পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা-১০

কবিতাৰ আলোচনা-১০

Written By www.parthapratim.in on Saturday, 6 April 2019 | 02:33



পুনৰীক্ষণ-কাব্য (৭০) : আখৰুৱা : literati গোটৰ পৰ্যালোচনাৰ শিতান
চতুৰ্থ খণ্ড : ৮ -১৫ মাৰ্চ ২০১৯, ২০১৯
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা

মাহৰ দ্বিতীয় সপ্তাহত আখৰুৱাৰ মজিয়ালৈ মুঠ চাৰিটা কবিতা আহিছিল। চাৰিওটা কবিতাকে আলোচনা কৰাৰ প্ৰয়াস কৰা হ'ল।
১।মই আইনৰ ছাত্ৰী
কবি- জ্যোতিমণি দেৱী
চাপৰি চাপৰ হৈ চহৰ হোৱা ঠাইত
সৌখন আইন কলেজ
মই তাৰেই ছাত্ৰী
গধূলিৰ কলেজ
আজিৰ দৰে নাই গাড়ী
ভয়, শংকা যাতায়াতৰ অসুবিধা
তথাপি মই আইনৰ ছাত্ৰী
পাৰ্চনেল ল লৈ আহমেদ চাৰ
হিন্দু ল মুছলিম ল
টোকাবহীখন লৈ পুনৰ ঢাপলি
নাতিদূৰৈত সৌখন মৰিশালি
প্ৰায়েই আহে মৰাশ
চাৰি কান্ধ বিলাসত দুপি দুপি
জুই জ্বলে, ছাঁই হয়
মানুহৰ দেহ
নীতি নিয়মৰ মাজত
অৱশেষত মুক্ত হয় আইনৰ পৰা
ছাঁইখিনি বন্দী পুনৰ
নীতি নিয়মৰ কাৰাগাৰত৷
পিচদিনা আকৌ ল
ক্ৰিমিনেল , পাৰচনেল, ইকুইটি
জুইকুৰা জ্বলে
ক্ৰিমিনেলক পোৰে
বিচাৰ হয় ইকুইটি ল’ত
ইকুইটি ?
সমতা?
কোনে দিয়ে কাক ?
কাৰেইবা অধিকাৰ দিয়াৰ!
দিয়া আৰু লোৱাৰ খেলত
জুইকুৰা দপকৈ জ্বলে৷
জুইকুৰা জ্বলি থাকে
নাচাওঁ বুলিয়ো চকুদুটি তাত
পঢ়োঁ
মুখস্থ মাতোঁ
দিলে ডেফিটচ্‌ ইকুইটি--
অঙঠাত আইন ,অধিকাৰৰ ভ্ৰুকুটি
তথাপি
তথাপি মই আইনৰ ছাত্ৰী

আলোচনা- 
                             আলোচনাৰ বাবে প্ৰথমতে হাতত লৈছো কবি জ্যোতিমণি দেৱীৰ কবিতা “মই আইনৰ ছাত্ৰী”।
কথক কাহিনী এটাৰে কবিয়ে কবিতাৰ কাহিনীক আগুৱাই নিছে। কবিয়ে অংকণ কৰিব খোজা ছবিখন বাস্তৱ আৰু স্মৃতিৰ সংঘাতৰ মাজেৰে আগবাঢ়িছে। কবিতাৰ আৰম্ভণি “চাপৰি চাপৰ হৈ চহৰ হোৱা ঠাইত” বোলোতে আমি বুজিব পাৰো এই ঠাইত অতীজত ওখ টিলাৰ চাপৰি আছিল আৰু প্ৰকাৰন্তে ৰূপান্তৰ হৈ বৰ্তমানৰ পৰ্যায় পাইছে। কবিৰ অতীতৰ এই স্মৃতি বৰ্তমান অৱচেতনলৈ গতি কৰিছে¸ আৰু কথকে তাক বাস্তৱত উপলব্ধিৰ প্ৰয়াস কৰিছে। আজিৰ দৰে নগৰীকৰণক দিনত স্মৃতিকাতৰ হোৱাটো প্ৰায়োগিকনে?
              এই বিষয়ে কবিয়ে পোনপটীয়াকৈ নক'লেও “আজিৰ দৰে নাই গাড়ী/ভয়¸ শংকা যাতায়াতৰ অসুবিধা” পৰা কিছু আভাস ল'ব পাৰি।
               দুটা সময়ৰ পৰিবেশক কথকে তুলনা কৰি কবিতাৰ কাহিনী আগবঢ়াই নিওঁতে কবিতাই যি বাগধাৰাৰ সৃষ্টি কৰিছে সি পাঠকক আকৰ্ষিত কৰিছে। এইখিনিত এটা কথা মনকৰিবলগীয়া যে_
 সৌখন আইন কলেজ- বোলোতে আমি অতীতৰ সৈতে তুলনা কৰি বৰ্তমানৰ কথা কোৱা বুলি বুজি উঠাৰ পিছমুহূৰ্তত যেতিয়া কথকে পুণৰ কৈছে “আজিৰ দৰে নাই গাড়ী” বৰ্তমানৰ পৰা অতীতলৈ উভতনি এই পথত পাঠক উজুটি খোৱাৰ সম্ভাৱনা আছে।
                কবিতা এটাৰ শব্দ-বৰ্ণই যি আয়বিক জগত সৃষ্টি কৰে তাৰ সমান্তৰালকৈ অন্তৰ্নিহিত অৰ্থই অন্য এখন জগত সৃষ্টি কৰে। কবিতা পাঠৰ সময়ত প্ৰতিটো শব্দ-বৰ্ণই সেই জগতখনলৈহে আমাক লৈ যায় আৰু কবিতা আলোচনাৰ সময়তো সেই স্থুল জগতৰ কথাহে বেছি প্ৰায়োগিক।
              “মই আইনৰ ছাত্ৰী” কবিতাটোত বেছিভাগ শাৰীয়ে ওপৰত উল্লেখ কৰা স্থুলজগতৰ একেখিনি কথাকেই বেলেগ বেলগ শব্দৰে উপস্থাপন কৰিছে।
               “মই আইনৰ ছাত্ৰী” কবিতাটোৰ আইন(Law) মানৱ জীৱনৰ প্ৰত্যাহিক নীতি-নিয়মবোৰ বুলি ভাৱিব পাৰি। যদি এনে হয় তেতিয়া কবিতাটোত প্ৰয়োগ কৰা “মই” শব্দটো একবছন “মই”ৰ সলনি ইয়াৰ বহুবছন আমিৰ প্ৰতিনিধি হ'ব। আৰু এনে হ'লে কবিতাটো ব্যক্তিকেন্দ্ৰিক নহয় এক সাৰ্বজানীন ৰূপত প্ৰতিষ্ঠিত হ'ব।
২। #চৈয়দা আঞ্জুমআৰা হুছেইন
নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই প্ৰতিগৰাকী নাৰীৰৰ হাতত……………
তোমাৰ উৎসৰ পৰা
সৃষ্টিৰ মৌকোঁহ বৈ যাওক
বাধাৰ সীমনা থেলি
সসীমৰ পৰা অসীমলৈ
জুৰিহৈ নৈ লৈ_
নৈৰ পৰা সাগৰলৈ__
মাটিৰ পৰা আকাশলৈ
শীতলতাৰ সুখ ঢালি
উদ্দীপ্ত সূৰ্য্যহৈ _
হে নাৰী _
তুমি অনন্য
তুমি চিৰ নমস্য
যুগে যুগে দেশে দেশে_
পূৰ্ণ আকাশৰ বিশালতাৰে__
আলোচনা-
                   চৈয়দা আঞ্জুমআৰা হুছেইনৰ কবিতাটো নাৰী বিষয়ক। মানৱ সভ্যতাৰ সাংস্কৃতিক ক্ৰমবিকাশৰ ধাৰা আৰম্ভ হৈছে মানৱ সৃষ্টিৰ পৰাই আৰু সৃষ্টিৰ উৎস হ'ল নাৰী।
কবিয়ে একেখিনি কথাকেই কৈছে_
তোমাৰ উৎসৰ পৰা
সৃষ্টিৰ মৌকোঁহ বৈ যাওক
                    কবিয়ে নাৰীক পূৰ্ণ আকাশৰ সৈতে ৰিজাইছে। পূৰ্ণ আকাশ বোলাৰ লগে লগে আমি বুজি উঠিব পাৰো যে পূৰ্ণ আকাশে দৃশ্যমান আৰু পৰিদৃশ্যমান দুয়োখন আকাশকে সূচাইছে। অৰ্থাৎ নাৰী বিশাল¸ সমাজৰ নিৰ্ণয়কাৰী শক্তি।
                   কবিয়ে কবিতাটোত নাৰীক যি ভাৱে উপস্থাপন কৰিছে সাম্প্ৰতিক সময়ৰ লগত ৰিজালে ইয়াক বাস্তৱত খুউব কমেইহে দেখা যায়।
                  কবিতাটোত কোনো ধৰণৰ শিৰোনাম দেখা নগ'ল। শিৰোনাম থাকিলে কবিতাটোত নিশ্চয় কিছু প্ৰভাৱ পেলালে হয়। একেদৰে কবিতাটো লিখাৰ সময় কবিয়ে কি ক'ব আৰু কেনেকৈ ক'ব সেই বিষয়ে কিছু সচেতন হোৱাৰ থল আছিল।
৩। শেষ ঠিকনা
কবি- দেৱৰাজ কলিতা
জীৱন জীৱন
সুন্দৰ
এই জীৱন
জীৱন জীৱন
মধুময় জীৱন
একা বেকা
নদীৰ দৰেই
আমাৰ এই
মানৱ জীৱন
জনমৰ পিছত
এদিন হয় মৰণ
কোনেও নাজানা
মৃত্যুৰ পিছত
শ্মশানেই হয় এদিন
জীৱনৰ শেষ ঠিকনা।।
আলোচনা-
“শেষ কবিতা” দেৱৰাজ কলিতাৰ জীৱন বিষয়ক এটি কবিতা। কবিয়ে ক'ব খোজা কথাখিনি সহজ আৰু সৰলভাৱে কবিতাৰ আঁকাৰত প্ৰকাশ কৰিছে। জীৱনক কবিয়ে নদীৰ সৈতে তুলনা কৰি কৈছে_
একা বেকা নদীৰ দৰেই/আমাৰ এই জীৱন
জীৱন সম্পৰ্কে মানুহৰ যি ধাৰণা সেই একেই ধাৰণাকে কবিয়ে প্ৰকাশ কৰিছে।
শেষ ঠিকনাত গীতি-ধৰ্মী কবিতাৰ প্ৰভাৱ স্পষ্ট।
৪। খবৰ
কবি- মমিন বৰা
খবৰ বোৰত বিচৰাবোৰ নাপাওঁ আজিকালি
খবৰ বোৰত পাক খাই থাকে বহু দীঘলীয়া ছিগা চুলি
ছিগা চুলি -
মোৰ বুক উজাৰি ওলাই অহা
এটা ওকালি
ছিগা চুলি -
কোনো তীক্ষ্ণ হাতৰ
বৰ্বৰ কেৰামতালি
এই ইতৰ হাতোৰাত জাহ যোৱা খবৰবোৰ পঢ়াটো বৰ কষ্টকৰ
তথাপি পঢ়াটো ভাল
নিজেই আমন্ত্ৰণ কৰা পীড়াবোৰৰ
উমান লোৱাটো ভাল
অৱশ্যে বিচৰাবোৰেই পোৱাটো
খবৰৰ চৰিত্ৰ‌ও নহয়
একালত আছিল মানুহৰ খবৰ
আজিকালি খবৰৰ মানুহ
আলোচনা-
                       আলোচনাৰ বাবে শেষৰটো কবিতা হ'ল মমিন বৰাৰ “খবৰ”। খবৰ বুলিলে আমি যিকনো ঘটনা-পৰিঘটনাৰ বিষয়ে সবিশেষ বিস্তাৰ বা তাৰ ইংগিতক বুজো। অৰ্থাৎ শিৰোনামৰ পৰাই কবিতাটোৱে কোনো এক বিশাল পৰিধিৰ ইংগিত বহন কৰাৰ সম্ভাৱনা বুজিব পাৰো।
                     কবিতাৰ আৰম্ভণিৰ পংক্তিতে কবিৰ আক্ষেপৰ সুৰ প্ৰতিফলিত হৈছে। কবিৰ এই আক্ষেপ বিষন্নতাই গা কৰি উঠা মনৰ মাজত গুজৰি-গুমৰি থকা ক্ষোভৰ প্ৰকাশ। কিন্তু এই প্ৰকাশত কবিৰ সংযম আছে। গভীৰ সমবেদনাৰে কবিয়ে কৈছে_
“খবৰবোৰত বিচৰাবোৰ নাপাওঁ
আজিকালি
খবৰবোৰত পাক খাই থাকে বহু দীঘলীয়া
ছিগা চুলি”
                  এইখিনিত এটা কথা স্পষ্ট যে কবিয়ে যি বিচাৰে সেয়া খবৰত পোৱা নাযায়¸ কিন্তু আগতে সেয়া পোৱা গৈছিল। একেসময়ত পাঠকৰ মনত প্ৰশ্ন উঠিব পাৰে কবিয়ে বিচৰাবোৰ কি? কি পৰিস্থিতি সেয়া খবৰৰ পৰা নোহোৱা হ'ল?
                 এই ঘটনাপ্ৰৱাহে কবিক যন্ত্ৰণাক্লীষ্ট কৰিছে। (ছিগা চুলি/মোৰ বুকু উজাৰি ওলাই অহা/এটা ওকালি)। বৰ্হিজগতৰ এই ঘটনাই কবিমনত যি প্ৰভাৱ পেলায় তাক অন্তঃস্থ কবি কবি দুখবোধত নিমগ্ন হৈ পৰে। কবিতাটোত প্ৰতীক আৰু চিত্ৰকল্প এনে অৱস্থাৰ বাহক হিচাপে প্ৰতিফলিত হৈছে।
              কবিয়ে লাভ কৰা এই সমষ্ট যন্ত্ৰণা নিজেই আমন্ত্ৰণ কৰা বুলি কবিয়ে কৈছে আৰু তাৰ উমান লোৱাৰ আগ্ৰহো ব্যক্ত কৰিছে। এনে উমান লোৱাৰ যোগাযোগ স্থাপিত হ'লে মনত জাগি উঠিব পাৰে অনুভৱ -উপলব্ধি। তেতিয়া অধিক গভীৰভাৱে সকলো বিশ্লেষণ কৰিব পৰা যাব পাৰে।
                 কবিতাটোৰ শেষৰ শাৰী দুটাৰ শ্লেষাত্মক ইংগিত মন কৰিবলগীয়া। ই শিপা সন্ধানীচেতনাৰ ইংগিত বহন কৰিছে। “একাল” শব্দ প্ৰয়োগৰে অতীজৰ সৈতে তুলনা কৰি কবিয়ে এক আপোন সত্ত্বাক বিচাৰিছে। শেষৰ বাক্যদুটাত প্ৰয়োগ কৰা “মানুহ” শব্দ দুটাৰ প্ৰয়োগো তাৎপৰ্যপূৰ্ণ। একে শব্দ হৈও দুয়োশাৰী বাক্যত “মানুহে” ভিন ভিন অৰ্থ প্ৰকাশ কৰিছে। আৰ্থাৎ “মানুহ” ইয়াত দ্যেতানা হিচাপে ব্যৱহৃত হৈছে।
                   “খবৰ”ত অনুভূতিৰ গভীৰতা আছে। মিতব্যয়ী শব্দৰ প্ৰয়োগৰে জীৱনৰ নৃতাত্ত্বিক অনুসন্ধান কবিতাৰ মাজৰে পৰ্যবেক্ষণ কৰাত “খবৰ”ক সফল বুলিব পাৰি।
আটাইকেইগৰাকী কবিলৈ ধন্যবাদ জনালোঁ।
*************************************************************************
পাৰ্থ প্ৰতিম কলিতা
০৬-০৪-২০১৯
SHARE

About www.parthapratim.in

0 comments :

Post a Comment