প্ৰিয় পাঠক বন্ধু
যি লিখিম সেয়া সকলো সঁচা
ৰাতি সপোন এটা দেখিছিলো
সাৰ পাই চালো_ তুমি নাই
সাৰ পাই চালো_ তুমি নাই
আয়ে কৈছিল
পুৱাৰ সপোন হেনো ফলিয়াই_ নফলিয়ালে
পুৱাৰ সপোন হেনো ফলিয়াই_ নফলিয়ালে
এইখিনিতে অকনমান ৰওঁক
কবিতাটো আচলতে ইয়াৰ পৰাহে আৰম্ভ
কবিতাটো আচলতে ইয়াৰ পৰাহে আৰম্ভ
'কবিতা' ? হাঃ হাঃ হাঃ থাকক বাৰু
মই কবিতা সহ্য কৰিব নোৱাৰো
সহ্য কৰিব নোৱাৰো মাটিহীন খেতিয়কৰ ঢোলৰ চাপৰ
মুচিৰ কেঁচা চমৰাৰ চটপট শব্দ
আৰু……
মই কবিতা সহ্য কৰিব নোৱাৰো
সহ্য কৰিব নোৱাৰো মাটিহীন খেতিয়কৰ ঢোলৰ চাপৰ
মুচিৰ কেঁচা চমৰাৰ চটপট শব্দ
আৰু……
টেবুলৰ ওপৰত বহী এখন কালিৰ পৰাই আছে
থাকক¸ কোনে পঢ়িব কবিতা
কবিতাৰ কোনো শব্দ নাই
সূৰ্যৰ কোনো দেশ নাই
থাকক¸ কোনে পঢ়িব কবিতা
কবিতাৰ কোনো শব্দ নাই
সূৰ্যৰ কোনো দেশ নাই
কঞা আঙুলিৰে কাণ খুজাই
এইমাত্ৰ এয়াই ভাৱি আছিলো
ৰাতিপুৱা পৃথিৱীক কিয় ভাল লাগে ?
সন্ধিয়া কি আমৰলি পোক ?
এইমাত্ৰ এয়াই ভাৱি আছিলো
ৰাতিপুৱা পৃথিৱীক কিয় ভাল লাগে ?
সন্ধিয়া কি আমৰলি পোক ?
তথাপিও ভাৱো
মৃত্যু এক গভীৰ নিছা
উপলব্ধিৰ
আত্মমন্থনৰ
মৃত্যু এক গভীৰ নিছা
উপলব্ধিৰ
আত্মমন্থনৰ
নীলা নহয়¸ বগা আকাশেহে বৰষা নমায় ।
এইখিনিত আকৌ ৰৈ দিয়ক
কবিতাটো ইয়াতে শেষ
ক্ষমা কৰিব প্ৰিয় পাঠক
ওপৰত যি লিখিলো সকলো মিছা ।
কবিতাটো ইয়াতে শেষ
ক্ষমা কৰিব প্ৰিয় পাঠক
ওপৰত যি লিখিলো সকলো মিছা ।
0 comments :
Post a Comment