পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.

sithi

Written By www.parthapratim.in on Friday, 22 August 2008 | 04:26

মোৰ চকুপানীয়ে মোক বাট দেখুৱাইছে
      তোমাৰ হৃদয়লৈ
       মই এদুপি এদুপিকৈ আগবাঢ়ি গৈছো
       দিবানে তোমাৰ হৃদয়ৰ দুৱাৰ খুলি ?

মৰমৰ,
         আশা কৰো বুটলি ল'বা মোৰ মৰমৰ সঁফুৰাটি । মই ক'ব নোৱাৰো মৰমৰ বুলি কবলৈ মোৰ অধিকাৰ আছেনে নাই । হয়তো নাথাকিবও পাৰে যোগ্যতা । ভুল হ'লে ক্ষমা কৰিবা ।

        তুমি বাৰু এতিয়া কেনে আছা? ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তুমি কুশলে থাকা , আৰু মই....
       এমুঠি সেউজ কোমল অনুভূতি
       অযুত আশাৰ আকাংক্ষিত তোমাৰ প্ৰেম
       আৰু এধাৰী অশ্ৰু বন্যা
        নিসংগতা সংগী মোৰ বৰ্তমানৰ

মই তোমাক বহুবাৰ দেখিছোঁ । বাট-পথত, কলেজত, কেন্টিনত অনেকবাৰ । প্ৰতিটো শ্বাস-প্ৰশ্বাসত মই অনুভৱ কৰো তোমাৰেই নাম । মই তোমাক সপোনত সদায়ে দেখো, প্ৰতিদিন, প্ৰতিনিয়ত । লক্ষজনৰ মাজত থাকিও মই তোমাৰ কথাই ভাৱো, গুনগুনাই কথা পাতো । দুচকুত ভাঁহি উঠে তোমাৰ ছবি ।

        কিবা এটা পাবৰ বাবে কিবা হেৰুৱাবই লাগিব , সেয়া মইও জানো । বহুত কিবা কিবি নহলেও মইও হেৰুৱাইছো তোমাক পাবলৈ কলেজীয়া জীৱনৰ সম্পূৰ্ণ এবছৰ , কেলেণ্ডাৰৰ জোখাৰে হিচাপ কৰিব নোৱাৰা যন্ত্ৰণাৰ দিন, বিষাদৰ ৰাতি ।

     বিদ্যা শপত , সঁচাকৈয়ে কৈছোঁ । এবছৰতকৈও অধিক হ'ল মোৰ একপক্ষীয় প্ৰেমৰ । বহু দিন ক'ব খুজিও ক'ব পৰা নাই হৃদয়ত পুঞ্জীভূত হৈ থকা গোপন কথাবোৰ । নিজৰ অজানিতে কেতিয়া বাকৰুদ্ধ হৈ পৰো নিজেই নাজানো । অজানিতে হৃদয়ত গঢ় লৈ উঠে মৌনতাৰ মালা । মোৰ ভয় হয় যদি মই নাভাৱা কিবা এটা কৈ দিয়া । যদি তুমি কৈ দিয়া যে.... বৰ ভয় লাগে।

      জীৱনৰ সঁচা ৰূপ বিচাৰি তোমাৰ কাষ চাপিছো, নিৰাশ নকৰিবা । তোমাৰ হাতৰ লিহিৰী আঙুলিৰে আঁকি দিবানে মোৰ জীৱনত ৰামধেনু ।

     মোৰ চকুত তোমাৰ প্ৰেমৰ ৰং সানি এয়া তোমালৈ চিঠি লিখিছো । চিঠিৰেই জনাব বিচাৰিছোঁ মোৰ আকুল প্ৰস্তাৱ । আশা ৰাখিছো গ্ৰহন কৰিবা ...

      ওপৰত নীলিম নিৰ্মল আকাশ
       চকু মুদিব নোৱাৰো
       চকু মুদিলৈই যদি উৰি যায়
       প্ৰেমৰ আকুল প্ৰস্তাৱ
                            তোমাৰ হৃদয় পথৰ এজন অক্লান্ত পথিক


পুনঃ মই তোমাক ভালপাওঁ । মই জানো , মোৰ বন্ধুবোৰে জানে আৰু এতিয়া তুমিও । তোমাক মই দেহৰ প্ৰতিটো সত্ত্বাৰ পৰা ভালপাওঁ , তাৰ মানে এয়া নুবুজাই যে তুমিও মোক ভালপাৱ  লাগিব । তোমাৰ মোৰ পছন্দৰ বহুতো তাৰতম্য থাকিব পাৰে । এয়া স্বাভাৱিক । সম্পূৰ্ণ সিদ্ধান্ত তোমালৈ এৰি দিছোঁ । তথাপিও আশা ৰাখিছো গ্ৰহন কৰিবা । শেষত তোমালৈ অনুৰোধ ... Please don't break my heart.

You are the queen of my heart
you are source of my inspiration
i don't know if u have
the same feelings for me
but to me the truth is that
I LOVE YOU
SHARE

About www.parthapratim.in

0 comments :

Post a Comment