পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা-৮

কবিতাৰ আলোচনা-৮

Written By www.parthapratim.in on Thursday, 14 June 2018 | 05:03

পুনৰীক্ষণ-কাব্য(৬০) : আখৰুৱা : literati গোটৰ পর্যালোচনাৰ শিতান
দ্বিতীয় খণ্ড : ০৮- ১৫ মে', ২০১৮
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
আগকথা:
কবিতা এক অভিনৱ শিল্পকৰ্ম। চৰ্যাপদৰ পৰা আৰম্ভ কৰি সময়ৰ ঢাপে ঢাপে অসমীয়া কবিতাই ন-ন ৰূপ-বৈচিত্ৰ¸ ৰসলৈ পাঠকৰ মাজলৈ আহিছে। এই দীঘল বাটৰ কবিতাৰ পৰিৱৰ্তন আৰু পৰিবৰ্দ্ধনৰ গতি বৈচিত্ৰময়। এই সুদীৰ্ঘ পৰিক্ৰমাত বহুকেইটা কেঁকুৰিত বহুতো দিশ সলাই খলা-বমা পথেৰে কবিতাই বৰ্তমানৰ পৰ্যায় আহি পাইছে আৰু লগতে বাঢ়িছেও কবিতাৰ ৰহস্যময়তা। কবিতাক এইবাবেই ৰহস্যময় কৈছো কিয়নো কবিতা এটা যিমানে ৰসোদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হয় সিমানেই অনাৱিষ্কৃত ন-ন বাট মুকলি হৈ গৈ থাকে। সহজভাৱে ক'বলৈ গ'লে কবিতাক যদি এটা বিন্দু বুলি ধৰা হয়¸ তাৰ মাজেৰে কিমান ৰেখা অংকন কৰিব পাৰি সেয়া নিৰ্ভৰ কৰিব পাঠকৰ ওপৰত। কাৰোবাৰ বাবে সেয়া এটা বিন্দু হ'লে¸ আন কাৰোবাৰ বাবে সেয়া সমগ্ৰ পৃথিৱীও হ'ব পাৰে। কবিয়ে কবিতা এটা সৃষ্টি বা নিৰ্মাণ কৰি দেখুওৱা দিশটোৰে পাঠকক কিমান দূৰলৈ যাবলৈ বাধ্য কৰাব পাৰে সেয়াই কবিতাৰ সাৰ্থকতা। এইবাবেই কবিতা অধিক ৰহস্যময়। কবিতাক বুজাৰ নিয়ম যিমানে উদ্ভাৱন কৰা হয় সিমানেই কবিতাই এই নিয়মবোৰ ভঙাৰ সাহসো কৰে। কবিতা চৰৈৱতি চৰৈৱতি।
আখৰুৱাৰ মে' মাহৰ দ্বিতীয় খণ্ডৰ পূৰ্ব নিৰ্ধাৰিত পৰ্যালোচকে নিৰ্বাচন কৰা কবিতা ৪ টাকেই আলোচনাৰ মেজলৈ অনাৰ প্ৰয়াস কৰিছো ।
কবিতাকেইটা হ'ল_
১) কল্কি আহিব কোন বাটে? - ধীৰেণ শইকীয়া
২) একলব্য সপোন এটা - উইল চিদ্দিকুৰ ৰহমান
৩) দ্ৰৌপদী যদিও পাঞ্চালী - পৰিমালা কোঁৱৰ
৪) আত্মবিশ্লেষন - দিবাকৰ ৰেণু
আলোচনাৰ আৰম্ভণিতে কবিতাবোৰৰ পাঠ কৰোঁ আহক। আলোচনাৰ বাবে লোৱা আটাইকেইটা কবিতা একেলগে তলত দিয়া হ'ল আৰু তাৰ আলোচনাও অনুৰূপ ধৰণে তলত দিয়া হ'ল।
কবিতা:
======
১।
কল্কি আহিব কোন বাটে?
কবি-ধীৰেণ শইকীয়া।
আজিকালি থুনুকা হৈছে হৃদয়
কাচৰ দৰে মুহূৰ্ততে থনথনাই ভাগে গৌৰৱৰ তামিঘৰা
কমিছে ধৈৰ্য, সহনশীলতা
কিম্বা অধ্যৱসায়ৰ আখৰা
অলপ কথাতে প্ৰতিবাদ।
শিক্ষিত হৈও জীৱনৰ পৰা আঁতৰি গৈছে জীৱন।
সকলো যেন পৰিকল্পিত
উত্তৰ চাই অংক কৰাৰ কৌশলত অভ্যস্ত
মহৎবোৰেই অসৎ এতিয়া
মানৱতা হৈছে এঘৰীয়া
অনামী সোঁতে নিছে টানি
সকলোবোৰ কেৱল কথাচহকী।
বাঘে চাগে একেটা ঘাটতে খাইছে পানী
ক'ত গ'ল "কাটি মাৰি ম্লেছ কৰিবা বুণ্ডা মাৰ" কৰা কল্কি অৱতাৰৰ কাহিনী?
নাহে নেকি হাতত খাণ্ডা লৈ আজি।
*******************
২। ।। একলব্য সপোন এটা ।।
কবি - -উইল চিদ্দিকুৰ ৰহমান।
ম'হঘুলি পথাৰত ঘুলি লৈ আছিল
এহাল শিঙাল ম'হ
ফেৰ মেলি বহিছিল
যুদ্ধংদেহি দুযোৰ শিং
ঘুলিটোৰ কাষেৰে
অফলা ভাগি মানুহ আহিছিল
কি সতে বাওঁ ম'হৰ শিঙৰ পেঁপা
ম'হবোৰৰ এতিয়া
নলনি পামৰ তেলে পিছল নিটোল দেহা
দুৰ্যোগে কোঙা কৰা ৰাতি সামৰি
মানুহবোৰৰ বুকুত
মহিষাসুৰ বধৰ একলব্য সপোন এটা
উপজি-পুৱা।
***********
৩। দ্ৰৌপদী যদিও পাঞ্চালী
কবি - পৰিমালা কোঁৱৰ।
০০০
পুত্ৰ-বধু!
পুত্ৰ-বধু তোমাৰ আৰ্যপুত্ৰ যমতনয় নৰিয়াত
আই! নিৰ্জন নিশা বাসুদেৱ সখাৰ দুৱাৰ দলিত কাৰ কথা ক'লে
মোৰ আৰ্যপুত্ৰ এতিয়া নিদ্ৰাৰত
পুত্ৰ-বধু! যমনন্দন যুধিষ্ঠিৰৰ কথা ক'লোঁ
তেওঁ নৰিয়াত
এবাৰ মাত দিয়া
আই! মই দেখোন আপোনাৰ অলিখিত দলিলত বন্দী
আজি মই ধনুৰ্ধৰ অৰ্জুনৰ পত্নী
এজনৰ গৃহিনী হৈ ত্যাগী আহিছো আন চতুৰ্থজনৰ সৰ্বস্ব
এইয়া যে আপোনাৰে ধৰ্ম নিৰ্দেশনা
স্বামী মোৰ যুদ্ধৰ আখৰাত ভাগৰুৱা
তেওঁক পৰিচৰ্চাৰ প্ৰয়োজন
নীতি বৰ্হিভূত হৈ এৰিব নোৱাৰো
সতীত্বৰ চৰ্ত
পুত্ৰ-বধু! যুধিষ্ঠিৰৰ যে নৰিয়া
তোমাৰ অপেক্ষাত আকুল
আই! উভতি যাওক
মাতৃ আপুনি
আপোনাৰ বাবেই গৃহ প্ৰৱেশৰ দিনাই
মুদ্ৰাৰ দৰে ভঙনীয়া হৈ পৰিলোঁ মই
অলিখিত দলিলত স্বাক্ষৰ কৰি বৰ্তাই ৰাখিছোঁ সতীত্ব
পঞ্চপতি যদিও মোৰ গৌৰৱ
তথাপি পালন কৰোঁ এক গৃহত এক পতিৰ সংগ
ত্যাগ কৰোঁ ভিন্নতা
পালন কৰোঁ গৃহস্থী ধৰ্ম
এতিয়া মই তৃতীয় পাণ্ডৱৰ পত্নী
এই সময় আপোনাৰে নিৰ্দেশনাৰ প্ৰতিকূল
অসহায় মই
নোৱাৰো এৰিব সতী ধৰ্ম
আই! উভতি যাওক
ধৰ্ম নষ্ট বাণী লৈ
দুৱাৰ-দলি কলুষিত নকৰিব
পৰিচৰ্যাৰ বাবে বৈদ্য
ধৰ্মৰ বাবে নীতি
আইৰ বাবে সন্তান
পতিৰ বাবে পত্নী
ধৰ্ম সংকট মোৰ সময়
সময় বৰ নিষ্ঠুৰ আই
তাতোকৈ নিষ্ঠুৰ সতীত্বৰ পৰীক্ষা
উভতি যাওক আই উভতি যাওক
পতি মোৰ ক্লান্ত
পত্নী মই পৰিচাৰিকা ……………।
আমি বেহুত বন্দী ভাগ্যৰ।
***********
৪। আত্মবিশ্লেষণ
কবি- দিবাকৰ ৰেণু
তোমাৰ নাকটো জোঙা
মোৰ নাকটো চেপেটা
তুমি ৰূপেৰে কাৰ্ত্তিক, নাৰ্চিচাচ, হেলেন, ক্লিওপেট্ৰা
মই গুণেৰে নহ'লেও চক্ৰেটিছৰ দৰে কুৰূপ
মোৰ চকু হালি উখহা
গাল দুয়োখনত বৰ আয়ে দি যোৱা গুটি গুটি ভয়ংকৰ দাগ
ডিঙিয়ে কান্ধে লগ লগা ৰামায়নৰ কবন্ধ ৰাক্ষসৰ দৰে মোৰ চেহেৰা
পেটটো কোৰানত বৰ্ণিত চয়তানৰ দৰে
চোলাৰ বুটাম ফালি ওলাই অহা মোৰ
খালৈ ভাঙি পেটটোক ঢাকি ৰখা গেঞ্জিটো তোমাৰ ডাইণিং মচা কাপোৰখনৰ দৰেও বগা নহয়।
মোৰ জপৰা চুলি, তাৰো আধাখিনিত বুৰঞ্জীৰ চাপ
তোমাৰ দৰে সম্ভ্ৰান্ত মানুহ মই নহয়
তেনেই অসভ্য, ডাষ্টবিনৰ মানুহ মই
মোৰ পোকে খোৱা দাঁ‌তবোৰ কিম্ভূত-কিমাকাৰ
কলগেট ব্ৰাচ দেখা নাই
গাল দুখনেই তাৰ প্ৰমাণ
মিঠা খালেই অসহ্যকৰ অৱস্থা
তথাপিও চ'কৰ দোকানত প্ৰাতঃ সন্ধ্যা জেলেপি, ৰসমলাইৰ অৰ্ডাৰ
বেমাৰ কি নুবুজোঁ, জন্তুৰ দৰে কেৱল
য'তেই যি পাওঁ‌ তাকেই খাই যাওঁ‌ এফালৰ পৰা
ফটা জোটাযোৰত পলিচ কৰা নাই বহু দিন
আণ্ডাৰ বনিয়ন সলনি কৰা নাই
নখ কটা নাই
মেডিকেল চেক-আপ কৰা নাই
ইনফেকচনৰ বেজী লোৱা নাই
যদিওৱা আঠুৰ পৰা ভৰিলৈকে এটুকুৰা কেঁ‌চা ঘা
শীতৰ দিনকেইটা এনেকৈয়ে গ'ল
ফটা-চিৰা কম্বল এখন
আৰু নিগনিয়ে কূটা কেঠাখনেই একমাত্ৰ অৱলম্বন
বাৰিষা আহিলে বুকু কঁপে
বতাহে জানোচা জুপুৰিটো ভাঙি থৈ যায়
তথাপিও আপোন মোৰ ঘৰখন
য'ত মই ৰজাৰ দৰে শুব পাৰোঁ‌
খকুৱাৰ দৰে খাব পাৰোঁ‌
পাগলৰ দৰে হাঁ‌হিব পাৰোঁ‌
বিপ্লৱীৰ দৰে উদাত্ত ভাষণ দিব পাৰোঁ‌
খং-অভিমান কৰিব পাৰোঁ‌
আমৰণ অনশন কৰিব পাৰোঁ‌
উলংগহৈ নাচিব পাৰোঁ‌
মোৰ এই সৰু ঘৰখনত
কাৰণ এইখন মোৰ সাম্ৰাজ্য
এইখন দেশৰ মই অঘোষিত ৰজা
সেইয়েহে মই মোৰ ঘৰখনক ভাল পাওঁ‌
কাৰণ এই ঘৰখনৰ পোহৰাবৰ বাবে
জোনাকী পৰুৱাৰ ওচৰতো মই আঠু লোৱা নাই
ভালপাওঁ‌ মোৰ কুন্ধচ দেহ বল্লভিক
কাৰণ দহ মাহ দহ দিন গৰ্ভত ৰাখি তুমি মোক জন্ম দিয়া নাই
ভালে-বেয়াই এই চেহেৰাত অধিকাৰ একমাত্ৰ মাৰ
ভাল পাওঁ মোৰ চেপেটা নাক,উখহা চকু, কবন্ধ পেটটোক
কাৰণ মই মোৰ এই কুৎসিত দেহেৰে কাৰো ওচৰত হাত পতা নাই,
কাৰো ওচৰতেই তোষামোদেৰে মিতিৰালি কৰা নাই
স্বাধীনভাবে জী আছোঁ‌ এখন গতিশীল নৈ বুকুত লৈ
যাৰ নাম স্বাধীনতা।
************
আলোচনা :
========
১। কবি ধীৰেন শইকীয়াৰ কবিতা “কল্কি আহিব কোন বাটে” বৰ্তমান ক্ষয়মান সমাজৰ খতিয়ান। বৰ্তমান সমাজৰ ক্ষয়িষ্ণু অৱস্থা দেখি কবি হতাশ হৈছে। কবিয়ে যেতিয়া ইয়াত কৈছে¸
"…কমিছে ধৈৰ্য্য¸ সহনশীলতা…
শিক্ষিত হৈয়ো জীৱনৰ পৰা আতৰি গৈছে জীৱন…"
তেতিয়াই মনত ক্ৰিয়া কৰিছে শেহতীয়াকৈ ভাৰতৰ লগতে আন্তজাৰ্তিক পৰ্যায়তো তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা ডকমকাৰ নৃশংস হত্যাকাণ্ড। একবিংশ শতিকাৰ বিজ্ঞানৰ জয়যাত্ৰাৰ সময়তো অন্ধ-বিশ্বাসৰ চিকাৰ হোৱাটো যথেষ্ট উদ্বেগজনক। “কল্কি আহিব কোন বাটে”ৰ প্ৰকাশৰ সময়সীমা যদিও এই হত্যাৰ আগৰ ¸ তথাপিও ই ইয়াক প্ৰতিনিধিত্ব কৰিব পাৰিছে।
"যেন সকলো পৰিকল্পিত
উত্তৰ চাই অংক কৰাৰ কৌশলত অভ্যস্ত"
বৰ্তমান সময়ত ৰাজনৈতিক মেৰপেছত বিধস্ত হোৱা জনজীৱনৰ কথা ইয়াৰ পৰা বুজিব পাৰি।
আমি সচৰাচৰ কল্কি অৱতাৰ মানে বৰ্তমানৰ সময় য'ত হত্যা-হিংসা বেছি হৈছে¸ এনে কালকে বুজোঁ যদিও কবিয়ে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰিছে এক দৰ্শন। কল্কি অৱতাৰৰ কাহিনী কোৱাৰ লগে লগে পূৰ্বসূৰী সময়ক প্ৰতিনিধিত্ব কৰিছে। কবিতাৰ শেষত আশাবাদে সঞ্চাৰ কৰিছে যদিও এই আশাবাদ ক্ষীণ।
**************
২। কবিতাটোৰ শিৰোনামা উচ্চাৰণৰ লগে লগে মনত ক্ৰিয়া কৰিছে মহাকাব্য মহাভাৰতৰ এক উল্লেখযোগ্য চৰিত্ৰ “একলব্য”ৰ কথা। কবিতাটো পঠনৰ সমান্তৰালকৈ একলব্য প্ৰতীক হিচাপে ধৰা দি গৈছে। (ভাষাক যদি ভাৱৰ প্ৰতিকাত্মক প্ৰকাশ হিচাপে ধৰা হয় তেন্তে কবিতাত প্ৰায় সকলোবোৰেই প্ৰতীক হিচাপেই অভিহিত কৰিব পাৰি)।
কবিতাই কথা কয়¸ সময়ৰ ছবি দেখুৱায়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ক'ব পাৰি কবিতাটোৰ বক্তব্যই বৰ্তমান সময়ৰ কথাই কৈছে। উদাহৰণ হিচাপে বৰ্তমান অসম তোলপাৰ লগোৱা নাগৰিকত্ব বিধেয়ক(২০১৬) ৰ কথা উল্লেখ কৰিব পাৰি। একলব্যই যেনেকৈ আঙুলি দান দিলে নিজৰ বিপদ হ'ব জানিও দান দিছিল¸ একেদৰে অসমে (চৰকাৰে) বিপদ জানিও দলীয় অনুশাষনৰ স্বাৰ্থত হিন্দু বাংলাদেশীক ৰঙা দলিছা পাৰি দিয়াৰ কথা বুজিব পাৰি ।
সেয়ে কবিয়ে লিখিছে¸
"মহিষাসুৰ বধৰ একলব্য সপোন এটা
উপজি-পুৱা"
কবিতাটোত শব্দ ব্যৱহাৰত কবি যথেষ্ট মিতব্যয়ী¸ সংযম আৰু সচেতন। এক সুখপাঠ্য কবিতা।
************
৩। মহাকাব্যিক চৰিত্ৰ দ্ৰোপদীৰে ৰচিত “দ্ৰৌপদী যদিও পাঞ্চালী” ৰূপায়িত কৰা হৈছে নাৰী-মনৰ বিশেষ অনুভূতিৰ সূক্ষ্ম মানসিক স্তৰসমূহ। মহাকাব্য মহাভাৰতৰ কাহিনীৰে দ্ৰৌপদী দ্ৰুপদ ৰজাৰ জী আৰু পঞ্চ পাণ্ডৱৰ পত্নী। কবিয়ে শিৰোনামাৰেই কবিতাটোত চৰিত্ৰটোক এজনী জীয়ৰীতকৈ এগৰাকী পত্নী ( বা বোৱাৰী) হিচাপে উপস্থাপন কৰিছে ।
ফ্ৰয়েদীয় মনস্তত্বৰ প্ৰকাশ ঘটা এই কবিতাটোত দ্ৰোপদীক প্ৰতীক হিচাপে ধৰি লৈ এইটো ক'ব পাৰি যে সাধৰণতে এগৰাকী নাৰীয়ে পিতৃ-গৃহত যেনেকৈ দিন নিয়াব পাৰে¸ স্বামী-গৃহত বিভিন্ন কাৰণৰ বাবে তেনেকৈ নিয়াব নোৱাৰা হয়। মনোবিজ্ঞানী ফ্ৰয়েদৰ মতে আমাৰ সকলোৰে এনে বহুতো আশা-আকাংক্ষা থাকে¸ যিবোৰ পূৰণ নহয়। এই অৱদমিত আশাবোৰ আমাৰ অজ্ঞাতে অৱচেতন মনত ঠাই লয় আৰু আমাৰ অজানিতেই চেতন মনত প্ৰকাশ হ'ব বিচাৰে।
দ্ৰোপদীৰ ক্ষেত্ৰতো এনে হৈছিল। পাঁচজন বিশেষ বিশেষ গুণ সম্পন্ন স্বামী থকাৰ পিছতো তেওঁ কোনোবাখিনিত অনুভৱ কৰিছিল অসম্পূৰ্ণতা। ধৰ্মৰ বাবেই দ্ৰৌপদীৰ পৰা পাঞ্চালী হ'ব লগা হৈছিল। এইখিনিতে কবিতাটোৰ দ্বাৰা যুগে যুগে অৱদমিত হৈ অহা নাৰীৰ চিৰন্তৰ এক প্ৰকৃতিৰ আভাষ দিয়াৰ প্ৰয়াস কৰিছে। নাৰীমনৰ বিচিত্ৰ অভিব্যক্তি আৰু চেতন-অৱচেতনৰ গভীৰ অন্তৰ্দ্বন্দৰ সংঘাতৰে “দ্ৰৌপদী যদিও পাঞ্চালী” ।
কবিতাটোৰ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কবি সচেতন হোৱাৰ থল আছিল।
*****************
৪। “আত্মবিশ্লেষণ”ত কবিয়ে প্ৰতিবাদ কৰিছে আৰ্থ-সামাজিক স্থিতাৱস্থাৰ। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭১ বছৰ উকলি যোৱাৰ পিছতো যেন স্বাধীনতা এতিয়াও দুৰ্লভ হৈয়ে আছে! কবিৰ এনে চিন্তাৰ ৰাজনৈতিক আৰু সমাজিক কাৰণ বৰ্তমান পৰিৱেশত চকু ফুৰালেই দেখা পাওঁ।
আত্মবিশ্লেষণত কবি নিজেই বক্তা। কবিতাৰ শিৰোনামাৰ প্ৰতি লক্ষ্য কৰিলে ফ্ৰয়েদীয় মনস্তাত্বিক ধাৰণা ইয়াতো প্ৰকাশ ঘটিছে। দেশে স্বাধীনতা লাভৰ পিছত যি যেনেকুৱা হ'ব ভাবিছিল¸ কাৰ্যতঃ তেনে নহ'ল। চেতন আৰু অৱচেতন মনৰ মাজত এইখিনিতে সৃষ্টি হৈছে তীব্ৰ সংঘাতৰ। স্বাধীনতাৰ ইমান বছৰৰ পাছতো কবিয়ে অনুভৱ কৰিছে তেওঁলোকে টাপলি মৰা কামিজ পিন্ধিয়েই দিন কটাব লগা হৈছে। ৰাজনৈতিক স্বাধীনতাই অৰ্থনৈতিক স্বাধীনতা আৰু সম-অধিকাৰ দিব পাৰিব বুলি আশাবাদী আছিল। কিন্তু সমাজবাদী অৰ্থনীতিৰ বাবে যি অনুশাষনৰ প্ৰয়োজন সেয়া কেৱল বক্তৃতা আৰু শ্লোগানৰ মাজতে সীমাবদ্ধ থাকিল। প্ৰচাৰ ঠিকেই হ'ল¸ কিন্ত প্ৰসাৰ নহ'ল, কাকো স্পৰ্শ কৰিবই নোৱাৰিলে ।
কবিতাটোত প্ৰথম পুৰুষ কবিৰ অৱচেতন মন¸ কবিৰ কল্পনা আছিল আনহাতে দ্বিতীয় পুৰুষ কবিৰ বাস্তৱ। আত্ম-বিশ্লেষনত কবিৰ সংগ্ৰামী আৰু প্ৰগতিবাদী মনোভাব উন্মোচিত হৈছে যদিও এই প্ৰচেষ্টা কিছু স্তিমিত হৈ পৰা যেন লাগিছে ।
**************
SHARE

About www.parthapratim.in

0 comments :

Post a Comment