নিশাৰ নীৰৱ নিঃস্তব্ধতা আকোঁৱালি চকুদুটা মুদি দিওঁ সদায়। ৰাতিৰ আন্ধাৰো যেন অশৰীৰী শব্দৰ শোভাযাত্ৰা। মোৰ সোঁৱে-বাওেঁ বাংময় শব্দৰ অযুত কোলাহল¸ কোলাহলত লীন মোৰ উশাহৰ শব্দ। মোৰ দেহত দিনান্তৰৰ সুখ¸ চকুত প্ৰেয়সীৰ মুখ। অলসতাৰে বিচনাত গা এৰিলেই টোপনি আহি যায়। চকু মেলিয়েই আৱিস্কাৰ কৰো মোৰ কোঠাৰ ভেন্টিলেটৰৰ সৰু সুৰুঙাৰে সোমাই অহা সুৰুযৰ প্ৰথম পৰশ। বৰ ভাল লাগে। অলপ সময় চাওঁ কি নাচাওঁ হঠাৎ অনুভৱ হয় মই কিবা এটা হেৰুৱাইছো। যেন কিবা এটা হেৰুৱাই গৈছো মোৰ অজানিতে। যন্ত্ৰবৎ ভাৱে উঠি বহো বিচনাত। টিক-টিক টিক-টিক। ঘড়ীৰ কাঁইট দৌৰি আছে। পিছে পিছে ময়ো দৌৰিছো। যেনিয়ে তেনিয়ে সুখ বুটলি ফুৰিছো। মোৰ কামিজৰ জেপত সুখত¸ লংপেন্টৰ পকেটত সুখ। মোনাত এজোলঙা সুখ। ক্ৰমশঃ সুখৰ বাবে মোৰ ওজন বাঢ়িছে- ৱাহ শকত হৈছো। পুৰণি চাৰ্ট দলিয়াই নতুন পিন্ধিছো। সুখত হাঁহিছো নতুন মডেলৰ নতুন গাড়ীত বহি। সুখত সুখী কৰি বাঢ়িছে তেজৰ চাপ- উচ্চ ৰক্তচাপ।
সুখ বাঢ়িছে জিভাৰ জুটিত- ডায়েবেটিচ।
সুখ বাঢ়িছে দেহত- চৰ্বী বৃদ্ধি।
সুখী মই। অথচ ইমানসোপা সুখে মোক সম্পূৰ্ণ কৰিব পৰা নাই। যেন আধাটোপনিৰ আধৰুৱা পাৰ্থ। সুখ সময়ৰ দৰে। কোনো নতুনত্ব নাই। স্থায়ীত্ব নাই। ঘড়ীৰ কাঁইটত সদায় একেখিনি সময়ৰ পুনৰাবৃত্তি। কেলেণ্ডাৰৰ ৰঙা-ক'লা দাগত সদায় একেই বাৰ। সদায় একেই দৈনন্দিন ৰুটিন। সদায় ৰাতিপুৱা উঠিয়েই ব্ৰাছ¸ টয়লেট¸ বাথৰুমত আধাঘন্টা¸ পুৱাৰ জলপান¸ চিটিবাছৰ হেন্দোলনি¸ চাকৰিৰ ব্যস্ততা¸ বন্ধুৰ আড্ডা¸ মদ-মাছ-মাংসৰ নিছা¸ প্ৰেয়সীৰ চুমা। একঘেয়ামী…
দিনৰ সকলো সময় দেখোন অইনৰ বাবেই। “মই” ক'ত। সামাজিক হ'লেও বুকুৰ কোণোবাখিনিত নীৰৱতাৰ নিস্তব্ধ বিস্তৃতি। সুখৰ ঝনঝননিয়ে ব্যাঘাত দিয়ে নিৰৱতাত। চৌপাশৰ এই শব্দবোৰ¸ প্ৰেয়সীৰ চুমাবোৰ সকলোতে “মোৰ” অনুপস্থিতি। “মই” নাই। শেষ কেতিয়া উচুপিছিলো মনত নাই। সেয়াই আছিল মোক আৱিস্কাৰ কৰাৰ শেষৰ দিন। অলপ নিজৰ সৈতে কথা পাতিবলৈ মন। শব্দহীন¸ নীৰৱ বাৰ্তালাপ। চৌদিশৰ সহস্ৰ শব্দৰ পৰা বহুত দূৰত¸ নিৰ্বাক কথোপকথন সময় কটাম মোৰ উশাহৰ সৈতে। এই নীৰৱতাক বুকুত গুজি কান্দিম¸ দুগাল তিয়াম। আকৌ এবাৰ আৱিস্কাৰ কৰিম নিজক। নিজক লিখিম¸ আঁকিম।
সুখ নহয়¸ নীৰৱতাৰ পৰা নিসৃতব্য দুখ লাগে মোক। এৰা দুখ লাগে মোক। দুখবোৰ দাপোনৰ দৰে। দুখৰ মুহূৰ্তত পৃথিৱীৰ সমস্ত কথা পাহৰি জুকিয়াই চাৱ পাৰি বুকুৰ ভিতৰ খন। এই সৰ্বব্যাপি শব্দময় সুখৰ পৰা আতৰি নিৰ্জন ঠাইৰ দিকচৌ বাটৰে কোনেও নেদেখা নদীৰ নিজান ঘাটত অকলে বহাৰ প্ৰৱল তাড়নাত বিহ্বল মই। অন্ততঃ এদিনৰ বাবে দুখ লাগে। দুখৰ জখলা বগাই নীৰৱতাৰ হিমশীতল জলধাৰাত অৱগাহন কৰাৰ মন। দুখ-মিছ ইউ। মিছ ইউ দুখ।

0 comments :
Post a Comment