পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » প্ৰিয় নাৰী আৰু প্ৰিয় কবিতাৰ কিয়দংশ

প্ৰিয় নাৰী আৰু প্ৰিয় কবিতাৰ কিয়দংশ

Written By www.parthapratim.in on Saturday, 10 December 2016 | 17:25

তোমাৰ বাবে এটা কবিতা লিখিম কি লিখিম শব্দবোৰ যেন ধূপৰ ধোঁৱা নিজানতে জ্বলি শেষ হয় তাতেই বান্ধিছিলো তোমাৰ মোৰ বিশ্বাসৰ তেজী ঘোড়া তাৰ খুড়াৰ গচকত উৰিছিল ফাগুনৰ কতনা বতাহ . . এদিনাখন সম্ভৱ সিদিনা তোমাৰ ওঁঠত সান্ধ্যআইন জেঠৰ দুপৰীয়া বৰ গৰম মোৰ হাতত আছিল থামচ্ আপ তোমাৰ হাতত মাজা... . . কথা আছিল...বহু কথা অথচ প্ৰতিটো কথাৰ সমাধিত আন্ধাৰৰ আটব্য অৰন্য অৰন্যত বিলীন তোমাৰ মোৰ সুউচ্চ মৰমৰ দম্ভালি প্ৰিয় শাৰী... আৰু ভালপোৱা ৰঙৰ এযোৰ কাণফুলি . . শব্দবোৰৰ কেনেকৈ মৃত্যু হৈছিল ? তুমিহীনতাত তোমাৰ কেনেকৈ মৃত্যু হৈছিল ? এইবোৰ এখন যুদ্ধৰ নিৰস বৰ্ণনা . . প্ৰিয় নাৰী আৰু ... চিগাৰেট টানিতো পাৰ কৰিব নোৱাৰি গোটেই ৰাতি এনেকৈয়ে দুগাল তিয়াম কথা আছিল ... বহু কথা . সঁচাকৈয়ে তোমাৰ বাবে এটা কবিতা লিখিম জীৱনৰ জীয়া কবিতা । . . ✍✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment