![]() |
Image Courtesy: Internet |
মোৰ শৈল্পিক দহো আঙুলিত পক্ষাঘাত হোৱাৰ আগেয়ে
হেঁপাহ এটি কবিতা লিখাৰ
যাৰ বাবে অপেক্ষাৰত পৃথিৱী
যাৰ অনুগ্ৰহত জীয়াই থাকে হেজাৰ উশাহ
.
আজন্ম হেঁপাহ আৰু ইচ্ছাৰ শিপা মেলি
শব্দৰ ৰঙা অঙঠাবোৰ দুহাত পাতি লৈছোঁ
হেৰুৱাইছো অনিত্য কণ্ঠ
বহুকেইবাৰ হেৰুৱাইছো ভৰিৰ খোজ
.
দুঃখিতৰ দুখৰে গ্ৰাথিতা বাট, বৰ পিছল
হাতে হাতে, বুকুৰ ভিতৰে বাহিৰে
কবিতাৰ ককবক
পাঞ্চালীৰ খোলা চুলি, দুঃশাষনৰ কেঁচা তেজ
.
নিমিষতে ভাগে বুকুৰ ঘৰ
ক'ত কবিতা ?
চকুৰ পতাত বিশাল শব্দ কল্পদ্ৰুম
অসহায়..
ক'ত কবিতা
সীতাৰ সোণৰ হৰিণ
.
কবিতাটো বিলাসী নহয়
নহয় বিৰতিৰ মাজৰ একাপ গৰম চাহ
সূৰ্য্যৰ দৰেই তমঃ ৰাশি
পোহৰ সন্ধানী পৃথিৱীৰ কবিতা ।
.
মোৰ শৈল্পিক দহো আঙুলিত পক্ষাঘাত হোৱাৰ আগেয়ে
এদিন এটা কবিতা লিখিম
জীৱনৰ শ্ৰেষ্ঠ অভিব্যঞ্জনাৰে
পৃথিৱীৰ আটাইতকৈ সেউজীয়া শব্দৰ শপত
এদিন সঁচাকৈয়ে এটা কবিতা লিখিম
পৃথিৱীৰ কবিতা ।
.
.
✍�পাৰ্থ
0 comments :
Post a Comment