পুনৰীক্ষণ (৪২) : ২৩-৩০ নবেম্বৰ, ২০১৬ : চতুৰ্থ খণ্ড
_______________________________
আখৰুৱাৰ পুনৰীক্ষণ , নৱেম্বৰ ২৩-৩০ ।
_______________________________
আখৰুৱাৰ পুনৰীক্ষণ , নৱেম্বৰ ২৩-৩০ ।
প্ৰতিটো সুন্দৰতাই একোটা কবিতা আৰু পৃথিৱীৰ প্ৰতিজন মানুহেই একোজন কবি । সকলোৰে অন্তৰৰ নিভৃত কোণত কবিতাই বাস কৰি থাকে । কাৰোবাৰ প্ৰকাশ হয় , কাৰোবাৰ অপ্ৰকাশ্যে ৰৈ যায় । হীৰুদাই কৈছিল " কবিতা হ'ল বাক্ বিশেষ , কবি হ'ল দেশ , কাল মানুহৰ চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ ।" কবিতা মুলতঃ নিৰ্মাণ , শব্দৰে নিৰ্মিত এটা ভাষাৰ শিল্প । এই শব্দ মাথো শব্দই নহয় , ই ধ্বনিও । এই ধ্বনি প্ৰতিধ্বনি হৈ ঝংকাৰিত হৈ যায় এজনৰ পৰা বহুজনলৈ । কবিতা এটাৰ সাৰ্থকতা তাতেই , য'ত কবি আৰু পাঠকৰ অনুভূতি একাত্ম হৈ পৰে । কবিৰ মনোভাৱৰ সৈতে পাঠকৰ একাত্মৰ ধাৰণা আহিলেই প্ৰয়োজন হয় অধ্যয়ন তথা আলোচনাৰ । কোনো এটা বিষয়ৰ সঠিক অধ্যয়ন ,আলোচনা , সমালোচনা অবিহনে তাৰ অন্তঃশীল আৱেগৰ সৈতে একাত্ম হ'ব নোৱাৰি । কিন্তু দুখৰ বিষয় এয়া যে যি হাৰত কবি আৰু কবিতা সৃষ্টি হৈছে তাৰ সমানুপাতিক হাৰত কবিতাৰ আলোচনা বা সমালোচনা হোৱা দেখা নাযায় । এইক্ষেত্ৰত আখৰুৱা পৃথক । আখৰুৱাৰ অবিদিত এই কৰ্ষনে নিসন্দেহে অসমীয়া সাহিত্যৰ কিছু হ'লে বিকাশ সাধিব বুলি বিশ্বাস । এই চেগতে সমুহ আখৰুৱানলৈ বিশেষকৈ প্ৰশাসকদ্বয়লৈ ধন্যবাদ জনাইছো । আখৰুৱাৰ কবিসকলো সৃজনশীল, মননশীল , বিচিত্ৰ ভাৱনাৰ ন ন আংগিকৰে সজাই পৰাই একোটা একোটা সুখপাঠ্যৰে আখৰুৱাৰ মজিয়া জীপাল কৰি আহিছে । নৱেম্বৰৰ শেষ সপ্তাহতো ইয়াৰ ব্যতিক্ৰম দেখা নগ'ল । মুঠ ১৬ টা কবিতাৰ মাজৰ পৰা চাৰিটা কবিতা আলোচনাৰ বাবে আমি বাচনি কৰিলো । আমি নবীন । "সমালোচকো সমালোচনাৰ উৰ্ধত নহয় " আপ্তবাক্য শাৰী শিৰোগত কৰিয়েই আলোচনালৈ আগবাঢ়িলো ।
আলোচনাৰ বাবে লোৱা কবিতা আৰু কবি সমূহ হ'ল
আলোচনাৰ বাবে লোৱা কবিতা আৰু কবি সমূহ হ'ল
১. অকপট স্বীকাৰোক্তি- অংকুৰ শইকীয়া
