![]() |
Image Courtesy: Internet |
চৌপাশে মোৰ বদনামী বায়ু
জুই হৈ জ্বলে সময়
ৰহস্যময় আদিম এন্ধাৰত
কামনা কাতৰ ৰাতি বোৰ সাৰ পায়
সাৰে থাকে অস্ফুত কেঁকনি
ময়ো সাৰে থাকো
নিসংগ চকুলো মচি
মৌন হৈ ৰওঁ আদিম শূন্যতাত
শূন্যৰটো শেষ নাই !
.
.
মই দেহোপজীৱিনী
বজাৰত মোৰ দৰদাম
চিগাৰেটৰ ধোঁৱা দেহৰ ভাঁজে ভাঁজে
মদিৰাৰ নিছাত কবৰৰ পৰা উঠি আহে
শতিকাৰ উদাসী সুৰ
ৰৈ ৰৈ বৈ যায় এধানি সেমেকা পোহৰ ।
.
.
কোন কুকুৰে কয়
আমাৰ চাৱনিত হেনো ক'লা পৰি যায়
ফাঁচীবজাৰৰ ৰঙা প্ৰেমৰ গোলাপ
অ' মদ খাওঁ আমি চকুপানী গিলিবলৈ...
নীতি নীতি শিক্ষা নিদিবি আমাক
জীয়াই থাকিবলৈ সাহস লাগে
আকাশৰ সমান মানৱীয়তা
থুই...
চাল্লা, চুৱাৰৰ জাত
পাৰ যদি চাই ল' দাপোনত নিজৰ কুৎসিত মুখ
চেঁচা পৰা চাহৰ দৰে দেহত
নষ্ট বীৰ্যৰ হেজাৰ দাগ ।
.
.
ময়ো দেখিছিলো...
স্বপ্নৰত সপোন কোঁৱৰৰ মুখ
খেৰীঘৰৰ বাঁহৰ জপনাৰে
জোনাকবোৰ থুপ খাব মজিয়াত
মিছা.. সৱ মিছা
শুকান ছাই আৰু ধোঁৱাময় পথ
খোজবোৰ চকুপানী
শেষ নোহোৱা দুখৰ বাটৰ ।
.
.
আকাশখনক এদিন বন্দী কৰা হৈছিল
বন্দী আকাশ খনে কান্দিছিল
কৰযোৰে মিনতি কৰিছিল
ভৰিত ধৰিছিল...
চৰাইবোৰ উৰিছিল ভয়ত
জুই একুৰা জ্বলি উঠিছিল কাষৰ নৈ খনত ।
.
.
আপুনি ভৱাৰ দৰে
ভোক মোৰ পুৰণি বেমাৰ নহয়
পিয়াহ মোৰ নিছা নহয়
ধুসৰ ৰাতিত প্ৰায়ে উচুপো
ভুল নুবুজিব
দেহত এতিয়া শতিকাৰ হেজাৰ ভোক
মই দেহোপজীৱিনী ।
.
.
.
✍✍পাৰ্থ
0 comments :
Post a Comment