যিবোৰ সপোন¸ সপোন হৈয়ে ৰ'ল তাৰ বাবে দুখ নকৰিবা
অযথা গালি নিদিবা জীৱনক
দোষ নিদিবা জন্মক
অযথা গালি নিদিবা জীৱনক
দোষ নিদিবা জন্মক
যি জন্মই দিছে নিজাকৈ এটা জীৱন
যি জীৱনে দিছে এৰিবলৈ উশাহ
শিকাইছে সুখৰ প্ৰস্তাৱনা¸ দুখৰ উপসংহাৰ
যি জীৱনে দিছে এৰিবলৈ উশাহ
শিকাইছে সুখৰ প্ৰস্তাৱনা¸ দুখৰ উপসংহাৰ
দুখনো কি !
সুখৰেই ছায়া
যদিওবা আঠখন ঠেং
সুখৰেই ছায়া
যদিওবা আঠখন ঠেং
এই প্ৰেমৰ বাবেই আমি আকৌ জন্মিম
চৰাই হৈ আকাশত উৰিম
একেলগে গাম জীৱনৰ গান
চৰাই হৈ আকাশত উৰিম
একেলগে গাম জীৱনৰ গান
জানা মৰম¸
ভঙাটোৱেই শেষ নহয়
কুমাৰখানাত হেজাৰবাৰ ভাঙিও জী উঠে
এটা এটা মাটিৰ কলহ
ভঙাটোৱেই শেষ নহয়
কুমাৰখানাত হেজাৰবাৰ ভাঙিও জী উঠে
এটা এটা মাটিৰ কলহ
অ' মোৰ মৰম
বীজলুৱা ৰাতি এটাত আহিবিচোন এদিন
নাইবা এদিন দুপৰীয়া
বীজলুৱা ৰাতি এটাত আহিবিচোন এদিন
নাইবা এদিন দুপৰীয়া
এন্ধাৰত যে টোপনি মোৰো নাহে

0 comments :
Post a Comment