পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » , » সৃষ্টিৰ আনন্দ আৰু এক বিক্ষিপ্ত চিন্তা

সৃষ্টিৰ আনন্দ আৰু এক বিক্ষিপ্ত চিন্তা

Written By www.parthapratim.in on Saturday, 11 November 2017 | 06:44

সৃষ্টিৰ আনন্দ আৰু এক বিক্ষিপ্ত চিন্তা
আমাৰ ঘৰত সৰুৰে পৰা এক বৌদ্ধিক পৰিৱেশ আছিল । নিশাৰ আহাৰ গ্ৰহনৰ সময়তে হওঁক বা তেনে কোনো সময়ত দেউতা-মাৰ মুখৰ পৰা শুণিছিলো “সাহিত্য” শব্দটো । সাহিত্য কি বুজাৰ বয়স তেতিয়া নাছিল¸ একেদৰে নাছিল কবিতাৰ গুঢ়াৰ্থ উপলব্ধি কৰাৰ । দেউতা-মাৰ সৃষ্টিবোৰ দেখি মাথো ভাৱিছিলো ময়ো কবিতা লিখিম¸ আৰু হাতত কলম লোৱাৰে পৰা কিবাকিবি আক-বাক কৰি কৰ্মৰ পৰা ওভতি অহা সময়ত দেউতাক দেখাইছিলো¸ চিঞৰি চিঞৰি মাতিছিলো লৰা'লিৰ সৃষ্টিবোৰ । তেতিয়াই অনুভৱ কৰিছিলো সৃষ্টিৰ সজল আনন্দ¸ সজল সন্তুষ্টি ।
নৱেম্বৰ মাহৰ বাৰ্তাপখিলীৰ সূচীত “সাহিত্যৰ বিচিত্ৰ চিন্তা আৰু সৃষ্টিৰ আনন্দ” শিৰোনাম দেখি মনস্থ কৰিছিলো আখৰুৱাৰ “আলোচনীৰ কথাৰে”ৰ বাবে নিবন্ধটো নিৰ্বাচন কৰাৰ । ৰামপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আলোচনীখন পোৱা নাযায় বাবে সংগ্ৰহ কৰিব নোৱাৰিলো । অগ্ৰজ কিশোৰ দাসে নিবন্ধটোৰ ফটো প্ৰেৰণ কৰি এই অসুবিধা দূৰ কৰা বাবে তেওঁক ধন্যবাদ জনাইছো ।
নিবন্ধৰ আৰম্ভণিতে নিবন্ধ লেখক গগৈয়ে সাহিত্য দ্ৰষ্টাৰ স্বতন্ত্ৰতা সম্পৰ্কে কৈছে যে লিখকজনেই একমাত্ৰ ব্যক্তি যি আনৰ কোনো সহায় নোহোৱাকৈ অকলশৰে নিজৰ সৃষ্টিকৰ্মত ব্ৰতী হ'ব পাৰে । যিকনো বস্তু বা ব্যক্তিৰ ওপৰত আমি দুই ধৰণে নিৰ্ভৰশীল হ'ব পাৰো- প্ৰত্যক্ষভাৱে বা পৰোক্ষ ভাৱে । অন্য শিল্পৰ দৰে সাহিত্যৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ এজন ব্যক্তি সাহিত্য হ'ব পাৰে । ইয়াত প্ৰত্যক্ষ ভাৱে নিৰ্ভৰশীল নহ'লেও¸ পৰোক্ষভাৱে যথেষ্ঠ নিৰ্ভৰশীল । আমি আমাৰ কৌতুহলী মনৰে এনে একো চিন্তা কৰিব নোৱাৰো যাৰ ন্যূণতম অস্তিত্বও বাস্তৱত পোৱা নাযাব । অৰ্থাৎ আমি বাস্তৱৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল ¸ একেদৰে অগ্ৰজ ¸ সমসাময়িক লিখকৰ ওপৰত আমি নিৰ্ভৰশীল । এইখিনিতেই এটা প্ৰশ্ন মনলৈ আহে- আমি সাহিত্য ৰচনা (সৃষ্টি) কৰো কিয় ? ব্যক্তিবিশেষে ইয়াৰ উত্তৰৰ কিছু তাৰতম্য থাকিলে হয়তো সকলো এককথাত সন্মত হ'ব যে আমি লিখা এটা সম্পূৰ্ণ হোৱাৰ পিছত এক বিশেষ ধৰণৰ সন্তুষ্টি পাওঁ¸ এককথাত সৃষ্টিৰ আনন্দই আমাক যোগাই মানসিক আহাৰ । হওঁতে ই সম্পূৰ্ণ সত্য । “সংস্কৃত নন্দনতাত্ত্বিক হেমচন্দ্ৰই কৈছে “কৰোতি কীৰ্তিং প্ৰীৰ্তিং চ সাধু কাৱ্য নিষেৱণম্ ইতি¸ তথাপি প্ৰীতিৰেব প্ৰধান। ” লেখাৰ উদ্দেশ্য কীৰ্তি অথবা প্ৰীতি¸ তাৰ ভিতৰত প্ৰীতিয়েই প্ৰধান । কিন্তু এই প্ৰীতি কাৰ - লেখকৰ নে পাঠকৰ ? হয়তো এক বিৰল স্থিতিত দুয়োৰো । মই কিন্তু লিখো কেবল নিজৰ প্ৰীতিৰ অৰ্থে । স্বপ্ৰীতিৰেব প্ৰধানম্ (পাতনি¸ আজিৎ বৰুৱা- ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য)” । অৰ্থাৎ সাহিত্যৰ সৃষ্টি হ'ল মানসিক তৃপ্তিলাভৰ আহিলা । সেয়েহে আজিকোপতি সাহিত্য হৈ আছে মাথো আজৰি সময়ৰ অৱসৰ বিনোদন¸ এক নিছা । ইয়েই এক অদৃশ্য হেঙাৰ হিচাপে থিয় দি সাহিত্য প্ৰচুৰ সম্ভাৱনাময় বিশাল ক্ষেত্ৰখনক কিছু সংকুচিত কৰি ৰাখিছে ।
নিবন্ধকাৰ গগৈয়ে তেওঁৰ নিবন্ধৰ এঠাইত অভিযোগ কৰিছে যে “এনে বহু লিখক সাহিত্যিক আছে¸ যিসকলে জীৱনত কাকত-আলোচনীৰ পাতত এটাও প্ৰৱন্ধ¸ গল্প¸ কবিতা লিখা নাই । তেওঁলোকে পোনে পোনে একোখন কিতাপ প্ৰকাশ কৰি একোজন ¸সাহিত্যিক হৈ পৰে ” । অভিযোগটো প্ৰাসংগিক । অনুৰূপ অভিযোগ কিছুদিন আগেয়ে সমালোচক অভিজ্ঞান অনুৰাগেও ফেচবুকৰ পাতত কৰা আমাৰ দৃষ্টিগোচৰ হৈছিল । কথাটো আচলতে বৰ্তমান এনেকুৱা হৈ গৈছে যে একো যদি প্ৰতিভা নাই তেন্তে যশস্যাপ্ৰাপ্তিৰ বাবে হাতত কলম তুলি লৈ সাহিত্যিক হ'ব পাৰি । ইমানেই সহজনে সাহিত্যিক হোৱাৰ আদিপাঠ ?? ক'ত সময় আৰু শ্ৰমৰ ত্যাগৰ অন্তত হোৱা এজন সাহিত্যিকৰ তুলনাত বৰ্তমান একো দেখি¸ তাকো দেখি কুকুৰেও পালে একাদশীৰে হোৱা সাহিত্যিকৰ সংখ্যা চাগে সমানেই হ'ব । আৰম্ভণিতে উল্লেখ কৰা স্বতন্ত্ৰতা গুণেই ইয়াত কিছুহলেওঁ শালিতা যোগাই বুলি কব পাৰি । বৰ্তমান সময়ত লেখক সকলে সাহিত্যক মাথো জনপ্ৰিয়তাৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰা দেখা যায় । এজনে সন্দিকৈ কলেজত সাগৰিকাৰ দেখাৰ লগে লগে সকলোতে হৈ চৈ লাগি সকলোৱে সাগৰিকাৰ বিচৰা কাৰ্যই নিজৰ সম্ভাৱনাৰ দিশবোৰ বিকশিত হোৱাৰ পৰা আতৰাই ৰাখে । কিছুদিন আগেয়ে ফেচবুকৰ পাতত জনৈক বৈশ্য নামৰ ব্যক্তি এজনৰ এটা দীঘলীয়া কবিতা পঢ়িবলৈ পাইছিলো । সেইটো মই এতিয়ালৈ দেখা সকলো ধৰণৰ লিখনীৰ ভিতৰতে সৰ্বাধিক লাইক¸ কমেন্ট পোৱা কবিতা । য'ত বহুকেইজন বিশিষ্ট ব্যক্তিও লাইক/কমেন্ট কৰিছিল । কিন্তু প্ৰকৃতাৰ্থত কবিতাটো আছিল মাথো অনুভৱৰ খাৰাংখাচ দলিল¸ যি কবিতাৰ পৰা বহু যোজন দুৰত । এতিয়া কথা হ'ল ¸ প্ৰায় ২৬০০০ ব্যক্তিৰ প্ৰচন্দৰ কবিতাটোক অপচন্দ কৰা ব্যক্তি নোলাল । এতিয়া কোনো নতুন কবিয়ে পাঠকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি সেই কবিতাটোক ভিত্তি কৰি যদি কবিতা ৰচনা কৰে, তেন্তে ই এটা নতুন ধাৰা হ'ব ¸ যি ধাৰা হ'ব সম-হিত (সাহিত্যৰ) পৰা আতৰাত । সমস্যটো এইখিনিত । এনে সাহিত্য সৃষ্টিৰ বিমল আনন্দই বিভিন্নজনলৈ হতাশা কঢ়িয়াই আনে ।
