পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » শব্দ ¸ অলপ কথা

শব্দ ¸ অলপ কথা

Written By www.parthapratim.in on Sunday, 24 June 2018 | 04:55

শুনাচোন¸ কিবা এটা ক'ব বিচাৰিছো তোমাক ।  বহুত দিনৰ পৰা কম কম বুলি……হঠাৎ তোমাৰ ফোন টো বাজি উঠিল । তুমি আজিকালি খুউব ব্যস্ত ।  এক মিনিট ৰ'ব কৈ তুমি আতৰি গ'লা। তুমি যোৱাৰ বাটতে ডুব গল প্ৰসৱ হ'ব খোজো দুটামান শব্দ ¸ অলপ কথা । আসঃ বুকুৰ একোণত এটা বিষ। চাগে আকাশৰে সীমা আছে¸ কথাৰ শেষ নাই ¸ অথচ !

এই যে কথাবোৰ¸ সদায় শুনি থকা¸ আমাৰ কৰ্ণকুহৰত শব্দৰ অলেখ-লেখ ফুল তোলা। বুজিছানে ?  এই যে…

যদি কথাবোৰ হেৰাই যায় এদিন ?? বাঢ়ি নাহিবনে তোমাৰ আৰু মোৰ মাজৰ দূৰত্ব ?


কথাবোৰ হেৰাই যাব নিদিবা ।আহানা¸ কথা পাতো……
কথাবোৰ হৃদয়ৰ পৰা হৃদয়লৈ একোটা বাট। এই বাটৰেই ভটিয়াই আহিব এপৃথিৱী মৰম , এসাগৰ চেনেহ , আকাশ আকাশ সুবিশাল আন্তৰিকতা । এই কথাবোৰেইতো সংগোপনেই গঢ়ি তোলে এজনৰ প্ৰচ্ছায়াত আনজনৰ বিশ্বাসৰ সৌধ ।


 আহানা কথা পাতো । এই কথাবোৰেই আমাক “আমি” কৰি গঢ়ি তুলিব । আহানা…


কি কৰিছা বাৰু এতিয়া ?  বৰষুন দিছেনে? খিৰিকিখন খুলি দিয়া । এচাতি বতাহ সোমাই আহিব । শীতল শীতল শব্দৰ কোমল বতাহ আৰু বতাহৰ ভাঁজে ভাঁজে এজাক পাতলীয়া বৰষুণ  ।

আহা প্ৰাণ খুলি প্ৰাণৰ কথা পাতো। বতাহৰ সতে ¸  নিজৰ সতে …

কথাবোৰক শেষ হ'বলৈ নিদিবা ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment