![]() |
Image Courtesy: Internet |
কথাবোৰ সহজ নাছিল
বক্ৰৰেখাৰ দৰেই অকোৱা পকোৱা
আয়ে কান্দিছিল
পিতাই দাবীয়াইছিল
ভন্টিয়ে এমাহ স্কুললৈ নোযোৱাকৈ আছিল ।
.
.
নাম তাইৰ অপৰাজিতা চাংমাই
তাতে কি হ'ল
একেইতো মানুহ
তেজবোৰ ৰঙা
পিতাই চিঞৰিছিল
দুই এজনকৈ জুম বান্ধিছিল আমাৰ চোতালত ।
.
.
সপোনবোৰৰ এনেকৈয়ে মৃত্যু ঘটিছিল
অস্পৃশ্যতাৰ অসুখত
সাহস আৰু সততাৰ পৃথিৱীত অপৰাজিতা মোৰ জীৱন
মই বুজাইছিলো
যন্ত্ৰণাত কান্দিছিলো
লোকনিন্দাৰ অজুহাতত পিতাই ডাঠ হৈছিল
মোৰ খোজত প্ৰতিধ্বনি হৈছিল
জাত-পাতৰ উদভ্ৰান্ত কিৰিলি ।
.
.
সময়বোৰ সহজ নাছিল
বক্ৰৰেখাৰ দৰেই
অকোৱা পকোৱা
আঁত বিচাৰি বাৰে বাৰেই হেৰুৱাইছিলো বাট
চকুপানী হৈ বাজিছিল আইৰ মৰমৰ মাত ।
.
.
মই প্ৰত্যক্ষ কৰিছিলো বানৰ ঢল
বেদুইন হৈ ঘুৰি ফুৰিছিলো
পদপথত আশ্ৰয় লৈছিলো
আমাৰ এখন পৃথিৱীৰ অভাৱ
.
.
মই এতিয়াও অস্থিৰ
হাহাকাৰ কৰো বিচাৰি বিচাৰি
ক'ত পাম এটা বিশাল হাতুৰি
ভাঙিবলৈ অস্পৃশ্যতাৰ প্ৰাচীৰ ।
.
.
✍পাৰ্থ
0 comments :
Post a Comment