পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » সময়ৰ বিধ্বস্ত কবিতা

সময়ৰ বিধ্বস্ত কবিতা

Written By www.parthapratim.in on Monday, 28 November 2016 | 17:18

Image Courtesy: Internet

সময়ৰ অনিৰ্দিষ্ট যুগসন্ধিত 
আকাশৰ সীমা ক'ত?
চকুৱে ঢুকি পোৱালৈকে আকাশ
মাটি, মানুহ আৰু সেউজীয়া
বাকীবোৰ সৱ এন্ধাৰ
.
স্বপ্নস্পৰ্শিত কবিতাক বুকুত সাৱটি একেদৰেই মই আছোঁ
দেখিছোঁ আকাশৰ বুকুত অজস্ৰ মৃতদেহ
ভালপোৱাৰ দুঃসময় ।
.
কি লিখিম
কৌপিনধাৰী ফকিৰৰ মৌনতাৰ কোলাহল
নে যন্ত্ৰবত মায়াপীৰ কোলাহল নিৰ্জনতা
.
মই দেখিছো নিসংগতাৰ মাজত ডুব গৈ থকা হেজাৰটা শব্দ
শুনিছো মানুহৰ যন্ত্রণাকাতৰ চিঞৰ
অনুভৱ কৰিছো কোলাহল পৃথিৱীৰ অস্থিৰ ছাঁয়া
.
মই চিনিছো প্ৰতিখন মুখাৰ আঁৰৰ মুখ
পদ-মৰ্যদা-ক্ষমতাৰ লুভীয়া পিশাচ
যৌন ক্ষুধাৰ লালাসিত প্ৰলয়ভংগী
.
মই যন্ত্ৰণাত চিঞৰিছো, অক্ষমতাত চটফটাইছো
সময়ৰ ধূৰ্ত কুঠাৰাঘাতত চুই চাইছো মৌনতা
নিজেই গঢ়িছো আৰু ভাঙিছো পৃথিৱীৰ প্ৰতিটো শব্দ
.
এই শব্দৰেই এদিন লিখা হৈছিল পৃথিৱীৰ তেজে ধোৱা বুৰঞ্জী
লিখা হ'ব এদিন যুদ্ধত বিধ্বস্ত কবিতা
.
কি লিখিম
মই কবি পাৰ্থ
শৰীৰৰ শীৰে শীৰে তপত তেজৰ তাণ্ডৱ । 
.
✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment