পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » প্ৰতি মুখ্যমন্ত্ৰী মহোদয়…

প্ৰতি মুখ্যমন্ত্ৰী মহোদয়…

Written By www.parthapratim.in on Thursday, 10 May 2018 | 09:21

 (এটা প'লিটিকেল কবিতা)
------------------------------------
মি এটা শব্দত জী আছো- অসমীয়া
এই শব্দৰেই চিনাকি দিছো
এই ভাষাৰেই প্ৰথম মা বুলি মাতিছো
প্ৰেয়সীৰ সৈতে প্ৰেমৰ কথা পাতিছো
হাঁহিছো¸ কান্দিছো
আনকি এই অকথ্যও অসমীয়াতে লিখিছো
বুকুত এই আবেগ থকালৈকে জী আছে অসমীয়া
এই আবেগতে শুই আছে ক্ষোভৰ তিৰাশী
(অসমৰ মাটি¸ বায়ু¸ পানী অসমীয়াৰ একত্ৰিত শক্তি)
মুখ্যমন্ত্ৰী মহাশয়¸
তিনি কোটি মানুহৰ হৈ এই কবিতা
আপুনি শুনিবনে ?
আপুনিতো গভীৰ টোপনিত
আপোনাৰ মনোৰঞ্জনত বুৰ্জোৱাৰ বিলাসী গান
শিতানৰ গাৰুৰ হেঁচাত
জাতি-মাটি-ভেটিৰ উদাত্ত শ্লোগান
আচলতে¸ মানুহক পৰাজয় মানুহেই কৰে
তেওঁৰ চিন্তাই অথবা অ-প্ৰত্যয়ৰ আৰম্ভনিয়ে
গভীৰ প্ৰত্যয় আছিল “বোপা”ৰ সমস্ত আশা
আৰু এতিয়া ইমানেই বেয়া দিন যে
কাগজৰ চৰায়েও বিষ্ঠা এৰে মূৰত
মুখ্যমন্ত্ৰী মহাশয়
আজোককাৰ স্বাভিমানৰে আমি আৱেগিক অসমীয়া
আৱেগত আঘাত নকৰিব
অন্যথা অসমৰ মাটিয়ে-পানীয়ে বিয়পি থাকিব অসমীয়াৰ উদাত্ত কণ্ঠ
মুখ্যমন্ত্ৰী মহোদয় মুৰ্দাবাদ ।।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment