পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা- 9

কবিতাৰ আলোচনা- 9

Written By www.parthapratim.in on Saturday, 3 March 2018 | 05:05

পুনৰীক্ষণ-কাব্য (৫৭) : আখৰুৱা : literati গোটৰ পৰ্যালোচনাৰ শিতান
দ্বিতীয় খণ্ড : ৮-১৫ ফেব্ৰুৱাৰী, ২০১৮
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
------------------------------------------------------
সাম্প্ৰতিক সময়ত অসমীয়া কাব্যজগতত বহুতো কবিয়ে বিভিন্ন মাধ্যমৰে আত্মপ্ৰকাশ কৰি আহিছে। ইয়াৰ সমানুপাতিক হাৰত কবিতাৰ বাদ-বিবাদো বৃদ্ধি পাই আহিছে। সাম্প্ৰতিক সময়ত অসমীয়া কাব্যজগত যিমান হতাশাজনক বুলি ভৱা হয়¸ দৰাচলতে সিমান নহয় বুলি ভাবোঁ। ইয়াৰ পৰিৱৰ্তে সাম্প্ৰতিক সময়ত অসমীয়া কবিতাই তীব্ৰ সামাজিক আলোড়নৰ মুখামুখি হৈ এক জাগৰণৰহে সৃষ্টি কৰিছে। আমি এতিয়াও কবিতাৰ মান নিৰূপণৰ বাবে পূৰ্বজ কবিৰ কবিতাকে ভিত্তি হিচাপে গ্ৰহন কৰি আছোঁ। আমাৰ এই অতীত-প্ৰীতিৰ প্ৰভাৱৰ বাবে বহুক্ষেত্ৰত সাম্প্ৰতিক কবিতাৰ মান নিৰূপণৰ বাবে পূৰ্বজ কবিতাক ভিত্তি হিচাপে লোৱা কাৰবাৰটো সাম্প্ৰতিক কবিতাৰ বাবে এক অন্যায় বুলি ভাবোঁ।
গতিয়েই জীৱন। সমাজ-সংস্কৃতিৰ¸ একেদৰে কবিতাৰো। গতিহীন হ'লে নৈ যিদৰে গভীৰতা নোহোৱা হৈ পোত খাই পৰে ঠিক একেদৰে কবিতায়ো একে স্তৰতে থাকিলে ঐতিহ্য সৃষ্টি হোৱাৰ আগতেই মৃত্যু হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
সমাজ বিৱৰ্তনৰ বাবেই হওক বা অন্য কাৰণত পূৰ্বজ কবিৰ তুলনাত সাম্প্ৰতিক কবিৰ সংগ্ৰহত অধিক কবিতা থকাৰ সুবিধা হৈছে। বিজ্ঞানৰ প্ৰভাৱত কেৱল দেশ-বিদেশৰ কবিতা অধ্যয়ন কৰাই নহয়¸ তাৰ কলা-কৌশল আয়ত্ব কৰাও পূৰ্বৰ তুলনাত বহুত উজু হৈ পৰিছে। হয়তো পৰৱৰ্তী সময়ত ই আৰু অধিক মসৃণ হ'ব। এই সকলোবে সাম্প্ৰতিক অসমীয়া কবিতাক অধিক বেছি সমৃদ্ধিশালী কৰাৰ বিপুল সম্ভাৱনাক দাবী কৰে। আমি ভাবোঁ ইয়াক নসাৎ কৰা মানেই সাম্প্ৰতিক কবি আৰু কবিতাৰ প্ৰতি ঘোৰ অন্যায় কৰা হ'ব।
সাম্প্ৰতিক অসমীয়া কবিৰ এখন মঞ্চ প্ৰদানৰে অসমীয়া কবিতাক সংগঠিত ৰূপ প্ৰদানত কিছু হ'লেও “আখৰুৱা”ই অৱদান আগবঢ়াই আহিছে। প্ৰতিটো সপ্তাহৰ কবিতাৰ নথিভুক্ত কৰি গোটৰ সদস্যৰ দ্বাৰাই আলোচনা কৰাৰ ব্যৱস্থাই উভয়কে সহায় কৰি আহিছে। ফেব্ৰুৱাৰী মাহক দ্বিতীয় সপ্তাহৰ কবিতাৰ পৰা চাৰিটা কবিতা নিৰ্বাচন কৰি তাৰ ওপৰত সাম্যক আলোচনা কৰিব ওলাইছো। তাৰ আগতে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহক আখৰুৱাত প্ৰকাশিত কবিতাবোৰৰ ওপৰত এপলক চকু দিব বিচাৰিছোঁ-
সন্ধ্যাৰ মমতাত কবিয়ে জীৱনৰ মৃত্যু চেতনাৰ কথা স্বকীয় ভাৱনাৰে ব্যক্ত কৰিছে। কবি মমিন বৰাই “এক দিন বৃষ্টিতে বিকেলে”ৰে প্ৰকাশ পাইছে প্ৰেমৰ গোন্ধ। কবিৰ ভাৱনাত কেৱল প্ৰেমেই সীমাবদ্ধ নাথাকি মানৱ জীৱনৰ বিশাল অভিজ্ঞতা। “নাঙল”ৰে মন্টু কুমাৰ নাথে কৈছে বিবৰ্তনবাদৰ কথা। এই বিবৰ্তনবাদ মানৱতাৰ বিপৰ্যয় আৰু সমাজ অবক্ষয়ৰ কথা। লক্ষী মেদক “পৃথিৱী-২” ৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছে হতাশাগ্ৰস্ত জীৱনৰ খাতিয়ান। মদাৰজ্যোতি কবিতা “বিবৰ্তন”ত ঠাই পাইছে ৰূপান্তৰিত সমাজ ব্যৱস্থাৰ ৰূপ। ইয়াত লোকজীৱনৰ চানেকিৰ লগতে গাওঁৰ প্ৰতি থকা অতীত-প্ৰীতি আৰু ঐতিহ্য চেতনা বিদ্যমান। মৌচুমী বৰিয়ে “নদী-সোঁৱৰণী”ৰে সোঁৱৰণ কৰিছে এৰি অহা দিনবোৰ। ইয়াত উথলি উঠিছে অতীত-প্ৰীতিৰ প্ৰতি থকা অনুভূতিপ্ৰৱণ ভাৱাবেগ। বৰিৰ কবিতাত ঐতিহ্য আৰু বৰ্তমান সংঘাতময় পৰিস্থিতিয়ে কঢ়িয়াই অনা অস্থিৰ আৰু অনিশ্চয়তাৰ জীৱনৰ প্ৰকাশ ঘটিছে। মাধৱ দত্তইও যেন “জতিস্মৰ”ৰে একেখিনি কথাই স্বকীয় বৈশিষ্টৰেই ক'বলৈ আগ্ৰহী। ইয়াতো প্ৰকট হৈছে আধুনিক জীৱনৰ জটিল ৰূপ। কবি সমাজ সচেতন। কবিৰ প্ৰগতিবাদী সুৰ ঝংকাৰিত হৈছে।
কবি খগেশ সেন ডেকাৰ “স্মৃতি”ত জীৱনৰ ৰাগিত আত্মপৰিতৃপ্তি লাভৰ প্ৰয়াস দেখা গৈছে। সেয়েহে স্মৃতিৰ মাজতো জীৱনৰ প্ৰশান্তিৰ সন্ধান কৰিছে। নিভা গগৈয়ে “মই আৰু মোৰ বন্ধু”ৰে অনুভৱ কৰিছে সমকাল চেতনা আৰু সমাজ ব্যৱস্থাৰ কদৰ্যতাৰ অনুভৱ। দিব্যজিৎ বণিক্যই “ফুলৰ বচন”ৰে এচাম স্বাৰ্থপৰ¸ সুবিধাবাদী ব্যক্তিক কটাক্ষৰে ফুলৰ বচনৰে আধুনিক সমাজৰ অস্থিৰতা আৰু অনিশ্চয়তাৰ মাজত এখন সুস্থ সমাজৰ সপোন দেখিছে। কবি কিশোৰ দাসৰ কবিতা ক্ৰমে “টিছ্যু পেপাৰ”¸ “জুৱা” আৰু “মেকানিকেল নক্ষত্ৰ”ত শ্লেষাত্মক ভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। কবিমনৰ তেজস্বিতা আৰু চিন্তাৰ স্বচ্ছতা সাধিত হৈছে কবিতাৰ ব্যঞ্জনাময় ভাষাৰ মাজত। তিনিওটা কবিতাত তিনিখন পৃথক চিত্ৰ ৰূপায়ন কৰিছে। টিছ্যু পেপাৰত শ্ৰেণী সংগ্ৰামৰ¸ জুৱা আৰু মেকানিকেল নক্ষত্ৰত যান্ত্ৰিক পৃথিৱীত মোকাবিলা কৰিবলৈ নিজৰ সৈতে হোৱা অন্তমূখীন দন্দ্বক স্বকীয়তাৰে প্ৰকাশ কৰিছে। কবি অংকুৰ দাসে নিৰবিচ্ছিন্ন ভাৱে হাইকু চৰ্চা কৰি আহিছে। এয়া কবি গৰাকীৰ ২৭ তম হাইকু। ইয়াতো স্পষ্ট হৈছে প্ৰকৃতিৰ ছবি। কুলেন দাস “উতনুৱা ফাগুন”ত ফাগুনৰ ছবিখন সচাৰচৰ দেখি অহা ধৰণেই প্ৰকাশ কৰিছে। কবি নিৰুপমা ডেকাই “বন্ধু”ৰে এক নিভাজ সম্পৰ্কৰ বৰ্ণনাৰে সুন্দৰৰ সন্ধান কৰিছে। কবিতাটোৰ আৰম্ভণিৰ শাৰীৰ সম্পাদনা কৰিলে স্বকীয় গুণ কিছু বৃদ্ধি হ'ব বুলি ভাবোঁ।
আলোচনাৰ বাবে নিৰ্বাচিত কবিতা চাৰিটা হ'ল:
১। এটা গেলা আপেল - প্ৰাঞ্জল হাজৰিকা
২। বেলি - পৰিমিতা গোস্বামী
৩। তাইৰ বাবে এটা কবিতা হ'ব পাৰেনে? - জয়ন্ত আকাশ বৰ্মন
৪ । বগা ফিল থকা নেটৰ ফ্ৰকটো- নিভা গগৈ
মূল কবিতা চাৰিটা:
১। এটা গেলা আপেল
-প্ৰাঞ্জল হাজৰিকা
ডাষ্টবিনত পৰি আছে
এটা গেলা আপেল
মাখি পৰিছে
গোন্ধাইছে ।
ৰংচঙীয়া চহৰখনৰ ব্যস্ততাত
এটা আপেল এলাগী হৈ গেলিছে
গাৰ পৰা ৰঙাবোৰ সৰিছে ।
চহৰখনত এজাক ভোক চাৰিওফালে
পিয়াপি দি ফুৰিছে
আৰু
আপেলটো অপেক্ষাত গেলি গেলি
নিঃশেষ হৈছে ।
------------------------------------------------------
২। বেলি
-পৰিমিতা গোস্বামী
বেলিটোৱে
পাহাৰ-পৰ্বত, অৰণ্য
পাতৰ ভৰত দোঁ খাই থকা গছবোৰৰ সুৰুঙাইদি
কেৰেচীয়াকৈ আহি
মোৰ চোতালত চুমুক দিছেহি
আগদুৱাৰেদি ভিতৰ সোমাইছে.....
পুৱা মেলা উখোৱা ধান ধাৰি
লেচিয়া পৰিছে....
অলপতে চাউল হৈ ওলাব
------------------------------------------------------
৩। তাইৰ বাবে এটা কবিতা হব পাৰেনে?
-জয়ন্ত আকাশ বৰ্মন
তাই ৰঙা ছাতি নলয়
অথবা
নীলা চুৰ্ণী উৰুৱাই তাই পখিলা এজাক উজাৰি নাযায়।
তাই স্কুটি নচলায়
অথবা
কাণত হেডফ'ন লগাই উচ্ছল খোজেৰে ফুটপাথৰ টোপনি ভাঙি নলয়।
তাইৰ নখত নেইলপলিচ নুফুলে
তাই চকুৰ সীমনাত আইলাইনাৰ নেআঁ‌কে
তাইৰ চুলি মেঘালি নহয়
তাইৰ চুলিত তৰালিও নাই।
তাইৰ বাবে এটা কবিতা হব পাৰেনে?
কবিতাৰ দৰে এটা কবিতা!
অথবা এটা গান
গানৰ দৰে অনুৰণনিত গান এটা!
ডিষ্ট্ৰেচদ্ জীন্স নিতন্ব
স্কাৰ্ট টপ উত্তুঙ্গ
তাই সেই চুবুৰিৰ বাসিন্দা নহয়
তাই সেই পথৰ বাটৰুৱা নহয়।
তাইৰ বাবে এটা ভাস্কৰ্য হব পাৰে নে?
কাটি কাটি কাটি কোনো শিলাখণ্ড!
দিনজোৰা টিউচনৰ পইচাৰে তাই বেকাৰ ভায়েকৰ বাবে চাকৰিৰ ফ'ৰ্ম ভৰে,
ৰৈ যোৱা টকাৰে তাই বৃদ্ধ দেউতাকৰ বাবে হাঁ‌পানিৰ দৰৱ কিনে।
পঞ্জিকা চাবলৈ তাই কাহানিবাই এৰিলে।
ধুমুহা আহিলে তাইৰ সাৱটিবলৈ কোনো নাই
পঁ‌ইতাচোৰা দেখিলে তাই ভয় নাখায়।
হাতৰ ঝাৰুৰে খেদি খিৰিকিৰে উলিয়াই পঠিয়ায়।
ৰাতিটো আহিলে হাতী
সমাধিত সপোনবোৰ তাই লিৰিকি বিদাৰি চায়।
দুচকুত বিষাদ মালা গাঁ‌ঠি গাঁ‌ঠি যায়।
তাইৰ বাবে এটা কবিতা হব পাৰেনে?
কবিতাৰ দৰে এট কবিতা।
অলংকাৰে পথভ্ৰস্ত কৰিব নোৱাৰা এটা কবিতা!!!
------------------------------------------------------
৪। বগা ফিল থকা নেটৰ ফ্ৰকটো
-নিভা গগৈ
পখিলা খেদা বয়সত ফিল দিয়া নেটৰ ফ্ৰকটো
সপোনতে পিন্ধিছিলো ,
মোৰ অচিনাকি দোকান এখনত হেঙাৰত ওলমি আছিল ,
বাৰিষা খৰালি সি ৰ'দত সেক লৈছিল
বতাহত কঁপি উঠিছিল মোৰ সপোনৰ বগা নেটৰ ফিল দিয়া ফ্ৰকটো ,,
গ্ৰাহকৰ চকুত ক'তবাৰ সি বিক্ৰী হৈছিল ,
দৰ দামত ফ্ৰকটো নিলাম হৈছিল ,
ফ্ৰকটোৱে মোৰ বাবে ৰৈ আছিল ,
আৰু মই ফ্ৰকটোৰ বাবে ...
উপান্ত খেতিয়কৰ জী হৈও বাৰে বাৰে পৰীৰ সাজত সাজিছিলো ,
চকু মেলি অনুভৱেৰে আলফুলে চুইছিলো
ফ্ৰকটোৱে মোৰ দেহ ঢাকি ধৰিছিল
আৰু মই নাচি উঠিছিলো ,
খেলিছিলো ,
হাঁহিছিলো
ফ্ৰকটোক মই মৰম কৰিছিলো ক'ত দিন ক'ত ৰাতি...
,
ফ্ৰকটো এদিন বিক্ৰী হৈছিল ,
দোকানৰ হেঙাৰডালত আন এটি ফ্ৰক ওলমি আছিল
মোৰ ফটা ফ্ৰকটোৱে মোক ইতিকিং কৰাত
মোৰ সৰু হৃদয়খনে থুকুচি থুকুচি কান্দিছিল
পিতাইৰ চকুত দুখৰ আঁচৰ আঁক বাঁকবোৰ নামি আহিছিল ,,
,
বগা ফিল থকা ফ্ৰকটোৱে এতিয়াও মোক আমনি কৰে ,
বুকুৰ এক নিজান ঠাইত সি শুই আছে
সাৰ পালেই মই আঁজুৰি আনো
পখিলা খেলা বয়সলৈ উৰিব বিচাৰো
তেতিয়া বয়সে মোক ঠেলি দিয়ে
হেঙাৰত ৰখা আন এটা ফ্ৰকৰ দৰেই মনটো ওলমিব ধৰে ...
------------------------------------------------------
আলোচনা:
১। প্ৰথমতে আলোচনাৰ বাবে লৈছো কবি প্ৰাঞ্জল হাজৰিকাৰ “এটা গেলা আপেল”। কবিতাটোৰ কাব্যভাৱৰ ধাৰণা শিৰোনামৰ পৰাই কৰিব পাৰি।
কবিতাটোৰ প্ৰথম স্তৱকত উল্লেখ কৰিছে যে ডাষ্টবিনত এটা আপেল পৰি আছে। যাৰ বাবে দুৰ্গন্ধময় গোন্ধ এটা বতাহত বিয়পিছে।
কবিতাটোত ইংগিতময়তা প্ৰধান। কিন্তু এই ইংগিত স্পষ্ট আৰু প্ৰকট।
দ্বিতীয় স্তৱকত উল্লেখ কৰিছে¸ চহৰৰ ব্যস্ততাৰ বাবে আপেলটো গেলিছে। ইয়ে স্পষ্ট ৰূপত প্ৰকট কৰি তুলিছে সাম্প্ৰতিক সময়ৰ যান্ত্ৰিক সমাজ ব্যৱস্থা ( Social realism) সৰ্বগ্ৰাহী সংকটময় কথা। কবিয়ে গ্লানি আৰু পংকিলতাৰে ভৰা কদৰ্যময় ৰূপটোক কবিতাটোত উদঙাই দিয়াৰ প্ৰয়াস কৰিছে।
কবিতাৰ বক্তব্যই কেৱল কবিতাটোতেই আৱদ্ধ নাথাকে¸ ই সমসাময়িক অৱস্থাকো সাঙুৰি লয়। সেয়েহে কবিতা এটা পঠনৰ সময়ত আমাৰ মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। ই এক মনস্তাত্ত্বিক পৰিঘটনা। কিন্তু এই মনস্তাত্ত্বিক পৰিঘটনা মনস্তত্ত্বিক নীতি নিৰ্ধাৰিত বিজ্ঞান নহয়¸ বৰ্ণনাহে। এইবাবে কবিতাত চিনাকি গছ¸ তাৰ পাত¸ দিন-ৰাতি আদিবোৰৰ মাজৰে আমি অসীম অৰ্থ উদ্ধাৰ কৰিব পাৰো আৰু কবিতাতো ইয়াৰ অসীম অৰ্থ থাকে বা থাকিব পাৰে।
“এটা গেলা আপেল”ৰ ইংগিতময়তাই বৰ্তমান ছিৰিয়াত হৈ থকা নাৰকীয় হত্যালৈ আঙুলি টোৱায়।
------------------------------------------------------
২। দ্বিতীয় আলোচনাৰ বাবে লৈছো পৰিমিতা গোস্বামীৰ কবিতা “বেলি”
বেলি চিত্ৰকল্পৰ সমাহাৰ। পৰ্বত-পাহাৰ¸ অৰণ্য/ পাতৰ ভৰত দোঁ খাই থকা গছ/ মোৰ চোতালত চুমুক/পুৱা মেলা উখোৱা ধান আদি চিত্ৰকল্পৰে একোখনকৈ চিত্ৰ অংকন কৰিছে। চিত্ৰকল্পৰ ইংগিত আৰু ব্যঞ্জনাৰেই কবিতাটো ভৰপূৰ।
আমি সদায় দেখি অহা বেলিৰ কথাকেই কবিতাটোৰে কৈছে। এই বেলি অপাৰ শক্তি¸ সত্য আৰু আশাৰ প্ৰতীক। গাওঁ জীৱনৰ প্ৰতি থকা অতীত-প্ৰীতি আৰু ঐতিহ্য চেতনাৰে কবিয়ে কবিতাত বিদ্যমান কৰিছে লোক-জীৱনৰ চানেকি। কবিৰ সংবেদনশীল ভাষাই উন্মোচন কৰিছে ভৱিষ্যতৰ নতুন সপোন।
কবিয়ে সেয়ে কৈছে¸
পুৱা মেলা উখোৱা ধান ধাৰি
লেচিয়া পৰিছে…
অলপতে চাউল হৈ ওলাব ।
------------------------------------------------------
৩। তৃতীয়তে আলোচনা কৰিব ওলাইছো জয়ন্ত আকাশ বৰ্মনৰ কবিতা “তাইৰ বাবে এটা কবিতা হ'ব পাৰেনে?
কবিতাটোৰ শিৰোনামটোৱে এটা প্ৰশ্ন। কবিতাটোৰ শিৰোনামটো পাঠৰ সময়তে পাঠকৰ চেতনাত ভিৰ কৰিব পাৰে এনে বহুতো প্ৰশ্ন “কোন তাই?”¸ “তাইৰ বাবে কিয় কবিতা হ'ব লাগে?”¸ “কিয় কবিতা হ'ব পাৰেনে বুলি সুধিছে?” ইত্যাদি ইত্যাদি।
সৰ্বসাধৰণ মানুহৰ প্ৰতি সহমৰ্মিতা¸ আধুনিক জীৱনৰ পৰিবৰ্তিত ৰূপৰ বিষয়-বৈভৱৰ এটা বাস্তৱ-মুখী কবিতা “তাইৰ বাবে এটা কবি হ'ব পাৰেনে?। কবিতাটোৰ চৰিত্ৰ “তাই”ৰ বৰ্ণনা কবিয়ে কবিতাটোত দুই ধৰণে দিছে। কবিতাটোৰ প্ৰথমাংশত তাই কেনে নহয় কোৱাৰ লগতে পিছত বৰ্ণনা কৰিছে তাইৰ প্ৰকৃতি। এইখিনিতে নাটক বা চিনেমাৰ আদৰ্শ চৰিত্ৰ (Type character) ৰ ধাৰণা টানি আনিব পাৰি। নাটক বা চিনেমাত সাধৰণতে দেখা যায় এজন মুখ্য চৰিত্ৰ এজন গাওঁৰ ডেকা। পেছাত তেওঁ কৃষক বা শিক্ষক। অভাৱী হ'লেও নিজৰ আদৰ্শত অটল থাকে। এনে চৰিত্ৰ নাটকত পুণৰাবৃত্তি হৈয়ে। যি বাস্তৱৰ পৰা কিছু আঁতৰত হয় বা বাস্তৱত এনে খুব কমেইহে হয়। একেদৰে কবিতাতো নাৰীৰ ঢৌ খেলা মেঘালী চুলি¸ ৰঙা ছাটি¸ নীলা চূৰ্ণীৰ পয়োভৰ বেছি। এনে পয়োভৰৰ প্ৰকোপত তল পৰি ৰয় কবিয়ে কোৱা সাধৰণ চৰিত্ৰৰ নাৰী।
এজনী ছোৱালীৰ নিত্য-নৈমিত্তিক ব্যস্ততা আৰু কাম কাজৰ বৰ্ণনাৰে কবিয়ে ধাৰণ কৰা কাব্যনুভূতিক এখন বিজ্ঞাপন ফলকৰ দৰে গঢ় দিছে¸ আৰু ইয়াৰ দ্বাৰা স্পষ্ট হৈছে কবিৰ প্ৰগতিবাদী মনোভাৱ।
------------------------------------------------------
৪। সামৰণিৰ আলোচনাৰ বাবে লৈছো কবি নিভা গগৈৰ “বগা ফিল থকা নেটৰ ফ্ৰকটো”
কবিতাটোত ফ্ৰকটো নিৰ্দিষ্ট। তাৰ ৰং বগা।
কবিতাটোত অতীতৰ প্ৰতি এক বিশেষ ধৰণৰ কদৰ আছে। কবিৰ দৃষ্টিত অতীত মানে কেৱল এৰি অহা দিন নহয়¸ এয়া বৰ্তমান আৰু ভৱিষ্যতৰ এক গতিপ্ৰবাহ।
সেয়ে কবিয়ে কৈছে-
বগা ফিল থকা ফ্ৰকটোৱে এতিয়াও মোক আমনি কৰে
বুকুৰ এক নিজান ঠাইত সি শুই আছে
কবিতাটোৰ ভাষা পোনপটীয়া আৰু সহজবোধ্য। কবিয়ে আধুনিক জীৱনৰ অস্থিৰতাৰ মাজত এটা সুস্থ সপোন দেখিছিল।
আমাৰ সকলোৰে দুখন পৃথিৱী থাকে। এখন আমি যি ভাবোঁ বা বিচাৰোঁ, আৰু আচলতে হয় এখন কল্পনাৰ¸ আনখন বাস্তৱৰ।
কবিয়ে পখিলা খেদা বয়সতে সপোন দেখিছিল। কিন্তু বাস্তৱৰ সৈতে কল্পনাৰ খুব কম মিল থাকে।
আধুনিক মনৰ জটিলতাই কবিক আমনি কৰিলেও জীৱনক সহজভাৱে গ্ৰহণ কৰাৰ দৰ্শনেৰে আশাবাদৰ সঞ্চাৰ কৰিছে। বিমূৰ্ত চিত্ৰকল্পৰ প্ৰয়োগেৰে কবিতাটোক সুখপাঠ্য হিচাপে গঢ় দিলেও মাজতে ভাৱৰ বানপানী হোৱা দোষৰ আঁচোৰ পৰিছে। কবিতাটোত সমাজ বিপ্লৱৰ উগ্ৰস্বৰ নাথাকিলেও সমাজ চিন্তাক কবিয়ে সূক্ষ্ম অনুভূতিৰে প্ৰকাশ কৰিছে।

SHARE

About www.parthapratim.in

0 comments :

Post a Comment