পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » স্বাধীনতা , আমি আৰু এটা কবিতা

স্বাধীনতা , আমি আৰু এটা কবিতা

Written By www.parthapratim.in on Saturday, 13 February 2016 | 23:18

Image Courtesy: Internet



[Nasrin J Rani কবিতা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কবিতা "বিপাশা বৰা" ৰ "স্বাধীনতা আৰু আমি " পঢ়াৰ পিছত ]
----------------------------------------------------------------------------------------------------------------


স্বাধীনতা
মানে কি...
এখন দেশ আৰু এখন পতাকা
অপৰাধীৰ দৰে প্ৰতিটো খোজ
আৰু গজগজকৈ বাঢ়ি অহা এবুকু শংকা ।


আমি নাজানো স্বাধীনতাৰ সংজ্ঞা
নাজানো স্বাধীনতাৰ বতাহত কিয় বিয়পি থাকে বিষবাস্প
অকনমান ভেঁজাল উশাহৰ বৈধতাৰে
এমুঠি অন্নৰ অন্বেষণত ৰাজপথত আমাৰ ৰিক্ত জোলোঙাৰ পোহাৰ ।

আমি জানো
আমি জানো ভালদৰেই
কিমান ভোকৰ তাড়নাত শুকাই কামিহাড়ৰ ছাল
ফুটপাথো কেতিয়া হয় ডাবল তলিচাৰ মেহঙনি পালেঙ ।
আমাৰ হাঁহিৰ নাম এটুকুৰা শুকান ৰুটি
ভোকাৰ্ত পেটৰেই উৰুখা পজাঁত তৰা গনি শুই পৰো
ৰ'দ-বতাহ-বৰুষুণ আমাৰ বাবে অভিশাপ
আৰু স্বাধীনতা আশীৰ্বাদ__ বেদুইন হোৱাৰ ।


হে স্বাধীন দেশৰ প্ৰতিজন পৰাধীন
ভিৰৰ মাজত হেৰাই যোৱা আপোনজন
মৃত্যুয়ে সাৱটি নোলোৱাৰ আগেয়ে
দ-কৈ উশাহ লৈ অনুভৱ কৰকচোন
স্বাধীনতা নিশ্বাসৰ দৰেই এটা গধুৰ শব্দ ।
জীৱনৰ প্ৰত্যাহিকতাৰ আলিকেঁকুৰিত
সোধক নিজকে এবাৰ
আমি স্বাধীননে ??
SHARE

About www.parthapratim.in

0 comments :

Post a Comment