২. অপেক্ষাৰ আকূতি- যুগল কিশোৰ দাস
৩. প্ৰশ্ন- মধু এম কলিতা
৪. শেষ ডিচেম্বৰ- ৰাজীৱ ডেকা
২. অপেক্ষাৰ আকূতি- যুগল কিশোৰ দাস
৩. প্ৰশ্ন- মধু এম কলিতা
৪. শেষ ডিচেম্বৰ- ৰাজীৱ ডেকা
১. অকপট স্বীকাৰোক্তি
কবি: অংকুৰ শইকীয়া
কবি: অংকুৰ শইকীয়া
মই তোমাক সদায়ে দেখো
তোমাৰতো আহৰি নাই মোক চোৱাৰ
উথলি পাৰ ভাঙি গতি কৰা
ব্যস্ত সময় ব্যস্ত দিন তোমাৰ ৷
তুমি শুনিছা জানো
কেতিয়াবা হৃদয়ৰ নিজম বনত
বাঁহীৰ প্ৰাচীন গুণগুণনি এটি ৷
নাই একোকে ক’ৱ নোৱাৰা তুমি
সেয়েহে তুমি নকবা
মই তোমাক জানো বুলি
নতুবা এবাৰত জোনটি ঢাকি আকাশখন নিজৰ কৰি সাৱটি নলবা ৷
আচলতে,
মই যোৱা বাটটিত কুঁৱলীৰ মাজেৰে ছাঁয়া এটি হৈ ৰোৱা
শৰতৰ শুকান পাতবোৰ বতাহত উটি ভাঁহি
আধা-কেঁচা আধা-পকা সপোন এটিৰে অথিৰ-অবিৰ হোৱা....
তথাপি তুমি কৈছা
মই তোমাক চিনি পাওঁ
যদিওঁ তোমাৰ মৌন প্ৰতিবাদত একোৰা তুঁজ জুই জ্বলিছে
সেইয়াও এটি মাথোঁ
সেমেকা ওঁঠত সৰি পৰা সুখ-দুখৰ একোটি সংলাপ ৷
তুমি জানো বুজি পোৱা
কি বেদনা
কি জীৱন ভঙাৰ বিজুলীবান ?
নুবুজা নাই নালাগে বুজিব
তোমাৰ জিৰণি নাই
ব্যস্ত সময় ব্যস্ত দিন .....
তেজৰঙা হৈ পৰিব এটি এটি সন্ধ্যা
আৰু বিবৰ্ণ চকুহাল....
যাযাবৰী হৈ এজাক ধুমুহা-বৰষা নামি আহিছিল বুকুলৈ ৷৷
তোমাৰতো আহৰি নাই মোক চোৱাৰ
উথলি পাৰ ভাঙি গতি কৰা
ব্যস্ত সময় ব্যস্ত দিন তোমাৰ ৷
তুমি শুনিছা জানো
কেতিয়াবা হৃদয়ৰ নিজম বনত
বাঁহীৰ প্ৰাচীন গুণগুণনি এটি ৷
নাই একোকে ক’ৱ নোৱাৰা তুমি
সেয়েহে তুমি নকবা
মই তোমাক জানো বুলি
নতুবা এবাৰত জোনটি ঢাকি আকাশখন নিজৰ কৰি সাৱটি নলবা ৷
আচলতে,
মই যোৱা বাটটিত কুঁৱলীৰ মাজেৰে ছাঁয়া এটি হৈ ৰোৱা
শৰতৰ শুকান পাতবোৰ বতাহত উটি ভাঁহি
আধা-কেঁচা আধা-পকা সপোন এটিৰে অথিৰ-অবিৰ হোৱা....
তথাপি তুমি কৈছা
মই তোমাক চিনি পাওঁ
যদিওঁ তোমাৰ মৌন প্ৰতিবাদত একোৰা তুঁজ জুই জ্বলিছে
সেইয়াও এটি মাথোঁ
সেমেকা ওঁঠত সৰি পৰা সুখ-দুখৰ একোটি সংলাপ ৷
তুমি জানো বুজি পোৱা
কি বেদনা
কি জীৱন ভঙাৰ বিজুলীবান ?
নুবুজা নাই নালাগে বুজিব
তোমাৰ জিৰণি নাই
ব্যস্ত সময় ব্যস্ত দিন .....
তেজৰঙা হৈ পৰিব এটি এটি সন্ধ্যা
আৰু বিবৰ্ণ চকুহাল....
যাযাবৰী হৈ এজাক ধুমুহা-বৰষা নামি আহিছিল বুকুলৈ ৷৷
অকপট স্বীকাৰোক্তিত কবি শইকীয়াই এজন সঁচা হৃদয়বান প্ৰেমিকৰ সৰল আক্ষেপৰ এখন ছবি অংকন কৰিছে । কবিৰ অনুভূতিপ্ৰৱণ চেতনালব্ধ হৃদয়ৰ আভ্যন্তৰত বিচৰণ কৰি ফুৰা আক্ষেপক অকপটে স্বীকাৰ কৰিছে । কবি প্ৰেয়সীৰ দ্বাৰা উপেক্ষিত । প্ৰেয়সীৰ ব্যস্ততা, মৌনতাই কবিৰ হৃদয়ত তুঁহ জুইৰ দৰে উমি উমি জ্বলে । যান্ত্ৰিকতাৰ খামখুমীয়াত বাট হেৰুওৱা প্ৰেয়সীক কবিয়ে সুধিছে
তুমি শুনিছা জানো/কেতিয়াবা হৃদয়ৰ নিজম বনত/বাঁহীৰ প্ৰাচীন গুণগুণনি এটি ।
কবিৰ অতীন্দ্ৰিয় প্ৰেমৰ বিষাদগাৰ আক্ষেপে হ'ল "অকপট স্বীকাৰোক্তি" । কবিতাটোত বৰ্ণনৰ ক্ষেত্ৰত কিছু বৰ্ণনা বেছি হোৱা যেন বোধ হৈছে । সহজ সৰল শব্দৰে সৃষ্ট এই কবিতা এটা সুন্দৰ সুখপাঠ্য ।
******
২. 《অপেক্ষাৰ আকূতি》
কবি: যুগল কিশোৰ নাথ
কবিৰ অতীন্দ্ৰিয় প্ৰেমৰ বিষাদগাৰ আক্ষেপে হ'ল "অকপট স্বীকাৰোক্তি" । কবিতাটোত বৰ্ণনৰ ক্ষেত্ৰত কিছু বৰ্ণনা বেছি হোৱা যেন বোধ হৈছে । সহজ সৰল শব্দৰে সৃষ্ট এই কবিতা এটা সুন্দৰ সুখপাঠ্য ।
******
২. 《অপেক্ষাৰ আকূতি》
কবি: যুগল কিশোৰ নাথ
আমি জানো
এদিন আহিব কৃষ্ণ
নীলা মুখ, ৰঙা ওঁঠৰ কৃষ্ণ ।
আমি ৰৈ আছিলো।
তেতিয়াও আমি বন্দী,
এতিয়াও আমি বন্দী।
বৃদ্ধ ন্যুব্জ দেহেৰে
কালাতীত সত্যক সাৱতি
আমি সহস্ৰ শতিকাৰ বসুদেৱ-দৈৱকী ।
ক'ত লুকাই আছে যোগমায়া?
শিলৰ হেঁচাত
আঙুলিবোৰ আমাৰ ফাটিছে।
আচাৰি আচাৰি
থুকুচি থুকুচি
আমাৰ বুকুবোৰ
কোনোবাই ভাঙিছে।
.................... অথচ
আমি ৰৈ আছো,
কৃষ্ণ আহিব।
আমাৰ চকুৰ তলিত
নিমখৰ পুখুৰী ।
কৃষ্ণ আহিব
বুঢ়া কদমৰ পৰা জঁপিয়াই
আমাৰ চকুৱেদি
কুৰুকি কুৰুকি সোমাই
চাকি চাবহি
আমাৰ বুকুৰ কৌটিকলীয়া
নিমখীয়া পানী...
কৃষ্ণ । দ্বাপৰ যুগত সমাজৰ অসূয়া শক্তি বিনাশিবলৈ জন্ম লোৱা ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ । এতিয়া চৌদিশে অন্যায়-অবিচাৰ, হিংসা-প্ৰতিহিংসাৰে জৰ্জৰিত । এনে পৰিস্থিতিৰ পৰিত্ৰাণ পাবলৈ কবি চিন্তনীয় । কোনো দৈৱিক শক্তি ধৰালৈ আহি ইয়াক নিৰ্মূল কৰিব বুলি কবিৰ বিশ্বাস । কবিৰ বিশ্বাস স্পষ্ট হৈছে এইদৰে
আমি জানো
আহিব এদিন কৃষ্ণ
নীলা মুখ , ৰঙা ওঁঠৰ কৃষ্ণ
এদিন আহিব কৃষ্ণ
নীলা মুখ, ৰঙা ওঁঠৰ কৃষ্ণ ।
আমি ৰৈ আছিলো।
তেতিয়াও আমি বন্দী,
এতিয়াও আমি বন্দী।
বৃদ্ধ ন্যুব্জ দেহেৰে
কালাতীত সত্যক সাৱতি
আমি সহস্ৰ শতিকাৰ বসুদেৱ-দৈৱকী ।
ক'ত লুকাই আছে যোগমায়া?
শিলৰ হেঁচাত
আঙুলিবোৰ আমাৰ ফাটিছে।
আচাৰি আচাৰি
থুকুচি থুকুচি
আমাৰ বুকুবোৰ
কোনোবাই ভাঙিছে।
.................... অথচ
আমি ৰৈ আছো,
কৃষ্ণ আহিব।
আমাৰ চকুৰ তলিত
নিমখৰ পুখুৰী ।
কৃষ্ণ আহিব
বুঢ়া কদমৰ পৰা জঁপিয়াই
আমাৰ চকুৱেদি
কুৰুকি কুৰুকি সোমাই
চাকি চাবহি
আমাৰ বুকুৰ কৌটিকলীয়া
নিমখীয়া পানী...
কৃষ্ণ । দ্বাপৰ যুগত সমাজৰ অসূয়া শক্তি বিনাশিবলৈ জন্ম লোৱা ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ । এতিয়া চৌদিশে অন্যায়-অবিচাৰ, হিংসা-প্ৰতিহিংসাৰে জৰ্জৰিত । এনে পৰিস্থিতিৰ পৰিত্ৰাণ পাবলৈ কবি চিন্তনীয় । কোনো দৈৱিক শক্তি ধৰালৈ আহি ইয়াক নিৰ্মূল কৰিব বুলি কবিৰ বিশ্বাস । কবিৰ বিশ্বাস স্পষ্ট হৈছে এইদৰে
আমি জানো
আহিব এদিন কৃষ্ণ
নীলা মুখ , ৰঙা ওঁঠৰ কৃষ্ণ
এনে এজন ত্ৰাণকৰ্তাৰ বাবে অতীজৰে পৰা এতিয়ালৈ ৰৈ আছো আমি । সাম্প্রতিক সময়ৰ সমাজৰ অসহায়তাৰ ৰূপটো কবিয়ে সচেতনতাৰে প্ৰকাশ কৰিছে ।
অসহায় হ'লে কবি আশাবাদী । দুখ-সংঘাতত জৰ্জৰিত হলেও বিশ্বাস ৰাখিছে এদিন কৃষ্ণ আহিব ।
***
৩. "প্ৰশ্ন"
কবি: মধু এম কলিতা
অসহায় হ'লে কবি আশাবাদী । দুখ-সংঘাতত জৰ্জৰিত হলেও বিশ্বাস ৰাখিছে এদিন কৃষ্ণ আহিব ।
***
৩. "প্ৰশ্ন"
কবি: মধু এম কলিতা
প্ৰায় একে সময়তে বাজিছিল
মছজিদৰ আজান আৰু
মন্দিৰৰ ঘণ্টা ধ্বনি
যেন এক প্ৰতিযোগিতা
এতিয়া
মই ক'ত বিচাৰিম তেওঁক?
