(বিধিসন্মত সতৰ্কীকৰণ: কথাখিনি অলপ দীঘলীয়া । সেয়েহে কাষত ভিক্স জাতীয় কিবা নাথাকিলে নপঢ়িবলৈ অনুৰোধ জনালোঁ । )
যোৱা কেইদিন মানৰ পৰা চ'চিয়েল মিডিয়াত এখন ফটো বৰকৈ ভাইৰেল হৈ আছে । ফটোখন নিশ্চয়কৈ আপুনি নেদেখাকৈ থকা নাই । এই যে ছোৱালী এজনীয়ে ল'ৰা এজনক কান্ধত উঠাই লৈছে¸ আৰু ল'ৰাজনে ম'হৰ শিঙৰ পেঁপা বজাই আছে। হয় ¸ এই ফটোখনৰ কথাই কৈছো । দেখিছেনে? কমটো তোলপাৰ লগোৱা নাই এইকেইদিন এই ফটোখনে । কমখন বিতৰ্কনে । কোনোবাই যদি ইয়াত সস্তীয়া জনপ্ৰিয়তা হোৱাৰ কৌশলৰ গোপন অভিসন্ধি দেখিছে¸ আন কোনাবাই আকৌ ইয়াত যৌনতাৰ গোন্ধ পাইছে। আন কোনোবাৰ মতে আকৌ অসমীয়া সংস্কৃতিক লাঠ মাৰি ভৰলু নৈত পেলাই দিলে হেনো ¸ আৰু কোনাবাই নাৰীত্বক অৱনমিত কৰাৰ শংকাত ভুগিছে । মুঠতে বিতৰ্ক আৰু বিতৰ্ক । বিতৰ্ক একেবাৰে তুংগত । আমিনো পিছপৰি থাকো কিয় । আহক আমিও অলপ বিতৰ্ক কৰো । আমি বাৰু বিতৰ্ক কিয় কৰো প্ৰথমতে তাক বিচাৰ কৰাৰ প্ৰয়াস কৰোঁ আহক¸ -
১। আমিবোৰ বহুত ঋণাত্মক - সচাঁকৈয়ে আমিবোৰ ইমানেই ঋণাত্মক যে যিকনো বস্তু এটা থাকিলে কিমান লাভ হ'ব কোৱাতকৈ উক্ত বস্তুটো নাথাকিলে কি কি লোকচান হ'ব ক'লেহে আমি তাক ল'বলৈ আগ্ৰহী হওঁ । এখন বিচনাত সহজাত ভাই-ভনী শুই থকা দেখিলেও মনতে এখন ছবি কল্পনা কৰি ১৮+ ছবি নিৰ্মাণ কৰা ব্যক্তি আমি¸ গতিকে ছোৱালী এজনীয়ে ল'ৰা এজনক কান্ধত লোৱাটোত বেয়া নেদেখিম নে । তাত যৌনতা যে একেবাৰে চপচপীয়াকৈ উপচি পৰিছে নহয়জানো । ল'ৰাজনৰ ভৰিদুখনেও চুৱ নুচুৱকৈ ছোৱালীজনীৰ…। চিহহহঃ। ইম্মান যে অশ্লীল ।
চাব্বাছ মহাশয়¸ মহাশয়াসকল ¸ এবাৰলৈ ধৰি ল'লো ফটোখন বহুত বেয়া¸ তেন্তে আমি সহজে তাক এৰাই চলিলে পুলিতে মৰহি গ'ল হয় । আমি কিন্তু এনে নকৰিলো । যিকনো ভালতকৈ বেয়াক খৰৰ দৰে খুজুৱাই বহলাবলৈ সদায় সাজু আমি । এয়া এশ শতাংশই নিশ্চিত যে যদি কান্ধৰ সলনি কাষত থাকি সংস্কৃতিৰ ধ্বজ্বা উৰুৱালে হয়¸ তেতিয়াও ফটোখনে ইমান প্ৰচাৰ নাপালে হয় । যি আমি নকৰিলো ।
২ ।মনেবৈজ্ঞানিক পৰিঘটনা : মনোবিজ্ঞানত এটা শব্দ আছে Hypnotize । য'ত ব্যক্তি এজনক conscious অৱস্থাত কিবা focus কৰাই তাক সাময়িক ভাৱে নিস্তেজ কৰি sub conscious লৈ নিয়া হয় । ইয়াৰ ফলত আমাৰ চিন্তা শক্তি সাময়িক ভাৱে অচল হৈ পৰে আৰু আমাৰ mind ত যি programe জমা হৈ থাকে সেয়া স্বয়ংক্ৰিয় ভাৱে সক্ৰিয় হয় । আমি সাধৰণ জীৱনত নিজৰ অজ্ঞাতে বহুসময়ত Hypnotize হ'ব পাৰো । সেয়া গাড়ী চলাই থাকিলে হ'ব পাৰে¸ চিনেমা চালে হ'ব পাৰে বা অন্য যিকনো কাৰণত । অলপ গভীৰভাৱে চালে দেখা যায় বিশেষ ফটোখনেও ইয়াত একে কামকে কৰিছে । আমি ফটোখন দেখা মাত্ৰকে সকলো পাহৰি বাচ-বিচাৰ নকৰাকৈ এটা সিদ্ধান্তত উপনীত হৈছো যে ফটোখন দৃষ্টিকটু । দোষ পিছে আমাৰো নাই¸ আমাৰ মনত সংস্কৃতি-পৰম্বৰা আদি এনেকৈ শিপায় আছে যে ¸ তাৰ সামন্যতম পাৰ্থক্য দেখা পালে আমাৰ মগজুৱে তাক হজম কৰিব নোৱাৰে । (যেনেকৈ কম্পিউটাৰত সামন্য ভুলকৈ সন্ধান কৰিলেও did not match দেখাই ঠিক তেনেকুৱাই) তাক তুলনা কৰি ঘোষনা কৰি কোৱা হয় বিজতৰীয়া বা অপসংস্কৃতি ।
৩। লাওঁ ডাঙৰ পাতৰ তল : কথাষাৰ শুনিছে নহয় । কথাষাৰ হেনো তাহানিতে আজোককাই ককাক কৈছিল¸ ককাই দেউতাক ¸ তেনেকৈ আৰু ময়ো শুনিলো দিয়কচোন । ছোৱালী হৈ ল'ৰাক কান্ধত উঠাবনে !! বাপৰে বাপ¸ কম ডাঙৰ কাম খন কৰা নাইনে । কমখন সাহসনে ছোৱালীজনীৰ । কোন ছোৱালী¸ ধৰি আনক তাইক । শূলত দিওঁ ।
ধন্যহে বুদ্ধিজীৱী¸ সমাজৰ so called ক্ৰানকৰ্তা সকল । আপোনাৰ মানসিকতা ইমানেই ঠেক যে এখন স্কুটিৰ পিছত যদি ল'ৰা এজন বহি যায় তেতিয়াও মচলা বটা পটাত পিচিবলৈ সাজু আপোনালোক । নাৰী আপোনালোকৰ বাবে ভৃত্যৰ দৰে ¸ যি আপোনাৰ অধীন ভাৱে । কেনেবাকৈ যদি নাৰী আগবাঢ়ে¸ তাৰ নেতৃত্ব স্বীকাৰ কৰিব লগা হয়¸ তেন্তে এয়া হৈ পৰে আপোনাৰ বাবে অজীৰ্ণ।
এতিয়া আহো আচল কথালৈ । ফটোখন পচন্দ বা অপচন্দ একোৱেই কৰা নাই মই । অন্য ফটো দেখিলে যেনেভাৱে গ্ৰহন কৰো ইয়াকো তেনেকৈয়ে কৰিছো । বহুতৰে টাইমলাইনে বাগৰি ফুৰা একেখন ফটো আৰু শতাধিক মন্তব্য দেখি কিবা এটা লিখাৰ লোভ কৰিলো ।
এই যে আপোনাকে (অভিযোগকাৰী সকলে) কৈছে বিহুৰ সাজৰে ছোৱালীজনীয়ে ল'ৰাক কান্ধত উঠোৱাতো ভাল লগা নাই¸ এয়া অসমীয়া সংস্কৃতিৰ পৰিপন্থী । আগতে এনে নাছিল । আগতে কেনে আছিলনো? দেখিছেনে? অগ্ৰজ প্ৰৱন্ধকাৰ¸ লেখক সমুদ্ৰ কাজল শইকীয়াৰ এটা ফেচবুক পোষ্ট মনকৰকচোন
“আগৰ দিনৰ বিহুত অমুক তমুকটো নাছিল। বাৰু। আগৰ দিনৰ মানে কিমান দিনৰ আগৰ কথা কৈছে? ১০ বছৰ আগৰ? ২০ বছৰ আগৰ? ৩০ বছৰ আগৰ? ৪০ বছৰ আগৰ? ৫০ বছৰ আগৰ? ৬০ বছৰ আগৰ? ৭০ বছৰ আগৰ? ৮০ বছৰ আগৰ? ৯০ বছৰ আগৰ? ১০০ বছৰ আগৰ? ১০০০ বছৰ আগৰ? ১০০০০ বছৰ আগৰ? ১০০০০০ বছৰ আগৰ? ১০০০০০০ বছৰ আগৰ? কিমান দিনৰ আগৰ বিহুৰ কথা কৈছে?”
উত্তৰ দিব পাৰিবনে??
আমি প্ৰায়ে কৈ আহো বিহু বিকৃত হ'ল¸ পথাৰত গোৱা বিহুগীতবোৰহে আচল । পথাৰত গোৱা বিহুগীত শুণিছেনে ?
অতীজৰে পৰা অসমীয়া সংস্কৃতি ¸ বিহু মুখ বাগৰি আহিয়ে বৰ্তমান পৰ্যায় পাইছে । মুখ বাগৰি অহা মানেই যোগ-বিয়োগ ¸ যোগ-বিয়োগ মানেই সালসলনি আৰু সালসলনি ঘটাই হ'ল পৰিবৰ্তন। পৰিবৰ্তন অবিহনে জীয়াই থকা সম্ভৱপৰ নহয় । সংস্কৃতিৰ মাজলৈও পৰিবৰ্তন আহে । বিহুৰ মাজলৈও পৰিবৰ্তন আহিছে¸ আহিব । বৰ্তমান সময়ত যি বিহুক ভিত্তি হিচাপে লৈ ফটোখনৰ কাৰ্যক বিজতৰীয়া বা অপসংস্কৃতি বুলি অভিহিত কৰিছো¸ একেদৰে অতীতলৈ উভতি গ'লে বৰ্তমানৰ বিহু বা সংস্কৃতিও হৈ পৰিব তেতিয়াৰ সময়ত অপসংস্কৃতি বা বিজতৰীয়া সংস্কৃতি । কিয়নো যিকনো সংস্কৃতি মানুহৰ পৰা মানুহলৈ আহি থকা একোটা ৰূপহে । এই পৰিবৰ্তন আৱশ্যম্ভৱী । পৰিবৰ্তনেই ঐতিহ্য ঘটন কৰে । এইবাবে অতীতৰ ঐতিহ্যবোৰ বৰ্তমানৰ সমল হয় আৰু বৰ্তমানে ভৱিষ্যতৰ ঐতিহ্য সৃষ্টি কৰিব । এয়াই সত্য । আমাৰ কথা এয়াই হ'ব লাগিছিল । ঐতিহ্যৰ নিৰ্মান অবিহনে বৰ্তমানক ভৱিষ্যতত চিনাকি দিব পাৰিব জানো ?? একবিংশ শতিকাত থাকিও আমি কোনোবাখিনিত পুৰণি অৱস্থাতে ৰৈ থকা নাইতো ? যদি ৰৈয়ে আছো তেন্তে কেনেকৈ গঠন কৰিব ঐতিহ্য ? কেৱল বিতৰ্ক কৰিয়েই ??
অভিযোগকাৰী সকলে আকৌ অভিযোগ কৰিছে যে¸ ফটোখনে বিহুৰ পৰম্পৰাক কুঠৰাঘাট কৰিছে । তেওঁলোকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ এনে শব্দ ব্যৱহাৰ কৰিছে যে য'ত সংস্কাৰে নাই । অথচ এই সংস্কাৰৰ পৰাই সংস্কৃতিৰ জন্ম । পৰম্পৰা আৰু সংস্কৃতিৰ পৰা পৃথক। পৰম্পৰা অহা বাবে বিষয়টোৰ পৰা ফালৰি কাটি অন্য এটা বিষয় উল্লেখ কৰিব বিচাৰিছো__
নগাওঁৰ কোনোবা অঞ্চলত ভোগালী বিহুত বিহু কুঁৱৰী প্ৰতিযোগীতা পতা হয় । অসমৰ এচাম ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে । নকৰিবনো কিয়¸ এয়া পৰম্পৰা বিৰোধী কাৰ্য¸ অসমৰ সংস্কৃতিৰ পৰিপন্থী¸ এয়া অপ সংস্কৃতি । (এতিয়া আপোনালৈ এটা সৰু প্ৰশ্ন¸ এয়া সংস্কৃতি নে অপসংস্কৃতি¸ ভোগালী বিহুক বিহু কুঁৱৰী অনুষ্ঠিত কৰাটো উচিতনে ? চকু মুদি ভাৱি লওঁক । ভাৱিলেনে ?
যদি ভাৱিছে এতিয়া পিছৰখিনি পঢ়ক) কিন্তু নগাওঁৰ উক্ত অঞ্চলবাসী নাচোৰবান্দা । ভোগালী বিহুত বিহুকুঁৱৰী পাতিবয়ে । উক্ত অঞ্চলটোৰ ১৫০ বছৰীয়া পৰম্পৰা এয়া । এয়া তেওঁলোকৰ ককা-আজোককাৰ দিনৰে । এয়া তেওঁলোকৰ পৰম্পৰা । গতিকে পৰম্পৰা ৰক্ষা কৰিবয়ে । তেওঁলোক প্ৰথমে নগঞা¸ পিছতহে অসমীয়া । গতিকে তেওঁলোকে প্ৰথমতে নিজৰ অঞ্চলৰ পৰম্পৰাক অগ্ৰধিকাৰ দিয়াটো কোনো অপসংস্কৃতি হ'বই নোৱাৰে ।
(আপুনি ভৱা উত্তৰটোৰ সৈতে মিলিছেনে বাৰু¸ যদি মিলিছে ভালকথা¸ নিমিলিলে চাগে খোকোজাত পৰিছে নহয়নে?
উক্ত বিষয়টো মই এইবাবে উত্থাপন কৰিলো অধিক সংখ্যক পৰম্পৰাই আমাক এঠাইতে ৰাখি আগুৱাব দিয়া নাই । কথাটো ভাৱিবলগীয়া ।
0 comments :
Post a Comment