মোৰ আই পঞ্চাশ দশকৰ
পঢ়াশালি নগচা আইৰ দুভৰিত এয়া খৰাঙৰ চিন
কপালৰ ভাঁজত তৃতীয় বিশ্বৰ দাগ
চুলিত আউলত অভাৱৰ ফুল
মোৰ আইতো ডাইনী নহয় ।
পঢ়াশালি নগচা আইৰ দুভৰিত এয়া খৰাঙৰ চিন
কপালৰ ভাঁজত তৃতীয় বিশ্বৰ দাগ
চুলিত আউলত অভাৱৰ ফুল
মোৰ আইতো ডাইনী নহয় ।
মোৰ আই ডাইনী নহয় , নসজাব
কৰযোৰে মিনতি কৰিছো
হে মহামান্য মহাশয় সকল
মোৰ আই পঞ্চাশ দশকৰ
পিঠিৰ কুঁজত পঞ্চাশটা দশকৰ ভৰ
দুখ ঘাম শ্ৰমৰে পঞ্চাশটা বহাগ
মোৰ আই ডাইনী নহয়
কৰযোৰে মিনতি কৰিছো
হে মহামান্য মহাশয় সকল
মোৰ আই পঞ্চাশ দশকৰ
পিঠিৰ কুঁজত পঞ্চাশটা দশকৰ ভৰ
দুখ ঘাম শ্ৰমৰে পঞ্চাশটা বহাগ
মোৰ আই ডাইনী নহয়
পঢ়াশালি গচকি নোপোৱা মোৰ আয়ে কি জানে
আই যে স্বাস্থ্যকৰ সমাজৰ ব্যাধি
উঘালি চাফ কৰা ৰাজআলিৰ কাষৰ দুবৰি
পুৰণি গাঁৱতকৈও পুৰণি বোকা আইৰ চিনাকি
আই যে নহয় পাবত গজি উঠা পৰজীৱী
আই যে স্বাস্থ্যকৰ সমাজৰ ব্যাধি
উঘালি চাফ কৰা ৰাজআলিৰ কাষৰ দুবৰি
পুৰণি গাঁৱতকৈও পুৰণি বোকা আইৰ চিনাকি
আই যে নহয় পাবত গজি উঠা পৰজীৱী
আপোনালোকৰ দেওধনীৰ উদ্ভত চন্দত
নকব মোৰ আই ডাইনী
অন্ধবিশ্বাসৰ কাঠগড়াত বিশ্বাসক ওলমাই নিদিব
হানি খুচি ৰাঙলী নকৰিব আইৰ ৰ'দে পোৰা শৰীৰ
হে মহামান্য মহাশয়সকল
মোৰ আইক ডাইনী নসজাব ।
নকব মোৰ আই ডাইনী
অন্ধবিশ্বাসৰ কাঠগড়াত বিশ্বাসক ওলমাই নিদিব
হানি খুচি ৰাঙলী নকৰিব আইৰ ৰ'দে পোৰা শৰীৰ
হে মহামান্য মহাশয়সকল
মোৰ আইক ডাইনী নসজাব ।
✍�পাৰ্থ
0 comments :
Post a Comment