সকলোকে সুধিলোঁ
প্ৰতিজন ঈশ্বৰ সন্ধানীৰ উত্তৰত
প্ৰতিটো প্ৰশ্নসূচক চাৱনিত
মই পঢ়িব পাৰিছিলোঁ
এক হতাশবোধ।
সম্ভৱতঃ এতিয়া ঈশ্বৰেও বাছি লৈছে
আত্মগোপনৰ সহজ পথ !
কিন্তু কিয় ?
এই প্ৰশ্ন এইবাৰ মই মোক কৰিলোঁ !
মছজিদৰ আজান আৰু
মন্দিৰৰ ঘণ্টা ধ্বনি
যেন এক প্ৰতিযোগিতা
এতিয়া
মই ক'ত বিচাৰিম তেওঁক?
সকলোকে সুধিলোঁ
প্ৰতিজন ঈশ্বৰ সন্ধানীৰ উত্তৰত
প্ৰতিটো প্ৰশ্নসূচক চাৱনিত
মই পঢ়িব পাৰিছিলোঁ
এক হতাশবোধ।
সম্ভৱতঃ এতিয়া ঈশ্বৰেও বাছি লৈছে
আত্মগোপনৰ সহজ পথ !
কিন্তু কিয় ?
এই প্ৰশ্ন এইবাৰ মই মোক কৰিলোঁ !
আদিম কালত মানুহে বনৰীয়া জন্তুৰ দৰে বাস কৰিছিল । মানুহৰ মাজত মানৱীয় প্ৰমূল্যবোধ আৰু ঐক্য , সম্প্ৰীতি বোজাই ৰাখিবলৈ পোষণ কৰা হ'ল ধৰ্মৰ ধাৰণা । কিন্তু সময়ৰ অগ্ৰগতি হ'লেও গোড়ামীতাৰ প্ৰভাৱত সমাজত ঐক্য বেছিকৈ বিনষ্ট হৈছে , সংকীৰ্ণতাই আৱৰি ধৰিছে চৌপাশ । ধৰ্মৰ বাবেই বাঢ়িছে হিংসা-প্ৰতিহংসা, ভেদাভেদ । ধৰ্মৰ মূল উদ্দেশ্যৰ পৰা অন্যফালেৰে গতি কৰিছে তথাকথিত ধৰ্মৰ সোঁত । সমাজ এখন মানৱীয়তাৰে পৰিপূৰ্ণ কৰিবলৈ মানুহৰ মাজত মানৱীয় গুণৰাজিৰ বিকাশ হোৱাটো প্ৰয়োজনীয় । প্ৰতিযোগিতামূলক বৰ্তমান ধৰ্মৰ দৌৰত কবি চিন্তিত হৈছে । এইখিনিতেই কবিৰ সৱল মানসিক ব্যক্তিত্ব স্পষ্ট হৈ পৰে । গোড়ামীৰ বিপৰীতে যৌক্তিকভাৱে তেওঁ নিৰীক্ষণ কৰিছে ।
সকলোকে সুধিলো
প্ৰতিজন ইশ্বৰৰ সন্ধানীৰ উত্তৰত
প্ৰতিটো প্ৰশ্নবোধক চাৱনিত
মই পঢ়িব পাৰিছিলো
এক হতাশবোধ
সকলোকে সুধিলো
প্ৰতিজন ইশ্বৰৰ সন্ধানীৰ উত্তৰত
প্ৰতিটো প্ৰশ্নবোধক চাৱনিত
মই পঢ়িব পাৰিছিলো
এক হতাশবোধ
ঈশ্বৰৰ সন্ধান কৰাবোৰেও যেন ক্ৰমশঃ বাস্তৱক হৃদয়ংগম কৰি বুজি উঠিছে মূল সুঁতিৰ পৰা বিচ্ছিন্নতাৰ কথা । তেওঁলোকৰ অসহায় , হতাশাৰ চকু কবিয়ে স্পষ্টকৈ দেখিছো ।
কবিতাটোৰ সামৰণিৰ ব্যঞ্জনা লক্ষণীয় । চিত্ৰকল্প , শব্দৰ সঠিক উপস্থাপনে কবিতাটোৰ মাদকতা বঢ়াই তুলিছে ।
***
৪.
শেষ ডিচেম্বৰ
কবি: ৰাজীৱ ডেকা
***
৪.
শেষ ডিচেম্বৰ
কবি: ৰাজীৱ ডেকা
শীতৰ এই শূন্য ষ্টপত ৰৈ গৈছোঁ মই
কেলেণ্ডাৰত শেষ ডিচেম্বৰ।
বিদায়ত বুৰাই এই চহৰ
শুভকামনা উপচা বাটেৰে গুচি গৈছা তুমি
সকলো কাহিনীৰে থাকে জীৱনৰ দৰে জীৱন
ভাল বেয়া- একো এটাই ইয়াত নহয় স্থায়ী
সময় নিজেই বিদায়ৰ অনুৰাগী
লাহে লাহে তুমিও হালধীয়া পাত এটি হ'বা
বতাহক ভয় কৰিবা বৰষুণকো
চকু মুখত পৰিব কুঁৱলিৰ দাগ
এদিন শীতে চিঙিব খুজিব তোমাকো
এইয়াওটো এক সত্য
বেলি ডুবাৰ পৰত ঘাটৰ এচটা শিলত
আমি ৰৈ আছিলোঁ ঘুৰি নহা নাওঁবোৰলৈ
চৰাইবোৰ বিন্দু বিন্দু হৈ পমি গৈছিল দুৰৰ মেঘত
এনেকৈ চকুতেই উৱলিব এলবামৰ সকলো ছবি
যোৱাৰাতিৰ সপোনৰ দৰে হেৰাই যাব বহু প্ৰিয় কথা
সোৱৰণি যে সকলোৰে শেষ ঠিকনা
যাত্ৰা দীঘলীয়া হওঁক নহওক
আকৌ ল'গ পাওঁ অথবা নাপাওঁ
শেষটো হ'বই ক'ৰবাত গৈ গৈ
আৰুনো কিমান পৰ
তুমিওটো ৰৈ যাবা কোনোবাটো শূন্য ":ষ্টপত অকলে
যিদিনা আহিব তোমাৰ পৃথিৱীলৈও শেষ ডিচেম্বৰ ।
কেলেণ্ডাৰত শেষ ডিচেম্বৰ।
বিদায়ত বুৰাই এই চহৰ
শুভকামনা উপচা বাটেৰে গুচি গৈছা তুমি
সকলো কাহিনীৰে থাকে জীৱনৰ দৰে জীৱন
ভাল বেয়া- একো এটাই ইয়াত নহয় স্থায়ী
সময় নিজেই বিদায়ৰ অনুৰাগী
লাহে লাহে তুমিও হালধীয়া পাত এটি হ'বা
বতাহক ভয় কৰিবা বৰষুণকো
চকু মুখত পৰিব কুঁৱলিৰ দাগ
এদিন শীতে চিঙিব খুজিব তোমাকো
এইয়াওটো এক সত্য
বেলি ডুবাৰ পৰত ঘাটৰ এচটা শিলত
আমি ৰৈ আছিলোঁ ঘুৰি নহা নাওঁবোৰলৈ
চৰাইবোৰ বিন্দু বিন্দু হৈ পমি গৈছিল দুৰৰ মেঘত
এনেকৈ চকুতেই উৱলিব এলবামৰ সকলো ছবি
যোৱাৰাতিৰ সপোনৰ দৰে হেৰাই যাব বহু প্ৰিয় কথা
সোৱৰণি যে সকলোৰে শেষ ঠিকনা
যাত্ৰা দীঘলীয়া হওঁক নহওক
আকৌ ল'গ পাওঁ অথবা নাপাওঁ
শেষটো হ'বই ক'ৰবাত গৈ গৈ
আৰুনো কিমান পৰ
তুমিওটো ৰৈ যাবা কোনোবাটো শূন্য ":ষ্টপত অকলে
যিদিনা আহিব তোমাৰ পৃথিৱীলৈও শেষ ডিচেম্বৰ ।
কবিতাটো পঠনৰ সময়ত মগজুত ক্ৰিয়া কৰিছিল হীৰুদাৰ এটা যুগমীয়া কবিতা "মৃত্যুৱো এটা শিল্প" । জীৱনৰ আটাইতকৈ ডাঙৰ সত্য অথচ নিষ্ঠুৰ । অথচ এয়া আমাৰ কাংক্ষিত নহয় তথাপিও প্ৰতিপল আমি গতি কৰি আছো মৃত্যুৰ কাষলৈ । মৃত্যুৰ এই চিৰন্তন সত্যকে কবিয়ে প্ৰকাশ কৰিছে । প্ৰতিটো যাত্ৰাৰে এটা পৰিসমাপ্তি থাকে । এই নিৰ্ঘাত সত্যক আমি কোনোৱেই নুই কৰিব নোৱাৰো । আজিৰ বাস্তৱ অহাকালি স্মৃতি হৈ যায় । লাগিলে সেয়া মধুৰে হওঁক বা বিষাদী । কবিয়ে জানে সময় নিজেই বিদায়ৰ অনুৰাগী । সদ্যোজাত শিশুৰ কোমল হাঁহিতো থাকে বাৰ্ধক্য অহাৰ ইংগিত । হালধীয়া হোৱাৰ সময়ত উপস্থিত হৈ কবিয়ে উপলব্ধি কৰিছে এদিন প্ৰিয়াৰো শৰীৰ হালধীয়া হ'ব । সময়ৰ বালিত মাথো ৰৈ থাকিব সোঁৱৰণি ।
জীৱনৰ চিৰন্তন সত্য উপলব্ধিৰে কবি অতিশয় ভাবুক আৰু শোকাতুৰ হৈ পৰিছে ।
আৰুনো কিমান পৰ
তুমিওটো ৰৈ যাবা কোনোবাটো শূন্য ষ্টপত অকলে
যিদিনা আহিব তোমাৰ পৃথিৱীলৈও শেষ ডিচেম্বৰ ।
জীৱনৰ চিৰন্তন সত্য উপলব্ধিৰে কবি অতিশয় ভাবুক আৰু শোকাতুৰ হৈ পৰিছে ।
আৰুনো কিমান পৰ
তুমিওটো ৰৈ যাবা কোনোবাটো শূন্য ষ্টপত অকলে
যিদিনা আহিব তোমাৰ পৃথিৱীলৈও শেষ ডিচেম্বৰ ।
"শেষ ডিচেম্বৰ" সত্যসন্ধানী জীৱনবোধৰ কবিতা । গভীৰ পৰ্যাবেক্ষণৰে কবিয়ে বচা বচা শব্দৰে কবিয়ে প্ৰকাশ কৰিছে জীৱন, যৌৱন, প্ৰেম , সুখ-দুখ, প্ৰকৃতিৰ ৰহস্যময় ছবি ।
আটাইকেইগৰাকী কবিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।
আটাইকেইগৰাকী কবিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।
0 comments :
Post a Comment