(প্ৰতিজনী নাৰীৰ হাতত)
==================
.
বুজা নুবুজা বয়স এটাৰ ঠিক আলিকেঁকুৰিত
মায়ে মোক ঘৰ সাজি দিছিল
সূৰ্যৰ পৰা তিনি দিন দুৰত
এন্ধাৰত মোৰ সহবাস ।
.
.
ঠিক তেতিয়াই
গাভৰু বুকুত হেৰাই গৈছিল
মোৰ অন্তঃসত্বা প্ৰতিটো আবেলি ।
.
.
মাক সুধিছিলো কপা কপা মাতৰে
কিয় মা এই ব্যতিক্ৰম ?
কপালত হাত বুলাই মোক বুজাইছিল
অথচ আজিও নুবুজিলো
কিয় আতৰাই ৰাখিছিল তিনিদিন মৰমৰ ভাইটিৰ পৰা !
.
.
সেই তিনিদিন...
প্ৰথম দিনা ভয়ত কান্দিছিলো
নতুনত্বৰ অত্যাচাৰত ঘনে ঘনে ঘামিছিলো ।
তাৰ পিছত ভোকত চিঞৰিছিলো..
ভাইটিক নেদেখাৰ দুখত...
যন্ত্ৰণাত চটফটাইছিলো ।
তিনিদিনৰ দিনা...
উৰুলি বাৰুলিৰে ভৎৰ্সনা কৰিছিল মোক
কলগছৰ গুৰিত বহুৱাই উটুৱাই দিছিল মোৰ ইচ্ছাক ।
.
.
ইচ্ছাবোৰৰ অকাল মৃত্যুত
আজিও উজাগৰে থাকো তিনিদিন
উজাগৰে থাকে মোৰ আকাশ ।
এন্ধাৰ বোৰ বুকুত গজালি মেলে
পদুমচকাত ভাত দুগৰাহ ।
.
.
নতুনকৈ কি ক'ম
এই নিয়মবোৰেই চুলিত ধৰি চোঁচোৰাইছিল ৰাজস্বলা দ্ৰোপদীক
একবস্ত্ৰা সতীক ৰাজসভাত কৰিছিল বিবস্ত্ৰা ।
আৰু আমিবোৰ নুপুসংক বৃহন্নালা ।
.
.
তাইক নুচিবি, নুচুবি তাইক, তাইৰ চুৱা
শব্দবোৰে বুকুত হুল হৈ বিন্ধে
নিয়মবোৰে বলাৎকাৰ কৰে মাহে মাহে ।
.
.
নিয়মবোৰে সোলোকাই পেলাই দেহৰ কাপোৰ
এন্ধাৰে বক্ষত কামোৰে
চাই ৰয় সময়ে ।
.
.
শৰবিদ্ধ হৈ পৰি ৰওঁ নিয়মৰ আতিশয্যত
ভাইটিয়ে চকলেট আনে ..
ধমকত গছৰ পাত সৰে...
মোক নচুবি, নুচুবি ভাইটি
আজি মোৰ তিনিদিন ...
.
.
.
✍✍পাৰ্থ
.
বুজা নুবুজা বয়স এটাৰ ঠিক আলিকেঁকুৰিত
মায়ে মোক ঘৰ সাজি দিছিল
সূৰ্যৰ পৰা তিনি দিন দুৰত
এন্ধাৰত মোৰ সহবাস ।
.
.
ঠিক তেতিয়াই
গাভৰু বুকুত হেৰাই গৈছিল
মোৰ অন্তঃসত্বা প্ৰতিটো আবেলি ।
.
.
মাক সুধিছিলো কপা কপা মাতৰে
কিয় মা এই ব্যতিক্ৰম ?
কপালত হাত বুলাই মোক বুজাইছিল
অথচ আজিও নুবুজিলো
কিয় আতৰাই ৰাখিছিল তিনিদিন মৰমৰ ভাইটিৰ পৰা !
.
.
সেই তিনিদিন...
প্ৰথম দিনা ভয়ত কান্দিছিলো
নতুনত্বৰ অত্যাচাৰত ঘনে ঘনে ঘামিছিলো ।
তাৰ পিছত ভোকত চিঞৰিছিলো..
ভাইটিক নেদেখাৰ দুখত...
যন্ত্ৰণাত চটফটাইছিলো ।
তিনিদিনৰ দিনা...
উৰুলি বাৰুলিৰে ভৎৰ্সনা কৰিছিল মোক
কলগছৰ গুৰিত বহুৱাই উটুৱাই দিছিল মোৰ ইচ্ছাক ।
.
.
ইচ্ছাবোৰৰ অকাল মৃত্যুত
আজিও উজাগৰে থাকো তিনিদিন
উজাগৰে থাকে মোৰ আকাশ ।
এন্ধাৰ বোৰ বুকুত গজালি মেলে
পদুমচকাত ভাত দুগৰাহ ।
.
.
নতুনকৈ কি ক'ম
এই নিয়মবোৰেই চুলিত ধৰি চোঁচোৰাইছিল ৰাজস্বলা দ্ৰোপদীক
একবস্ত্ৰা সতীক ৰাজসভাত কৰিছিল বিবস্ত্ৰা ।
আৰু আমিবোৰ নুপুসংক বৃহন্নালা ।
.
.
তাইক নুচিবি, নুচুবি তাইক, তাইৰ চুৱা
শব্দবোৰে বুকুত হুল হৈ বিন্ধে
নিয়মবোৰে বলাৎকাৰ কৰে মাহে মাহে ।
.
.
নিয়মবোৰে সোলোকাই পেলাই দেহৰ কাপোৰ
এন্ধাৰে বক্ষত কামোৰে
চাই ৰয় সময়ে ।
.
.
শৰবিদ্ধ হৈ পৰি ৰওঁ নিয়মৰ আতিশয্যত
ভাইটিয়ে চকলেট আনে ..
ধমকত গছৰ পাত সৰে...
মোক নচুবি, নুচুবি ভাইটি
আজি মোৰ তিনিদিন ...
.
.
.
✍✍পাৰ্থ
0 comments :
Post a Comment