মোৰ আগৰ পোষ্টটোত লিখিছিলো জুক‘ ভেলী Dzükou Valley লৈ যোৱাৰ ৰোমাঞ্চকৰ যাত্ৰা আৰু কোনোদিনে পাহৰিব নোৱাৰা অভিজ্ঞতাৰ বিষয়ে । তাৰ পিছত বহুকেইজনে জুক‘ ভেলীলৈ কেনেকৈ যাব পাৰি তাৰ বিষয়ে জানিব আগ্ৰহ কৰিছিল । সেয়ে আজি লিখিম জুক‘ ভেলীৰ নান্দনিক ৰূপ আৰু ইয়ালৈ কেনেকৈ যাব পাৰি¸ আৰু ল'ব লগা সাৱধানতাৰ বিষয়ে ।
কল্পনা কৰকচোন¸ সাগপৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰত থকা এলানি পাহাৰ¸ আৰু তাৰ ওপৰত দুহাত মেলি এয়া আপুনি । চৌপাশে মাথো সেউজীয়া¸ সেউজীয়া আৰু সেউজীয়া । আপোনাৰ চকুৰ আগত ৫০-২০০ ফুট উচ্চতাৰ বহুকেইটা টিলা আছে । সৰু সৰু তৃণৰে ঢাক খোৱা টিলা । এটা টিলা যত শেষ হৈছে¸ তাৰ পৰাই আন এটা ওলাই আহিছে । তাৰ পিছত আকৌ এটা ¸ আকৌ এটা… । যেন পৌণঃপুনিক অংকহে ¸ বিচ্চিন্ন হ'ব নোখোজা সেউজীয়াৰ এখন সুবিশাল দলিছা । সাগৰৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰত সৰু সৰু টিলাবোৰ এনেকৈ আছে যেন ইংৰাজী বৰ্ণ ‘W’ ৰ ওলোটা ৰূপ। তাৰ মাজে মাজে মেঘবোৰে লুকাভাকু খেলে¸ ঢাকি পেলায় ¸ প্ৰকৃতিৰ মায়াসনা এখন খেল । টিলাবোৰৰ চৌপাশে আছে ওখ-বৰ এলানি পাহাৰ । পাহাৰবোৰ বাহঁজাতীয় সৰু সৰু তৃণৰে ঢাকখোৱা । মাজে মাজে বনজুইত পোৰা যোৱা পাতবিহীন গছবোৰ এনেভাৱে থিয় হৈ আছে যে সেয়া কোনো শিল্পীয়ে সজাই থোৱা ভাস্কৰ্যহে । পাহাৰৰ লুংলুঙীয়া বাটটোৰে এতিয়া আপুনি গৈ আছে । ঘাঁহবোৰে আপোনাৰ চৰণ চুইছে¸ মেঘবোৰে চুমা দিছে । চকুমুদি অনুভৱ কৰকচোন । এয়াই জুক’ ভেলী । ফুল আৰু মেঘৰ উপত্যকা জুক‘ ভেলী ।
জুক' ভেলী (Dzükou Valley) লৈ কেনেকৈ যাব
----------------------------------------------------
----------------------------------------------------
জুক‘ ভেলী নাগালেণ্ড-মনিপুৰ সীমান্তত অৱস্থিত । ফুল আৰু ডাৱৰৰ উপত্যকা জুক‘ ভেলীলৈ যোৱাতো অকনো জটিল নহয় ।
১। জুক‘ ভেলী যাবলৈ প্ৰথমতে ডিমাপুৰ যাব লাগিব (অসমৰ লোকৰ বাবে) । বিভিন্ন ঠাইৰ পৰা ডিমাপুৰলৈ ট্ৰেইন/বাছ চলিয়েই থাকে । গুৱাহাটীৰ পৰা ডিমাপুৰলৈ যোৱাৰ বাবে বাছ আৰু ট্ৰেইন ¸ দুয়োটাৰে সুবিধা আছে ।
২। ডিমাপুৰ পোৱাৰ পিছত জুক‘ যাবলৈ ডিমাপুৰ-ক‘হিমা হৈ যাব লাগে । ক’হিমা যাবৰ বাবে ডিমাপুৰ ট্ৰেইন ষ্টেচনৰ বাহিৰতে টেক্সী আদি গাড়ী পোৱা যায় । ডিমাপুৰৰ পৰা ক’হিমাৰ দূৰত্ব ৭৫ কিঃমিঃ । ৰাস্তাৰ অৱস্থা বেয়া বাবে এই দূৰত্বৰ বাবে ন্যূণতম সময় লাগিব তিনি ঘন্টা ¸ ভাড়া প্ৰতিজনৰ দুশবিশ । যদি ইশ্বৰ আপোনাৰ ওপৰত বিতুষ্ট হৈ ভূমিস্খলনৰে মূল ৰাস্তা বন্ধ কৰি দিয়ে তেন্তে সময় আৰু ভাড়া উভয়ে বৃদ্ধি হ'ব পাৰে ( আমাৰ ৫ ঘন্টা সময় আৰু ভাড়া এজনৰ তিনিশকৈ লৈছিল) ।
৩। এতিয়া আপুনি ক’হিমা পালে । ক’হিমা নাগালেণ্ডৰ ৰাজধানী । জুক’ ভেলী যাত্ৰাৰ বাবে প্ৰয়োজনীয় কিবা সামগ্ৰী কিনিবলগীয়া থাকিলে ইয়াৰ পৰা কিনি ল’ব পাৰে । খাদ্য সামগ্ৰীও ক’হিমাতে ল’ব পাৰিব । যদি আপুনি গাইডৰ প্ৰয়োজন অনুভৱ কৰে ইয়াতেই গাইড পাব¸ একেদৰে ভাড়াত ‘কেম্প’ ও ল'ব পাৰিব ।
ক’হিমাৰ পৰা জুক‘ ভেলীলৈ যোৱাৰ দুটা ৰাস্তা আছে । এটা জাখামা (Zakhama) হৈ আনটো বিশ্বামা (Visweema) হৈ । ক‘হিমাৰ পৰা বিশ্বামা হৈ যোৱা পথটোৰ মাজতেই জাখামা অৱস্থিত। গুগল মেপ অনুসৰি ক’হিমাৰ পৰা বিশ্বামাৰ দুৰত্ব ২৩ কিঃমিঃ আৰু ক’হিমাৰ পৰা জাখামাৰ দুৰত্ব ১৬ কিঃমিঃ । যদি আপুনি যাত্ৰাটো অধিক বেছি ৰোমাঞ্চকৰ কৰিব বিচাৰিছে তেন্তে জাখামা হৈ বলক । জাখামা হৈ জুক’ ভেলী বেচ কেম্প (Base camp) দুৰত্ব ৬ কিঃমিঃ । এই পথ অতিশয় থিয় আৰু মাজে মাজে পাহাৰৰ পানী পৰি থাকে বাবে অতিশয় পিছল ( অৱেশ্য এই পথৰে মই গৈ পোৱা নাই¸ শুনিছোহে) । যদি ইমান ৰিক্স ল’ব নিবিচাৰে তেন্তে আহক বিশ্বামা হৈ যাওঁ । ক’হিমাৰ পৰা বিশ্বামা ভিলেজলৈ ভাড়া লৈ ১৮০০ টকা (টেক্সীত মুঠ ৪ জন যাব পাৰি) । বিশ্বামা ভিলেজৰ পৰা জুক’ ভেলী বেচ কেম্পলৈ ৭+১১ কিঃমিঃ । যোগ (+) চিহ্ন দিয়াৰ অৰ্থ এয়া যে বহুত গাড়ী বিশ্বামা ভিলেজৰ পৰা আগলৈ যাব নিবিচাৰে¸ এনে হ'লে আপুনি মুঠ ৭+১১ কিঃমি খোজ কাঢ়িব লাগিব¸ অতিৰিক্ত ২০০ টকা দি টেক্সীক ৭ কিঃমিঃ আগলৈ অলপ নিব পাৰে ।
এতিয়া আপুনি খোজ কাঢ়িব লাগিব । কেইখোজমান কাঢ়িলেই দেখিব মেঘবোৰ নামি আহি আপোনাক সম্ভাষণ জনাইছে¸ স্বাগতম জনাইছে জুক’ ভেলীলৈ ।
৪। যদি আপুনি বিনা কষ্টৰে জুক‘ ভেলী যাব বিচাৰে তাৰ সুবিধাও নোহোৱা নহয় । জুক’ ভেলী বেচ কেম্পৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত হেলিপেডৰ ব্যৱস্থা আছে । যিকনো ব্যক্তিগত হেলিকপ্টাৰ ভাড়া লৈও আপুনি জুক‘ ভেলীলৈ যাব পাৰে ।
জুক’ ভেলীলৈ গ'লে ল'ব লগা সাৱধানতা
----------------------------------------
----------------------------------------
জুক’ ভেলী অতিশয় দূৰ্গম অঞ্চল । গতিকে সকলো সাৱধানতা অৱলম্বন কৰিহে তালৈ যোৱাতো মংগল ।
১। জুক’ ভেলী (নাগালেণ্ড) যাবলৈ সৰ্ব প্ৰথমে Inner Line Permit উলিয়াই লওঁক । Online যোগে আবেদনৰ সুবিধা আছে যদিও নাগালেণ্ড চৰকাৰে বৰ্তমানলৈ সেয়া কাৰ্যকৰী কৰা নাই ( হয়তো সোনকালেই কাৰ্যকৰী কৰিব )। অফলাইন যোগে গুৱাহাটীৰ ৰুক্মিনীগাওঁ ( ছয় মাইলৰ সমীপত¸ চচল ৰোড) ত থকা নাগালেণ্ড হাউচত গৈ উলিয়াই ল’ব লাগিব । এটা কথা ভাল যে ILP উলিয়াবলৈ ব্যক্তিজন নিজে নগ’লেও একো নাই¸ আৰু ইয়াৰ বাহে ন্যূণতম ২৪ ঘন্টাৰ প্ৰয়োজন । অৰ্থাৎ আজি আবেদন কৰিলে তাৰ পিছৰ দিনাহে ILP সংগ্ৰহ কৰিব পাৰিব ।
২। জুক’ ভেলী যোৱা যাত্ৰাত কমেও ৬-৯ ঘন্টা খোজ কাঢ়িব লাগিব । সেয়েহে যোৱাৰ আগতে অভ্যাস কৰি যোৱাতো ভাল । বহুতেই প্ৰৱল হেঁপাহত জুক’ চাৱ গৈও দেহৰ ভাগৰত আধা গৈ উভতি আহিব লগা হয় একমাত্ৰ অভ্যাস নোহোৱাৰ বাবে ।
৩। কৈছোৱেই যাত্ৰাপথ অতিশয় দূৰ্গম । ৰাস্তাত গা বেয়া লগা¸ মুৰ ঘুৰোৱা বা কটা-চিঙা কিবা হ'লেও সহায়ৰ বাবে একো নাপাব । সেয়েহে নিজৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সামগ্ৰী লৈ যাওঁক।
৪। যিমান পাৰে জোতা¸ বেগ আদি সুবিধাজনক নিব । বিশেষকৈ জোতা আৰু বেগ সুবিধাজনক হোৱাটো প্ৰয়োজনীয় । যিহেতু বেগটো পিঠিতলৈ ইমান সময় খোজ কাঢ়িব লাগিব গতিকে বেগত অধিক বস্তু নি বোজা নকৰিব । যিখনি লাগতিয়াল সেয়াহে লওঁক । আৰু জোতাৰ ক্ষেত্ৰতো ভাল ট্ৰেকিং শ্বু বা স্পোৰ্ট শ্বু পিন্ধক । অন্য ধৰনৰ শ্বু যেনে কেজুৱেল জোতা বোৰে বিপদ মাতিব পাৰে।
জুক‘ ভেলীলৈ যাওঁক আৰু প্ৰকৃতিৰ মাজত কিছু সময় কটাই আহক । আপোনাৰ যাত্ৰা শুভ হোৱাৰ কামনাৰে ।
-পাৰ্থ
0 comments :
Post a Comment