![]() |
Image Courtesy: Internet |
এথোপা ৰঙা ফুচলনিত ভোল যোৱা নাছিল মোৰ মন
ভোল যোৱা নাছিল দামী অলংকাৰ বোৰত
কামনা নকৰা মৰমবোৰে হুল হৈ বিন্ধিছিল
বোজা হৈছিল দাঙিব নোৱাৰাকৈ ৰঙা ৰিহাখন ।
ৰজনীগন্ধাৰ গোন্ধত মই আহত হৈছিলো
টোপটোপকৈ পৰিছিল চকুপানী
ওৰনিতলত মুখ ঢাকি লুকুৱাইছিলো মোক
আত্মীয়ৰ আনন্দ-উল্লাহত বিলীন হৈছিল সেমেকা উশাহ ।
নাৰ্জীফুলৰ গোন্ধ এটা কোঠাত বিয়পি পৰিছিল
যি মোৰ বাবে অচিনাকী আছিল
অচিনাকী ৰাতিৰ এন্ধাৰ
পাকলগা উচুপনি
আকাশ শূন্য কৰি গুচি অহা সময়
তোমাৰ চাগে বৰ কষ্ট হৈছে ন হিয়াৰ কোঁৱৰ ??
দুৰ্বল দেহ আৰু ভাগৰুৱা উশাহৰে কথা এটা কওঁ
জানা, আজি পুণৰ বাৰ ধৰ্ষিতা হলো
কইনা চোৱাৰ গইনাৰে যিদিনা লৈছিল
প্ৰথমবাৰৰ বাবে বুকুৰ জোখ
সেয়া আছিল প্ৰথম
তাৰপিছত কল্পনাৰে বহুবাৰ....
ক'ত আছা মোৰ হিয়াৰ কোঁৱৰ
মেলি দিয়ানা প্ৰেমৰ হাত
প্ৰেমৰ গাৰুত মুৰ থৈ এৰাতি শুম
চুমি ৰম তোমাৰ বিজলুৱা মৰম ।
মই যেতিয়া উকিয়াই উকিয়াই বাহিৰ কৰি দিম
পেটৰ ভিতৰৰ খাদ্য
শাহ আয়ে হয়তো সুধিব মৰমৰে
মুৰত হাত বুলাই ক'ব
"বোৱাৰী কেইমাহ হ'ল গা নুধোৱাৰ ?
হুমুনিয়াহে গধুৰ কৰা উশাহবোৰৰে কি কম অ' মোৰ হিয়াৰ কোঁৱৰ
পাৰ ভাঙি অহা দুখটোৱে হেচি নাৰাখিবনে মোক
কেনেকৈ ঠাই দিম অবৈধ প্ৰেমৰ বৈধতাক
তাততো তুমি নাই ।
জানা হিয়াৰ কোঁৱৰ
মই বিচৰা পৃথিৱীখন ঢুকি নাপালো মই
বিচৰা জীৱনো হেৰুৱালো
নেজানো আয়ে মোক ওপজাৰ সময়ত কি ভাৱিছিল
এদিন হয়তো ময়ো মা হ'ম
নাড়ী কাটি জন্ম দিম নতুন দিনক
মই নিবিচাৰোঁ অ' মোৰ হিয়াৰ কোঁৱৰ ।
ৰঙা দলিচাখন পাৰি দিয়া
মইও যাম তোমাৰ লগত
নিঠৰ হৈ চুই চাম সেই উচ্চতা
যি কাহানিও কামনা কৰা নাছিলোঁ ।।।
0 comments :
Post a Comment