে বুলি আমি ধাৰণা কৰিব পাৰো। পাঠকৰ এই ধাৰণাই কাব্যজিজ্ঞাসাৰ সৃষ্টি কৰে আৰু কবিতাৰ অৰ্থ সন্ধানত ই নিৰ্ণেয়াত্মক শক্তিত পৰিণত হয়।
                   এপ্ৰিল মাহৰ চানেকি শিতানত প্ৰান্তিক(প্ৰথম পষেক)ৰ পৰা আলেচনাৰ বাবে আমি বাচনি কৰা কবিতাটো হ'ল মনিকুন্তলা ভট্টাচাৰ্যৰ সন্তান শীৰ্ষক কবিতাটো। সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যৰ এক চিনাকি নাম মনিকুন্তলা ভট্টাচাৰ্য। মনিকুন্তলা ভট্টাচাৰ্যৰ কবিতাত সততে দেখাৰ দৰে আত্ম সচেতন দৃষ্টিভংগী আৰু জীৱনৰ প্ৰতি সচেতন সহাঁৰি “সন্তান”তো দেখা যায়। ক'ব পাৰি এয়া কবি মনিকুন্তলা ভট্টাচাৰ্যৰ কবিতাৰ এক বৈশিষ্ট।
কবিতাটো আলোচনাৰ আৰম্ভণিত এবাৰ পাঠ কৰা হওঁক_

সন্তান
@মনিকুন্তলা ভট্টাচাৰ্য
তুলি ধৰিলেই মুখখনি
একাজলি গংগা
কত বিচৰা যায় সিহঁতক
এখন ওখ চকীত
এটা প্রাসাদত?
কিন্তু সিহঁত কুম্ভকাৰৰ মাটি নহয়
ফলৰ গুটিও নহয়।
নহয় ফুলৰ বৰণ।
নহয় পুখুৰীত আৱদ্ধ ঢৌ।
সিহঁতাে মানুহ।
স্বতন্ত্র।
কেৱল মাকৰ বাবে
সিহঁত পখীৰ কলৰৱ
প্রাণৰ জুৰণি
নিভৃত মংগল কামনা।
মানুহে মানুহক একো নােখােজাৰ দৰে
সিহঁতকো খােজা নাযায়
সিহঁতাে মানুহ।
সিহঁতে মানুহ।
               সন্তানৰ কথা ক'লে পিতৃ-মাতৃৰ কথা প্ৰসংগলৈ আপোনা-আপুনি আহেই। কিয়নো শিপা অবিহনে কোনো গছেই থিয় দিব নোৱাৰে। পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ যি মৰম তাৰ লগত যদি সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ মৰম তুলনা কৰা হয় তেতিয়া সন্তানৰ প্ৰতি থকা মৰম বেছি বুলি ধৰিব পাৰি। কিয়নো গৰ্ভাৱস্থাৰ পৰাই পিতৃ-মাতৃয়ে সন্তানৰ সৈতে সম্পৰ্কস্থাপন কৰে। এনে ভাৱৰ গভীৰতা সূচাবলৈ “সন্তান” শব্দৰ ব্যৱহাৰ কৰা বুলি ভাৱিব পাৰি। কবিতাটোৰ শিৰোনামৰ বাবে অনুধাৱন কৰিব পাৰি যে কবিয়ে ইয়াত সমাজ আৰু সত্ত্বাৰ মাজত এক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে।
                                           কবিতাটোৰ আৰম্ভণিতে কবিয়ে কৈছে_
                                           তুলি ধৰিলেই মুখখনি
                                           একঁজলি গংগা
              ইয়াত স্পষ্ট যে তুলি ধৰা মুখখন সন্তানৰ। এই সন্তানক কবিয়ে ব্যক্তিগত পৰ্যায়ত সীমাবদ্ধ নাৰাখি “সিহঁত”ৰে সাৰ্বজনীন স্তৰলৈ টানি লৈ গৈছে। একেদৰে ইয়াত কথক পিতৃ নে মাতৃ! কবিতাটোৰ কবি যিহেতু নাৰী গতিকে সন্তানৰ মুখ তুলি লোৱা চৰিত্ৰটো নাৰী বুলি বুজিব পাৰি। মৰম-চেনেহৰ কথা ওলালেই পিতৃতকৈ মাতৃৰ কথা প্ৰথমতে আমাৰ মনলৈ আহে। সেইবাবে আনিজ উজ জামানে কৈছিল “আইৰ হাত বুলিলে সদায় আলসুৱা আৰু মৰম বিলোৱা ছবি মনলৈ আহে”।
               এনে আলসুৱা হাতৰ গৰাকীয়ে সন্তানক কেনেকৈ চাৱ বিচাৰে কবিয়ে সেয়া প্ৰশ্ন কৰিছে। ইয়াত “ওখ চকী” আৰু “প্ৰসাদ” উচ্চাকাংক্ষা আৰু বিলাসী জীৱন হ'ব পাৰে। কিন্তু তৃতীয় দফাত কবিয়ে যেনেকৈ সন্তানক বাহ্যিক কাৰক অবিহনেই নিজকেই প্ৰতিষ্ঠা কৰা দেখাব বিচাৰিছে সিয়ে “ওখ চকী” আৰু “প্ৰাসাদ”ক বিলসিতা বুজোৱাৰ সম্ভাৱনাক নসাৎ কৰিছে¸ পৰিৱৰ্তে সন্তানক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।
                "সন্তান"ত কবিয়ে কবিতাৰ মাজেৰে সমাজৰ কথা কবলৈ আগ্ৰহী। এক প্ৰচলিত সংস্কৃতিক কবিতাত প্ৰকাশ কৰা হৈছে। এনে সংস্কৃতিৰ মাজত নিজেই অৱস্থান কৰি কবিয়ে কৈছে_
মানুহে মানুহক একো নোখোজাৰ দৰে

সিহঁতো মানুহ

               কবিৰ এই মেজাজ আৰু কাব্যভাষা যি ধৰণে কবিতাত গঢ় দিছে সিয়ে প্ৰতিষ্ঠিত ৰাজনৈতিক বিন্যাসক উপস্থাপন কৰিছে। ক'ব পাৰি “সন্তান” এক ৰাজনৈতিক কবিতা। এই ৰাজনীতি দল সংগঠনৰ অথবা পুজিঁবাদ-সাম্যবাদ নহয়¸ ই এনেকুৱা ৰাজনীতি যি সমাজত মানুহৰ কথা কয়। এই ৰাজনৈতিক বিন্যাস ঐতিহ্য নিৰ্মাণৰ এক পথ¸ ই বিস্তৃত অধ্যায়। এই ৰাজনৈতিক বিন্যাস গঢ় হয় ঐতিহ্য¸ মূল্যবোধ¸ সংস্কৃতি আদিৰ সংগঠিত প্ৰয়াসেৰে। কবি মনিকুন্তলা ভট্টাচাৰ্যই নিজস্ব অনুসন্ধানৰে যি মূল্যবোধ¸ আচৰণ আৰু সংস্কৃতিৰ উপস্থাপন কৰিছে সেয়াই বৰ্তমান সময়ত অধিকাংশ অভিভাৱকে সন্তানৰ ওপৰত ৰোপন কৰা অধিপত্যমূলক উচ্ছকাংক্ষাক নসাৎ কৰিছে।
             “সন্তান”ৰ প্ৰতিটো দফাত একো-একোটা ক্ষীণ বাও(frame) আছে। কবিয়ে কবিতাটোত কাহিনীৰ বৰ্ণনা কৰা নাই¸ কবিতাৰ বাওয়ে পঠনীয়তা বৃদ্ধি কৰিছে। দফাৰ কথা ওলাওতে এটা কথা উনুকিয়াব বিচাৰিম “সন্তানত মুঠ ৬ টা দফা আছে¸ আৰু দফাৰ শাৰীৰ সংখ্যা ক্ৰমে ২/৩/৪/২/৪/৪। কবিতাৰ দেহগঠনত শাৰী আৰু দফাবোৰ গুৰুত্বপূৰ্ণ। কবিতাটোৰ শব্দপ্ৰয়োগত সহজ-সৰল শব্দ ব্যৱহাৰ কৰিছে। ১৯ শাৰীৰ কবিতাটোত মুঠ ৪ টা যুক্তাক্ষৰ আছে। কবিয়ে কবিতাৰ কাহিনীৰ এক শৃংখলিত ৰূপত আগুৱাই নিছে। এইবোৰে “সন্তান”ত আধুনিক কবিতাৰ ধাৰণাৰ শৃংখল (logic of concept) প্ৰয়োগ ঘটিছে।
*****************************************************************************
পাৰ্থ প্ৰতিম কলিতা
২৫ এপ্ৰিল¸ ২০১৯
SHARE

About www.parthapratim.in

0 comments :

Post a Comment