পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কৃষ্ণগহ্বৰ

কৃষ্ণগহ্বৰ

Written By www.parthapratim.in on Sunday, 7 October 2018 | 04:21


চকুৰে যিমানখিনি দেখো
সেয়া মই
তাৰ পিছৰ সৱ তুমি।

মই ওপঙি থকা এটা শিল।

তুমি ক'ত
ক'ত তুমি
তুমি দেখিছানে
ভাগ্যই হেনো সুখী কৰে আমাক!
মাটিত বগায় কুমজেলেকুৱা
আৰু বিগলিত সময় বতাহ

আমি সপোনত কেতিয়াও পঢ়িব নোৱাৰো
হাতত জমা ৰাখিছো বৃত্তৰ তেপাৱন্ন  ডিগ্ৰী

চুই চাওঁ!
খহে যদি খহি পৰক সময়ৰ আধাভাগ
তোমাৰ আন্ধাৰৰেই মই ৰ'দৰ ল'ৰা
দেখা পাম
পোহৰৰ মৃত্যু
অথবা সম্ভাৱনা নতুন দিনৰ।


✍🏿পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment