[ প্ৰতিজন সাহিত্য পিয়াসীৰ হাতত একাঁজলি শ্ৰদ্ধাৰে....]
------------------------------------------------------------
সম্ভাষন গ্ৰহন কৰিব ।
প্ৰেমচন্দই কোৱাৰ দৰে আমিবোৰ
কলমৰ শ্ৰমিক । সাহিত্যৰ পথাৰত ভুঁই ৰুই ভালপাওঁ বা প্ৰয়াস কৰো
শাওঁনৰ বোকামাটিত ৰুই থলো সেউজীয়া কঠীয়া
বৰ্তমান নহলেও ভৱিষ্যতৰ সোনালী আশা ।
--- ৰেনুকা দাস
আমাৰ দুচকুত নতুন আশা । হৃদয়ত গুণ গুণ অলেখ সপোন । আমি
আকাশ চুব খোজো । আকাশৰ নীলাত নিজকে বিলীন কৰিব
বিচাৰো ।
মোৰ বয়সৰ তেতিয়া ৮ নে ৯ । জ্ঞান বিজ্ঞান সমিতি অসমৰ
এখন সভাত মাৰ সতে উপস্থিত আছিল । সমিতিৰ এজন সদস্যৰ
সতে আমাৰ ঘৰুৱা সম্পৰ্ক । সেই সুবাদতে মোক আবৃত্তি কৰাৰ
সুযোগ দিয়া হৈছিল । সভাত উপস্থিত আছিল শ্ৰদ্ধাৰ জগদীশ
পাটগিৰি , পৰমানন্দ ৰাজবংশী , আদ্যনাথ গোস্বামী প্ৰমুখ্যে
বিশিষ্ট লোকসকল । কবিতা আবৃত্তি কৰাৰ পিছত জগদীশ
পাটগিৰিয়ে মোক তেওঁৰ কোলাত বহুৱাই মোৰ সতে কথা
পাতিছিল । মই কবিতা লিখো কওঁতে মোক কবিতা শুনাব কৈছিল আৰু
মই নিসংকোচৰে মাতিছিলো " মোৰ মন যায় চৰাই হবলে..." ।
তেওঁ হাঁহিছিল মোক আশীৰ্বাদ দিছিল , কৈছিল যি মূলা বাঢ়ে তাৰ
দুপাততে চিন ।
লাহে লাহে ডাঙৰ হ'লো । সচাঁ মিছাৰ বিচাৰ কৰিব পৰা হলো । যি
মূলা বাঢ়ে তাৰ দুপাতত চিন নহয় । গৰু, ছাগলী আদি বহিঃশত্ৰুৰ পৰা
ৰক্ষনাবেক্ষন দিব লাগিব তাৰ পিছত তাৰ ফল বজাৰত এৰি দিব লাগিব ,
তেতিয়াহে তাৰ গুন , যশ অইনে গম পাব । এয়াই আটাইতকৈ
কষ্টকৰ ।
বিদ্যালয় পাৰ হৈ মহাবিদ্যালয় পালো । দুই এখন সভা সমিতিত যোৱা
হলো । দুই এজন বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সোভাগ্য হ'ল ।
তেওঁলোকৰ ভিতৰত শ্ৰদ্ধাৰ ড. দিনেশ বৈশ্য , সীমান্ত কলিতা ,
গোলাপ বৰবৰা, সূৰেশ কলিতা , এডৱাৰ্ড ষ্টেডি এন ছাংমা , মইনা
গোস্বামী আদি । মইনা চাৰ আৰু ছাংমা চাৰৰ সৈতে ঘনিষ্ঠতা হ'ল ।
সুযোগ পালেই সাহিত্যৰ কথা কওঁ । চাৰ হতে প্ৰেৰনা দিয়ে ।
মৰমৰে ভুলবোৰ দেখাই দিয়ে । চাৰে এদিন এটা সৰু আৰু সচাঁ
ঘটনা কৈছিল ।
" এজন কবিতা ভালপোৱা ল'ৰাৰ কাহিনী । কবিতা
তেওঁৰ জীৱন । অন্তৰৰ সমস্ত অনুভূতি তেওঁ সৃষ্টিত ঢালি দিয়ে
। কবিতাবোৰ ল'ৰা জনে সি পঢ়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা
এজন দেখুৱাই । প্ৰবক্তাজনে এনেকুৱা অভিব্যক্তি প্ৰকাশ
কৰে যে কবিতাবোৰটো একো হোৱাই নাই আৰু লিখাটো
যেন অপৰাধহে । লৰাজনে সদায়ে বহুত ভালদৰে লিখি নিয়ে
আৰু চাৰজনে সদায় অপমান কৰে । লৰাজনৰ বেয়া লাগিলেও ভাগি
পৰা নাছিল । এদিন লৰাজনে এনেই যি টি লিখি চাৰ জনক দেখাই
কলে চাৰ, এইটো অজিত বৰুৱাৰ কবিতা , মই বুজি পোৱা নাই বুজাই
দিব নেকি ?? তেতিয়া চাৰজনে কবিতাটো আগ্ৰহেৰে লৈ
কলে যে এয়া তোমাৰ সাম্যক জ্ঞানৰে ঢুকি পোৱা কবিতা নহয়
। এইটো এটা যাদুকৰী কবিতা । ল'ৰাজনে বুজি পালে চাৰজন
জধামূৰ্খ । অল্পবিদ্যা ভয়ংকাৰী ।""
ওপৰৰ কাহিনীটো সম্পূৰ্ণ সত্য । আটাইতকৈ দুখজনক কথা যে
তেনে তথাকথিত কবি/সাহিত্যিক বহুত । যিবোৰে আগমনি
লেখক বোৰক হেঁচি তেওঁলোকৰ সুপ্ত প্ৰতিভা জাগ্ৰত
হোৱাৰ আগতেই ধ্বংস কৰিব বিচাৰে । আজিৰ সমাজত এয়া
আটাইতকৈ চিন্তনীয় বিষয় যে আজিও কোনো এটা লিখনিৰ
মানদণ্ড তাত প্ৰয়োগ হোৱা শব্দ, প্ৰকাশভংগীৰ বিপৰীতে
লিখকৰ নামৰে কৰা হয় । যদি লিখকজন ডক্টৰেট ডিগ্ৰীধাৰী
হয় , যদি তেওঁ সমাজত প্ৰতিষ্ঠিত তেন্তে তেওঁ যিয়ে
নিলিখে কিয় সমাজে আদৰি লবই । কিন্তু নতুন লিখক এজনৰ লিখনি
অধিকাংশই নপঢ়ে আৰু তেনেকৈয়ে মন্তব্য দিয়ে লিখনিবোৰৰ
মানদণ্ড কম ।
ওপৰৰ প্ৰতিটো কথা সম্পূৰ্ণ সত্য । মই বুকুত হাত দি ডাঠি কব
পাৰোঁ এতিয়াও আমাৰ সমাজত লিখনিতকৈ লিখকক অধিক অগ্ৰধিকাৰ দিয়া
হয় । এজন ব্যক্তি যিমানেই বিখ্যাত নহওক কিয় আৰম্ভণি
অখ্যাতেই আছিল । মোৰ সতে এইটো কথাত চাগে
কোনো দ্বিমত নহব যে এনে তিতা-কেহাঁ অবাঞ্চিত
অভিজ্ঞতা প্ৰতিজন লিখকে লাভ কৰিছে । সকলোৱে মনৰ
তাগিদা আৰু স্বীকৃতি প্ৰাপ্তিৰ বাবেই লিখে । স্বীকৃতি নাপালে
লাহে লাহে মনৰ তাগিদাও লোপ পায় । প্ৰকাশে লিখাত অৰিহণা
যোগাই । এজন বিশিষ্ট ব্যাক্তিৰ প্ৰশংসাই এজন নতুন প্ৰজন্মৰ বহুত
আগুৱাই নিব পাৰে । সেয়ে মোৰ অনুৰোধ লিখকক সলনি
লিখনিৰ মানদণ্ডক অগ্ৰধিকাৰ দিয়াৰ ধাৰা এই ষ্টেটাচৰ পৰাই আৰম্ভ
হওঁক ।
কিছু আশা ____ কিছু প্ৰত্যাশা....
__ বিনম্ৰতাৰে....
সাহিত্যৰ পথাৰত খেতি কৰি ভালপোৱা এজন অক্লান্ত শ্ৰমিক ।
0 comments :
Post a Comment