সাহিত্য সৃষ্টি কৰিবলৈ সময়¸ মানসিক শ্ৰমৰ লগতে পৰোক্ষভাৱে হ'লেও অৰ্থৰ প্ৰয়োজন আছে । লিখক বা সাহিত্যিক এজনো সমাজৰে অংগ । তেওঁলোকৰো সাধৰণ এটা জীৱন থাকে¸ পৰিয়াল থাকে । এনে বহুতো প্ৰতিভাৱান লিখক আছে যিয়ে অৰ্থৰ দৈন্যতাৰ বাবে নিজৰ সৃষ্টিক প্ৰকাশ কৰিব পৰা নাই¸ আৰু কৰিলেও সঁহাৰি নাপায় ¸ আৰু ইয়ে তেওঁলোকৰ প্ৰচুৰ সম্ভাৱনাৰ হেঙাৰ হৈছে বা সম্ভাৱনাক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিছে ।
সাহিত্য সৃষ্টিৰ যি উন্মাদনা তাক সফল কৰে পাঠকৰ সঁহাৰিয়ে । লিখক এজনে সৃষ্টি কৰাৰ পৰা পাঠকৰ সঁহাৰি পোৱালৈ যি প্ৰক্ৰিয়া¸ ই বহু পৰিমানে ৰাজনৈতিক । সৃষ্টি এটা স্বীকৃতি পাবলৈ ই পাঠকৰ সঁহাৰি পাব লাগিব¸ আৰু সঁহাৰি পাবলৈ ই দৃষ্টি আকৰ্ষণ কৰিবই লাগিব । লিখকজনৰ যদি এটা ভাল সামাজিক চিনাকি থাকে¸ যদি তেওঁ সৰবৰাহী¸ তেতিয়াহে ই দৃষ্টি আকৰ্ষণ কৰিব পাৰিব¸ অন্যথা সকলোৰে বহু ভাল সৃষ্টিও সকলোৰে অলক্ষিতে¸ অগোচৰে ৰৈ যাব পাৰে । এইক্ষেত্ৰত প্ৰচাৰৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ ।
অসমত আজিকোপতি পেছাদাৰী কবি-সাহিত্যিক নাই । যদি ভুল হোৱা নাই একমাত্ৰ হীৰুদাই জীৱিকাত কবি হিচাপে লিখিছিল । ইয়াৰ আগৰ-পিছৰ সকলো সাহিত্যিকে অৰ্থনৈতিক সহায়ৰ বাবে জীৱিকা লয় আৰু ইয়াৰ গত্যন্তৰো নাথাকে । অসমত এতিয়ালৈ এনেকুৱা এখন ক্ষেত্ৰ গঢ় লৈ উঠা নাই যিয়ে এজন কবি-সাহিত্যিকক( ভ্ৰাম্যমান নাটকক বাদ দি) কেৱল তেওঁৰ সৃষ্টিৰ বাবে অৰ্থনৈতিকভাৱে সমৃদ্ধ কৰি তুলিব । লিখনি প্ৰকাশৰ নামত মাথো দুই-এখন কাকত-আলোচনীয়েহে মাননি দিয়ে । কিছুমান ব্যক্তিয়ে নিজৰ লেখা অইন আলোচনীত প্ৰকাশ নহয় বাবে নিজাকৈ আলোচনী প্ৰকাশ কৰি তাত নিজৰ লেখা প্ৰকাশ কৰে । ইয়াত বৌদ্ধিকক্ষেত্ৰলৈ অৱদানতকৈ নিজৰ লেখা প্ৰকাশ পোৱাতোহে অধিক প্ৰাসংগিক । যেতিয়ালৈ সমস্ত বিচাৰ প্ৰক্ৰিয়া নিৰ্ভেজাল আৰু সাহিত্যৰ ক্ষেত্ৰলৈ পেছাদাৰীত্ব মনোভাৱ নাহিব তেতিয়ালৈ অধিকসংখ্যক সৃষ্টিৰ আনন্দ আৰু প্ৰকাশৰ উন্মাদনা হ'ব পাঠকৰ মুৰৰ কামোৰণি স্বৰূপ ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment