পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » ওপজা দিনৰ খণ্ড চিত্ৰ

ওপজা দিনৰ খণ্ড চিত্ৰ

Written By www.parthapratim.in on Monday, 28 November 2016 | 17:10


১.
বন্ধুৰ সতে ৰাস চাৱ আহিছো । সন্ধিয়া আঠ বজাৰ পৰা বাৰ বাজিল । ঘড়ীৰ জোখাৰে ২৩ নৱেম্বৰ । মানে মোৰ ওপজা দিন । হেন সময়তে মোবাইলতো বাজি উঠিল । তোক আৰু এই সময়ত কোন ছোৱালীয়ে ফোন কৰে বে, চাল্লা চেনী । বন্ধুৰ তিপ্পনী । পকেটৰ পৰা ফোনটো উলিয়াই চালো, ফোনৰ সিটো মূৰত ওপজা দিনৰ শুভেচ্ছাৰে প্ৰিয় বান্ধৱী কাৱেৰী । এটা হাঁহিৰে তাইক থেংকু কলো । "অ' ই বেটাৰ আজি বাৰ্থ দে, পাৰ্টি দিবা লাগবো বুলি কোৱা নাই । চাল্লা কনজুচ ..
- বন্ধুত্ব
২. ৰাতিপুৱাৰ চাহৰ লগত সদায় তিনিখন শুকান ৰুটি দিয়ে । আজি ৰুটিৰ লগত পায়স আৰু পিঠা । পায়স বনাবলৈ আমাৰতো গাখীৰ নাই ( গৰু নাই ) । মাক সুধিলো । " ছাগলীৰ গাখীৰৰে বায়েৰে বনাইছে , তোৰ জন্মদিন যে"
- ভাতৃপ্ৰেম
৩. পুৱাৰ পৰা চিনাকি-অচিনাকী বহুতৰ পৰা ফেচবুক , ৱাটচএপত মেচেজ আৰু শুভেচ্ছাবাৰ্তা ।
- আন্তৰিকতা আৰু বন্ধুত্বৰ দায়িত্ব
৪. - তোমাৰ বাৰ্থ ডে কেতিয়া ?
- মোৰ 92 তে জন্ম । তোমাতকৈ এমাহ ডাঙৰ হ'ম । ডেট নকওঁ দিয়া ।
- কিয় ?
- তোমাক বুলি নহয় , বহুত আপোনজনৰ বাহিৰে কাকোৱেই নকওঁ । ফেচবুক , ৱাটচএপৰ শুভেচ্ছাবোৰ মোৰ কৃত্ৰিম যেন লাগে ।
কিছুদিন আগৰ বান্ধৱী এজনীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা এয়া । আৱেগিক নহয় , যুক্তিবাদী ছোৱালী ।
তাইৰ পৰা পোৱা আজি শুভেচ্ছা বাৰ্তাই মনত পেলাই দিলে । মই জানো এই শুভেচ্ছাবাৰ্তা কৃত্ৰিম হ'বই নোৱাৰে ।
- অভিজ্ঞতা
৫.
পাৰ্থ ,
তোমাৰ ওপোজা দিনত এপাহ বকুল,
আমোলমোলাব ওৰেটো জীৱন,
জীৱনে জীৱনৰ হাত ধৰি ফুলাব হেজাৰ খন পৃথিৱী
তোমাৰ বুকুৰ নিভৃতৰ পৰা নিভৃততম নিসংগ নিবিড় কোণত
মাজে মাজে নিৰলে নিতালে গুণগুণালে
সেই পুৰণি গাণবোৰ
সুবাসিত হব তোমাৰ কবিঘৰৰ প্ৰতিটো কোঠালী
বকুল বকুল গোন্ধ
বকুল বকুল গোন্ধ
বকুল বকুল গোন্ধ
তোমাৰ ওপোজা দিনত হেঁপাহৰ এপাহ বকুল
ইহকালৰ পৰা
পৰকাললৈ
পৰম হেঁপাহ আৰু মৰমেৰে
-দীপাংকৰ দাদা -
২৩.১১.২০১৬
কবিতা নহয় মাথো আশীষ এয়া ।
- শুভ-ইচ্ছা
৬. তই আৰু একবছৰ বুঢ়া হলি । হিঃ হিঃ হিঃ । বাৰ সৈতে লগ হৈ মা মোক জোকাই আছে ।
- আশীৰ্বাদ
৭. - পাৰ্থ , ওপজা দিনৰ বহুত শুভকামনা । তোমাৰ প্ৰতিটো সপোনেই পূৰণ হওঁক ।
প্লিজ, এনেকৈ নকবা । মোৰ প্ৰতিটো সপোন পূৰণ হ'লে আন বহুতৰে বহু সপোন ভাঙি যাব ।
- বাস্তৱতা
৮. - অ'ই , ১১ বজাত ওলাই আহিবা । লগ কৰিম ।
- ক'ত কৰিবা ?
- জু বা কলাক্ষেত্ৰ ?
- নাই নকৰোঁ দিয়া । আজি ঘৰতেই থাকিম ।
- প্ৰচণ্ড অভিমান
৯. বাৰে বাৰে ফোনটো চাইছো । কিজানি তেওঁ এটা মেচেজ দিয়েই । নাই , প্ৰতিবাৰেই নিৰাশ হওঁ । হয়তো কৰ'বাত লঘোনীয়া পেটৰে মোৰ বাবেই উপবাসে আছে , । তাই মোৰ প্ৰেয়সী নহয়, জীৱনৰ আশীৰ্বাদ । যিয়েই মোক বহুত শিকালে, বহুত দিলে । তেওঁক মনত কৰিছো বহুত , সঁচাকৈয়ে...
- আদৰ্শ ব্যক্তি
১০.
- আজি , অফিচ নগলে নহয়নে ?
- যোৱা কালিও চুটি ল'লো । আজি ললে কিছু সমস্যা হ'ব মা ।
- পৰাধীনতা
ধন্যবাদ এটিতে কেতিয়াও শেষ আন্তৰিকতাৰ সুদীৰ্ঘ পৰিক্ৰমা । তথাপিও ধন্যবাদ । সকলো ভালে থাকক, সুখী হওঁক সকলো ।
✍�পাৰ্থ
২৩/১১/২০১৬
SHARE

About www.parthapratim.in

0 comments :

Post a Comment