শাওনৰ এজাক বৰষুণত
"কবিতাৰ ৰ'দ"ৰ উম লৈছিলো
নিৰ্জনতাৰ নিৰ্ভৰ ছায়াত
ঠিক জালিকটা জোনৰ তলত ।
.
.
তাৰ কাষতেই শুই আছিল কবিতা
"শইচৰ পথাৰ মানুহ"
কবিতাটো সহজ নহয়
বিপন্ন শৰীৰ
ওঁঠত
"বিভিন্ন দিনৰ কবিতা"
.
.
"সুগন্ধি পখিলা" এটাই বাৰে গাইছিল
"তোমাৰ গান"
চটিয়াইছিল " ভালপোৱা বোকাৰ মাটি" ।
.
.
হীৰুদা, মই তোমাৰ ৰ'দৰ কবিতা পঢ়িছো
পাঁচটা দশকৰ গধুৰে শব্দৰে
স্বভাৱদোষত ক'ত শব্দৰ সতে খেলিছা
সেউজীয়াতকৈও সেউজীয়াৰে সজাইছা
"কবিতাৰ ডাল পাত"
.
.
দেশে দেশে মানুহে আছে
মানুহে মানুহে আত্মা
আৰু আত্মাত বোকা মাটি
"মোৰ দেশ মোৰ প্ৰেমৰ কবিতা "
.
.
পাৰ্থ
"কবিতাৰ ৰ'দ"ৰ উম লৈছিলো
নিৰ্জনতাৰ নিৰ্ভৰ ছায়াত
ঠিক জালিকটা জোনৰ তলত ।
.
.
তাৰ কাষতেই শুই আছিল কবিতা
"শইচৰ পথাৰ মানুহ"
কবিতাটো সহজ নহয়
বিপন্ন শৰীৰ
ওঁঠত
"বিভিন্ন দিনৰ কবিতা"
.
.
"সুগন্ধি পখিলা" এটাই বাৰে গাইছিল
"তোমাৰ গান"
চটিয়াইছিল " ভালপোৱা বোকাৰ মাটি" ।
.
.
হীৰুদা, মই তোমাৰ ৰ'দৰ কবিতা পঢ়িছো
পাঁচটা দশকৰ গধুৰে শব্দৰে
স্বভাৱদোষত ক'ত শব্দৰ সতে খেলিছা
সেউজীয়াতকৈও সেউজীয়াৰে সজাইছা
"কবিতাৰ ডাল পাত"
.
.
দেশে দেশে মানুহে আছে
মানুহে মানুহে আত্মা
আৰু আত্মাত বোকা মাটি
"মোৰ দেশ মোৰ প্ৰেমৰ কবিতা "
.
.
পাৰ্থ
0 comments :
Post a Comment