পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কাতি বিহু আৰু এক বিক্ষিপ্ত চিন্তা

কাতি বিহু আৰু এক বিক্ষিপ্ত চিন্তা

Written By www.parthapratim.in on Monday, 23 October 2017 | 00:51


বিহু আমাৰ বাপতি সাহোন¸ অসমৰ জাতীয় উৎসৱ । কিন্তু এই উৎসৱ কোনে প্ৰবৰ্তন কৰিলে তাক সঠিক আৰু নিৰ্ভূলভাৱে জনা নাযায় । বিহু আৰ্যমূলীয় নে মংগোলমূলীয়- বিহুৰ উৎপত্তিক কেন্দ্ৰ কৰি প্ৰচলিত এয়া এক বিতৰ্কিত বিষয় । কিন্তু এটা কথা ষোল অনাই সত্য যে বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ - ইয়াত কোনো সন্দেহ নাই আৰু থাকিব নোৱাৰে । বিহু অসমৰ মেৰুদণ্ড । এইখিনিতে বেনুধৰ শৰ্মাই বিহু যে অসমৰ প্ৰাণ সেয়া বুজাবলৈ কোৱা মন্তব্য এটি ক'বলৈ ভাল পাম-

“বিহুটি কাৰ? পুৰণিও পুৰণি আও-পুৰণি অসম দেশৰ । যিখন দেশৰ উত্তৰ কুল-দক্ষিণ কুলৰ চৰণ যুগল বৰ-লুইত-শ্ৰীলুইত-ধনশিৰী-সোঁৱণশিৰীৰ পূণ্য তোয়াৰে ধৌত-বিধৌত; আৰ্যসকল পোনেই সোমাব নোৱাৰা বাবে যিখন দেশে মহাযান্তা নাম পাইছিল¸ যি দেশে নাম লৈছিল প্ৰাগজ্যোতিষ- য'ত ব্ৰহ্মাই প্ৰথম নক্ষত্ৰ স্ৰজন কৰিছিল¸ যিখন দেশে কামদেৱতাক পুনৰ জনম দি কামৰূপ নাম লৈ ভূ ভাগৰ ভাৰতবৰ্ষ জলমলাই আছিল¸ যাৰ সীমা কোচবিহাৰ¸ ৰংপুৰ¸ জলফাইগুৰি¸ ত্ৰিপুৰা ছেৰাই নেপাল-বিহাৰলৈ বিস্তৃত আছিল- য'ত শংকৰৰ ব্ৰাগহইৰ মহাশ্ৰম আছে¸ য'ৰ সৰোবৰৰ পাৰত হৰৰ বিশাল¸ মনোৰম পুৰী নৃত্য-গীতৰ বাদ্যভাণ্ডাৰৰে আকাশ-পাতাল মুখৰিত হৈছিল আৰু য'ৰ দেৱতা-দানৱ-কিন্নৰ প্ৰথমসকলে সেই নৃত্যগীত দিন নিৰন্তৰে অবিশ্ৰান্তে গাই আছিল আৰু কিৰাত-কুৱাচ; গন্ধৰ্ব্ব-কিন্নৰ আলৌলিক ঐতিহ্যই যিখন দেশক বিনন্দীয়া কৰি থৈছিল ¸ সেইখন দেশৰে তেজ মঙহে লাগি থকা জাতীয় উৎসৱেই বিহু” ।

  বিহু উৎসৱ অসমক ভালপোৱা প্ৰতিজন অসমীয়াৰে বুকুৰ আপোন¸ হৃদয়ৰ এফাল । লেখৰ বিহু তিনিটা- বহাগ বিহু¸ মাঘ বিহু আৰু কাতি বিহু ।

তিনিওটা বিহুৱেই কৃষিৰ সৈতে জড়িত।  যিকোনো কৃষি ব্যৱস্থাৰ সৈতে প্ৰকৃতিৰ ওতঃপোত সম্পৰ্ক থাকেই¸ গতিকে কাতি বিহুৰ সৈতেও আছে । "সূৰ্যই ইয়াৰ গতিপথত ৰাশিচক্ৰৰ কন্যা ৰাশিৰপৰা গৈ তুলা ৰাশিত প্ৰৱেশ কৰিলেই কৰ্কট সংক্ৰান্তি  বা কাতি বিহু আৰম্ভ হয়। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। ইয়াৰ প্ৰভাৱত সমগ্ৰ উত্তৰ ভাৰতত লাহে লাহে জলবায়ুৰ পৰিৱৰ্তন হ’ব ধৰে।" (Vikaspedia.in) । এনে সময়ত অসমত সূৰ্যৰ প্ৰখৰ তাপ কমি শীতৰ আৱেশ দেখা যায় । পথাৰত শালি ধানৰ খেতি শেষ হয় আৰু আহু ধানৰ বাবেও সময় নহয়গৈ । ভোগালীৰ ভোগ আৰু ৰঙালীৰ ৰং উপভোগ কৰিবলৈ কঙালীতে ফচল হ'ব আৰম্ভ কৰে । ইয়াৰ উৎপাদান বৃদ্ধি কৰিবলৈ কাতি বিহুত চাকি জ্বলাই সেৱা কৰা হয় । ভড়াল ঘৰ¸ পদুলিমুখতো চাকি জ্বলোৱা হয় । চোতালত কল-পুলি আৰু তুলসী ৰুই চাকি নৈব্যাদ্যৰে ৰাইজৰ আশীষ গ্ৰহন কৰা হয় । কোনোৱে ওখকৈ আকাশবন্তিও জ্বলাই । অঞ্চলভেদে কাতিবিহুৰ উদযাপন ভিন ভিন হয়  থুলমুলকৈ এয়াই কাতি বিহু । দৰাচলতে কাতি বিহু মুলত সম্পূৰ্ণ ধৰ্মীয় আস্হা¸ বিশ্বাস¸ পৰম্পৰাৰ আধাৰত পালিত উৎসব। মাঘ বিহু সুমিষ্ট ব্যঞ্জন উপভোগ আৰু ৰং ৰইচৰ বিপৰিতে কাতি বিহুত সম্পূৰ্ণ ধৰ্মীয় লোকাচাৰেৰে ইশ্বৰ উপাসনা কৰা হয়। কঙাল শব্দৰ অৰ্থই যদিয়ে সৰ্বহাৰা হোৱাৰ অবস্হা এটা প্ৰতিনিধিত্ব কৰে¸ তথাপিও কঙালী বিহুৰ অৰ্থ সেয়া নহয়। আচলচে বিহু হৈছে অসমীয়া জাতীয় জীবনৰ কৃষিভিত্তিক আনন্দোৎসব। বহাগৰ ৰং ধেমালী আৰু মাঘৰ মহাভোগৰ বিপৰীতে কাতি বিহুত সময়ছোৱাত সমৃদ্ধি কামনাৰে উপাসনা কৰা হেতুকে চহা লোকসকলে উপভোগ বিহীন পবিত্ৰ ভাবনাৰে পালন কৰা এই উৎসবৰ নাম কঙালী ৰাখিলে বুলি অনুভব কৰিব পাৰি।
কাতি বিহুত আন বিহু দুটাৰ দৰে আনন্দ কৰা নহয়। মাথো পবিত্ৰ ভাবেৰে এদিনীয়াকৈ পালন কৰা হয়।
তুলনামুলক ভাবে বাকী দুই বিহুৰ তুলনাত এই বিহু শ্ৰেষ্ট। কিয়নো অনাড়ম্বৰহীন ভাবে পালিত এই বিহুত ভক্তি¸ শ্ৰদ্ধা আৰু আস্হাৰ প্ৰকৃত অৰ্থ নিহিত হৈ থাকে। কৃষিভিত্তিক উৎসবৰ প্ৰকৃত যি কৃষিৰ প্ৰতি প্ৰেম¸ শ্ৰদ্ধা¸ ভক্তি কাতি সেয়া কাতি বিহুৰ যোগেৰে চহা সমাজখনৰ সংস্কৃতি স্পষ্টৰূপত প্ৰতিফলিত হৈছে।
কাতি বিহুৰ তাৎপৰ্য ইয়াতেই শেষ নহয় । বিহুৰ বৈশিষ্টই একতাৰ ডোলৰে বান্ধি ৰখা । প্ৰতীকী কলপুলি-তুলসীৰ চাৰিওপিনে ঘুৰাই ভাতৃত্ববোধ অধিক কটকটীয়া কৰে কাতিবিহুৱে । এইখিনি সময়ত পথাৰত ফৰিং প্ৰভৃতি বহু পোকৰ উপদ্ৰৱ হয়¸ সেয়ে পথাৰত চাকি জ্বলাই পোক-পৰুৱা আতৰোৱা হয় । কাতি বিহুৰ তাৎপৰ্যৰ আৰত এয়া বৈজ্ঞানিক মত থকা বুলি বিদ্বানমহলে মতপোষণ কৰে ।


বিহু মুলতঃ সামাজিক জীৱনৰ সৈতে জড়িত । অসমৰ জনসাধৰণেই বিহুক সামাজিক জীৱনযাত্ৰাৰ এক উৎকৃষ্ট কৃষ্টি ৰূপে পৰিগণিত কৰিছে । অসমত বাস কৰা জনসাধৰণে অসমীয়া (পৰিব্ৰজনৰ ফলত অহা খিনিক কোৱা হোৱা নাই) । ই কোনো জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায়ক বিচাৰ নকৰে¸ সামগ্ৰিকভাৱে সকলোকে আদৰি লয় । ই কেৱল অসমৰ ক্ষেত্ৰতে নহয়¸ সমগ্ৰ মানৱজাতিৰ বাবেই ই সত্য । গতিকে বিহু অসমীয়াৰ কৃষ্টি-সংস্কৃতি । সংস্কৃতি সদায় সুন্দৰ আৰু সত্যান্বেষী । ই সাৰ্বজনীন আৰু শ্বাশ্বত । ইংৰাজ কবি মেথিউ আৰ্নল্ড-এ কৈছিল-
“Culture looks beyond Machinery, culture hates hatred, culture has one great passion, the passion for sweetness and light. It has one even yet greater ! the passion for making them prevail. It is not satisfied till we all come to a perfect man, it knows that the sweetness and light of the few must be imperfect unless the raw and unkindled masses of humanity and touched with sweetness and light."

ইয়াৰ পৰা বুজিব পাৰি যে সংস্কৃতি সদায় যান্ত্ৰিকতাৰ উৰ্দ্ধত আৰু ঘৃণাবৰ্জিত । কিন্তু সাম্প্ৰতিক সময়ত অসমৰ বিহু যেন এই দুয়ো অশুভ শক্তিৰ ওচৰত হাৰ মনা । সংস্কৃতি ৰক্ষাৰ এই বিৰামহীন হ'ব লগা প্ৰয়াসত ঠায়ে ঠায়ে দেখা দিছে গভীৰ ব্যৱধান । সৰ্বব্যাপক আৰু সাৰ্বজনীনন বিপৰতে ই হৈ পৰিবলৈ গৈ এক ঠেক গণ্ডীৰ বাসিন্দা । গাৱঁলীয়া কৃষিভিত্তিক জীৱনেই বিহুৰ মূল উৎস যদিও অতি সম্প্ৰতি গাঁৱলীয়া জীৱনৰ পৰা ক্ৰমান্বয়ে ফালৰি কাটি বিহু হৈ পৰিছে চহৰীয়া-নগৰীয়া মধ্যবিত্তৰ জীৱনযাত্ৰাৰ আমোদ-প্ৰমোদৰ এক উৎসৱ । ৰঙালী বিহুতো কেতিয়াবাই ধন উপাৰ্জনৰ কেন্দ্ৰ আৰু ৰাজনীতিৰ মঞ্চত পৰিগণিত হ'ল¸ একেদৰে ভোগালীৰ ভোগবোৰো এতিয়া কৃত্ৰিম ভোগালীৰ জলপানতহে । ইয়াৰ বিপৰীতে অনাড়ম্বৰন ভাৱে পালিত কাতিবিহুৱেই স্বকীয়তা বোজাই ৰাখিছে । বছৰচেৰেক আগতে কাতি বিহুকো বানিজ্যকৰণৰ কাপোৰ পিন্ধাব খোজাৰ কুটিল কুছকাৱাজৰ কথা ৰিনিৰিনি মনত পৰে¸ সেইসময়ত এচাম সচেতনলোকৰ প্ৰভাৱত এয়া হৈ নুঠিল । এইফালৰ পৰা তিনি বিহুৰ ভিতৰ কাতি বিহুৰে প্ৰকৃত ৰূপ-সৌন্দৰ্য উপভোগ কৰিব পাৰি । বিশ্বায়ণ আৰু ধনসৰ্বস্ব ভোগবাদৰ সস্তীয়া ধ্যান-ধাৰণাই ৰোপন কৰা চিন্তা-চেতনাই কাতি বিহুৰ প্ৰতি আনিছে এক অৱহেলিত দৃষ্টি । অন্য নালাগে¸ অন্য বিহুত চৰকাৰী বন্ধ ঘোষণা কৰা খোদ চৰকাৰখনেই কাতি বিহুত অৰ্ধ চুটি ঘোষণা কৰাই নিশ্চয় কাতি বিহুৰ প্ৰতি থকা চূড়ান্ত অৱজ্ঞাৰ ভাৱ প্ৰকাশ কৰে । ইয়াৰ পিছত ৰাজ্যজুৰি হোৱা প্ৰতিবাদত যেনিবা সম্পূৰ্ণ চুটি ঘোষণা কৰিলে । এইখিনিতে মই গালি খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ মোৰ ধাৰণাত যিখিনি মানুহৰ প্ৰতিবাদত সেওঁমানি চৰকাৰে চুটি ঘোষণা কৰিলে ¸ তেওঁলোকৰ অধিকাংশই কাতি বিহুৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে নহয়¸ বিনা বেতনে এদিনৰ মজুৰি লবৰ বাবেহে প্ৰতিবাদ কৰিছিল । ভোগসৰ্বস্ব মানসিকতা এয়াই । এনেমানসিকতাৰ বাবেই আমৰ প্ৰাণৰ স্পন্দন বিহু হৈ পৰিছে বদনামী¸ অৱহেলিত । এই বদনাম¸ জাতি ধৰ্ম সকলো প্ৰভাৱৰ পৰা বিহুক মুক্ত কৰি বিহুক গঢ়িব লাগিব সম্প্ৰীতিৰ প্ৰতীক । তেতিয়াহে বিহুৰ প্ৰকৃত তাৎপৰ্য বাহাল থাকিব ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment