পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » সময় যাত্ৰা (Time travel)

সময় যাত্ৰা (Time travel)

Written By www.parthapratim.in on Sunday, 7 October 2018 | 03:54




সময় চিৰপ্ৰৱাহমান। আজিলৈ সময়ক কোনেও দেখা নাই। ই ক'ৰ পৰা ক'লৈ প্ৰৱাহিত হৈ গৈ আছে কোনেও নাজানে। তথাপিও আমি সকলোৱে জীৱনৰ কোনোবা নহয় কোনোবা সময়ত বা প্ৰায়ে অতীতলৈ উভতি গৈ ভুল শুধৰাব পৰাৰ সম্ভৱনাৰ কথা কল্পনা কৰো। অতীতলৈ উভতি গৈ নিজৰ ইচ্ছানুসৰি নিজৰ জীৱনক নিয়ন্ত্ৰিত কৰাৰ যদি সুযোগ কৰা ভাৱো অথবা ভাৱো আহিবলগীয়া ভৱিষ্যৎ কেনে হ'ব তাৰ বিষয়ে। যদি আমাৰ কল্পনা বাস্তৱ হয় কেনে হ'ব? কেনে হ'ব যদি আমি সঁচাকৈয়ে অতীতলৈ গৈ নিজক সংশোধন কৰাৰ পাৰো লগতে ভৱিষতো দেখিব পাৰো? হয়তো আপোনাৰ উত্তৰ হ'ব এয়া অসম্ভৱ। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে আমি সকলোৱে সময় যাত্ৰা কৰিয়েই আছো। আচৰিত নহ'ব। চাওঁক¸ অতীতৰ পৰা বৰ্তমান হৈ ভৱিষ্যতলৈ যাত্ৰা কৰিয়েই আছো। সময়ৰ লগে লগে আমি¸ আমাৰ দৈহিক গঠন-অবয়ব আদি সকলোবোৰ যাত্ৰা কৰিয়েই আছে। ১৯৯২ ত ওপজা মই এতিয়া চফল ডেকা¸ সময়ৰ সোঁতত এদিন বৃদ্ধ হ'ম¸ মৃত্যু হ'ব। এয়া জানো যাত্ৰা নহয়। কিন্তু আমাৰ এই যাত্ৰাৰ বেগ এক ঘন্টা প্ৰতি ঘন্টা হিচাপত হৈ আছে বাবে আমি একোৱেই অনুধাৱন কৰিব নোৱাৰো। অৰ্থাৎ ভৱিষ্যতৰ এঘন্টা আগলৈ যাবলৈ আমাক এঘন্টা সময়ৰ প্ৰয়োজন¸ এবছৰ আগলৈ যাবলৈ এবছৰৰ প্ৰয়োজন হ'ব। কিন্তু সময় যাত্ৰাৰ এক ঘন্টা প্ৰতি ঘন্টাৰ বেগক ইয়াতকৈ বেছি বেগী কৰিব পাৰিনে! অৰ্থাৎ কম সময়ৰ অন্তৰালত ভৱিষ্যতৰ শ-শ বছৰ আগুৱাই যাব পাৰিনে? বৈজ্ঞানিক সকলৰ মতে এয়া সম্ভৱ। এয়াই সময় যাত্ৰা।
সময় যাত্ৰা পদাৰ্থ বিজ্ঞানৰ আকৰ্ষণীয় আৰু ৰহস্যময় বিষয়সমূহৰ ভিতৰত এক অন্যতম বিষয়। এই বিষয়টো যিমানেই ৰহস্যময়¸ সমানেই বিতৰ্কিত। আইনষ্টাইন¸ ষ্টিফেন হকিন্স প্ৰভৃতি বিজ্ঞানীৰ মতে সময় যাত্ৰা সম্ভৱ¸ আনহাতে বহুতো বিজ্ঞানীৰ মতে এয়া মাথোন এক Science fiction । সময় যাত্ৰাত বিশ্বাসী বিজ্ঞানী সকলে এয়া যে সম্ভৱ তাৰ প্ৰমান তথ্য সহকাৰে বাখ্যা কৰিছে।
সময় যাত্ৰা যে সম্ভৱ তাৰ প্ৰমান
-----------------------------------
হাফেল কিটিং পৰীক্ষা (Hafele Keating experiment): চন ১৯৭১¸ মাহ- অক্টোবৰ। সময় যাত্ৰাৰ তুমল বিতৰ্কৰ মাজত ৰিচাৰ্ড কিটিং নামৰ এজন ব্যক্তিয়ে সময় যাত্ৰা সম্ভাৱনাক বুজিবলৈ চাৰিটা পাৰমানৱিক ঘড়ী (Atomic watch) লগত লৈ পৃথিৱীৰ চাৰিওফালে ঘুৰিবলৈ মন কৰিলে। এইখিনিতে এটা কথা জনোৱা ভাল হ'ব যে বৰ্তমানলৈ পৃথিৱীত পাৰমানৱিক ঘড়ীতকৈ নিখুতভাৱে সময় নিৰ্ধাৰণ কৰিব পৰা অন্য একো নাই। ই এক ছেকেণ্ডৰ এক কোটি ভাগৰ এক ভাগকো ৰেকৰ্ড কৰি ৰাখিব পাৰে। ৰিচাৰ্ড কিটিং যেতিয়া পৃথিৱীৰ চাৰিওপিনে দুপাক ভ্ৰমণ শেষ কৰি United states naval obsevatory লৈ আহিল¸ তেতিয়া দেখিলে যে observatory ত থকা এট’মিক ঘড়ীটোৰ সময় কিছু নেন’ ছেকেণ্ড আগত আছিল। এই পৰীক্ষাৰ দ্বাৰা এয়া প্ৰমাণিত হ'ল যে পৃথিৱীৰ কোনো স্থানত ৰখোৱা ঘড়ীটোৰ গতি প্লেনত থকা ঘড়ীটোৰ গতিতকৈ বেছি হ'ল।কি পৃথিৱীত থকা ঘড়ীটোৱে বেছি বেগত গতি কৰিছিল নে প্লেনত থকাটোহে ধীৰ হৈ গৈছিল ?? আচলতে প্লেনৰ ঘড়ীটোৰ সময় ধীৰ হৈ গ'ল ইয়াৰ অৰ্থ এইটোৱেই যে কোনো এক বস্তু যিমানেই বেগত যাব সিমানেই তাৰ সময় ধীৰ হৈ যাব ।
১। ১। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰে সময় যাত্ৰা
------------
সৰ্বকালৰ মহান বিজ্ঞানী আইনষ্টাইনৰ মতে সময় যাত্ৰা কৰা সম্ভৱপৰ । তেওঁৰ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি সময় যাত্ৰা কৰিব পৰা যায়।
E=MC2(square) প্ৰকাশ হোৱাৰ আগলৈ মানুহে ভাৱিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো অংশতে পোহৰৰ গতি পৃথিৱীৰ সৈতে একে। অৰ্থাৎ পৃথিৱীৰ এঘন্টা আৰু ব্ৰহ্মাণ্ডৰ যিকোনো অংশৰ এঘন্টা সমান হ'ব। আইনষ্টাইনে ইয়াক ভুল বুলি প্ৰমান কৰাৰ লগতে এয়া প্ৰমান কৰিলে যে সময় আৰু অন্তৰীক্ষ দুয়ো একেলগে জড়িত। ইয়াক spacetime বুলি কোৱা হয়। ই চতুৰ্থ মাত্ৰিক (এই বিষয়ে অন্য আলোচনাৰ প্ৰয়োজন আছে)। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ স্থান পৰিবৰ্তন হ'লে সময়ৰ গতিৰো পৰিবৰ্তন হ'ব। ব্ৰহ্মাণ্ডক যদি এখন নদী বুলি ধৰা হয়¸ তেন্তে নদীৰ পানীখিনি হ'ব সময়। নদীত যেনেকৈ কোনো অংশত পানীৰ সোঁত বেছি¸ কোনো অংশত কম হয়¸ ঠিক একেদৰে ব্ৰহ্মাণ্ডতো অংশবিশেষে সময়ৰ গতি কম-বেছি হ'ব পাৰে। নদীত যেনেকৈ কোনো পদ্ধতিৰ সহায়ত ইচ্ছা কৰিলে পানীৰ সোঁত কম-বেছি কৰিব পাৰি¸ এক্দৰে ব্ৰহ্মাণ্ডতো সময়ৰ গতি কম-বেছি কৰিব পাৰি। সময়ৰ গতিক এনেকৈ কম-বেছি কৰিলে সময় যাত্ৰা কৰিব পাৰি।
এই সমীকৰণ মতে কোনো এটা বস্তু যিমান বেগেৰে যাব¸ তাৰ বাবে সময় সিমানেই ক'ম হ'ব। গতি বাঢ়িলে সময় কমে। এই সূত্ৰ অনুসৰি যেতিয়া আমি বহুত বেগেৰে যোৱা কোনো প্লেনত উঠি যাত্ৰা কৰো তেতিয়া আমাৰ বাবে সময়ত বাহিৰৰ মানুহৰ মানুহৰ তুলনাত লেহেমীয়া হৈ যায় । আৰু যেতিয়া প্লেনৰ পৰা ওলায় বাহিৰত খোজ দিম¸ তেতিয়া আমি আমাৰ ভৱিষ্যতত প্ৰৱেশ কৰো। কিন্তু সময়ৰ এই ব্যৱধান ইমানেই কম যে (প্ৰায় এক চেকেণ্ডৰ এক কোটিভাগৰ এভাগ) তাৰ বুজিব নোৱাৰি। যিমানেই আমি যাত্ৰা কৰা প্লেন খনৰ গতি বৃদ্ধি হ'ব তেন্তে সময়ৰ এয়া ব্যৱধানো কমি আহিব। এই ব্যৱধান বুজিবৰ বাবে আমি এই বেগ পোহৰৰ গতিৰ বেগৰ সমান বা তাৰ শতকৰা ৯৫ ভাগৰে গতি কৰিব পাৰিব লাগিব। মহান বিজ্ঞানী ষ্টিফেন হকিন্সে এনে এখন ট্ৰেইন কল্পনা কৰিছিল¸ যিখন ট্ৰেইন পৃথিৱীৰ চাৰিওফালে যাব পাৰে আৰু যাব বেগ হ'ব পোগৰৰ বেগৰ সমান। তেওঁ গাণিতিক বাখ্যাৰে তথ্য সহকাৰে কৈছিল যে সেই কাল্পনিক ট্ৰেইনখনত যিয়ে যাত্ৰা কৰিব তেওঁৰ বাবে সময়ৰ গতি একেবাৰে লেহেমীয়া হৈ যাব¸ কিন্তু একেই সময়ত পৃথিৱীত সময় বহুখিনি আগুৱাই যাব। তেনেস্থলত ট্ৰেইনখনৰ ভিতৰত থকা মানুহ এজনৰ মাত্ৰ ১ চেকেণ্ড পৃথিৱীত থকা মানুহ এজনৰ বাবে এমাহ পৰ্যন্ত হ'ব পাৰে। সময়ৰ এই বৃহৎ ব্যৱধান ট্ৰেইনত থকা আৰু পৃথিৱীত থকা কোনেও বুজিব নোৱাৰিব। এনে অৱস্থাত যদি কোনো যাত্ৰীয়ে কাল্পনিক ট্ৰেইনখনত উঠি পৃথিৱীৰ চাৰিওফালে ৭ দিন পোহৰৰ সমান বেগেৰে যাত্ৰা কৰি পৃথিৱীলৈ উভতি আহে¸ তেতিয়া পৃথিৱী ৬৫ বছৰ আগুৱাই যাৱ। অৰ্থাৎ ট্ৰেইনপ যাত্ৰী জনে ভৱিষ্যতৰ পৃথিৱীত খোজ পেলাব।
আপেক্ষিকতাবাদৰ সূত্ৰৰ সহায়ত এনেকৈ সময় যাত্ৰা কৰিব পাৰি। সহজ নে? ৰ'ব¸ কাহিনী এতিয়াও শেষ হোৱা নাই। এই সূত্ৰ অনুসৰি সময় যাত্ৰা কেৱল ভৱিষ্যতলৈহে সম্ভৱ ¸ অতীতলৈ সময় যাত্ৰা কৰিব নোৱাৰি। অৰ্থাৎ এই যাত্ৰা অনুসৰি সময় যাত্ৰা একমুখী।
এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে¸ পোহৰৰ গতিত যাব পৰা এখন ট্ৰেইন নিৰ্মান কৰা সম্ভৱনে? বৰ্তমানৰ সময়ৰ উত্তৰ নিসন্দেহে অসম্ভৱ যেনে লাগিব। কিন্তু এটা কথাৰে মনক উৎসাহ যোগোৱা ভাল হ'ব যে বৰ্তমানৰ সকলো বিজ্ঞানৰ অৱদান অতীতৰ পৃথিৱীৰ বাবে অসম্ভৱ আছিল। বৰ্তমান আপুনি এই লেখাটো য'ত পঢ়ি আছে সেয়া ১০০০ বছৰ আগৰ পৃথিৱীৰ দিনত অলীক সপোন নাছিল জানো?
আপেক্ষিতাবাদৰ সূত্ৰই আৰু কথা কয় যে কোনো বস্তুৰ বেগ যিমানে বৃদ্ধি হয় তাৰ ভৰ যিমানেই বৃদ্ধি হয়। অৰ্থাৎ বস্তু এটাৰ বেগ আৰু ভৰ সমানুপাতিক।
ধৰা হ'ল¸ কিছুসময় আগতে আমি যিখন কাল্পনিক ট্ৰেইন কল্পনা কৰিছিলো¸ আমি সেয়া নিৰ্মান কৰি উলিয়ালো। যেতিয়া এই ট্ৰেইনখন পোহৰৰ বেগেৰে যাত্ৰা কৰিব তেতিয়া সূত্ৰ অনুসৰি ইয়াৰ ভৰ অসীম হ'ব আৰু E=MC2 অনুসৰি অসীম ভৰৰ ট্ৰেইনএখন চলাবলৈ অসীম পৰিমানৰ শক্তিৰ প্ৰয়োজন হ'ব। ইমান পৰিমানৰ শক্তি আমাৰ সৌৰজগত থকা হাতীপটিখনতে নাই।
২। কৃষ্ণগহ্বৰৰ জৰিয়তে সময় যাত্ৰা
----------------------------------
আগত কৈ আহিলো সময় আৰু অন্তৰীক্ষ দুয়ো উভয়ে জড়িত। ব্ৰহ্মাণ্ডত সময় তাৰ মধ্যকৰ্ষণ(Gravity)ৰ ওপৰত নিৰ্ভৰশীল। য'ত মধ্যকৰ্ষণ বেছি তাত সময়ৰ বেগ কম আনহাতে য'ত gravity কম তাত সময়ৰ বেগ বেছি। আমাৰ সৌৰজগতৰ আটাইবোৰ গ্ৰহৰে Gravity বেলেগ বেলেগ ভাৱে সময়ৰ গতিও বেলেগ বেলেগ হয়। পৃথিৱীৰ তুলনাত মংগল গ্ৰহত Gravity ৰ মান বেছি বাবে তাত সময়ৰ বেগ কম হয়। কিন্তু সৌৰজগতৰ আটাইবোৰৰ গ্ৰহতে সময়ৰ এই ব্যৱধান বৰ বেছি নহয়।
কল্পনা কৰকচোন এনে এখন ঠাই য'ত Gravity পৃথিৱীৰ তুলনাত বহু হাজাৰ গুণ বেছি। এনেকুৱা ব্ৰহ্মাণ্ডত বহুত আছে। ইয়াক কৃষ্ণগহ্বৰ (Black Hole) বোলে। কৃষ্ণগহ্বৰক স্বাভাৱিক সময়-যন্ত্ৰ (Natural time machine) বুলিও কোৱা হয়। কৃষ্ণগহ্বৰ এটাৰ gravity আৰু ঘনত্ব সাংঘাতিক ধৰণে বেছি। ই আকাৰত সূৰ্যতকৈ বহু হাজাৰ গুণে ডাঙৰ।
কৃষ্ণগহ্বৰ এটাৰ কেন্দ্ৰৰ অভিকৰ্ষণ ব'ল ইমান বেছি যে ই ৩ লাখ কি:মি: প্ৰতি চেকেণ্ড বেগত গতি কৰা পোহৰ ৰশ্মিকো ৩০৭ ডিগ্ৰী হেলনীয়া কৰি দিব পাৰে। ইমান বেছি অভিকৰ্ষণ বলক gravitational singularity বুলি কোৱা হয়। এই gravitational singularity ৰ আশে-পাশে থকা প্ৰতিটো পদাৰ্থ আনকি পোহৰকো কৃষ্ণগহ্বৰ বোৰে নিজৰ কেন্দ্ৰৰ ফালে অবিৰাম ভাৱে শোষণ কৰে। সময়ে সদায় সম্মুখলৈ গতি কৰিব বিচাৰে কিন্তু কৃষ্ণগহ্বৰৰ অভিকৰ্ষণ ব'লে সময়ক বান্ধি ৰাখে। অৰ্থাৎ কৃষ্ণগহ্বৰ এটাৰ কেন্দ্ৰত সময় একেবাৰে স্থিৰ আৰু পৰিধিত একেবাৰে ধীৰ হয়।
এই কৃষ্ণগহ্বৰৰ জৰিয়তে আমি দুই ধৰণে সময় যাত্ৰা কৰিব পাৰো-
ক) যদি কৃষ্ণগহ্বৰৰ আশেপাশে থকা কোনো গ্ৰহত আমি বসতি স্থাপন কৰো¸ তেতিয়া কৃষ্ণগহ্বৰৰ অভিকৰ্ষণ বলৰ প্ৰভাৱৰ বাবে সেই গ্ৰহত সময় পৃথিৱীৰ সময়ৰ প্ৰায় আধা হ'ব। অৰ্থাৎ তাত এবছৰ থাকিলে পৃথিৱীত দুবছৰ আগুৱাই যাব।
খ) প্ৰতিটো কৃষ্ণগহ্বৰে এক সুৰক্ষাসীমা থাকে। ইয়াক point of no return কোৱা হয়। ইয়াৰ ভিতৰত যি পদাৰ্থই নোসোমাওক কিয় কৃষ্ণগহ্বৰে শোষণ কৰে¸ আৰু তাৰ বাহিৰত নকৰে¸ কিন্তু অভিকেন্দ্ৰিক বলৰ বাবে তাত সময় লেহেমীয়া হয়। ধৰা হ'ল¸ আমি এনে এখন মহাকাশযান নিৰ্মাণ কৰিলো যিখন কৃষ্ণগহ্বৰৰ point of no return ৰ বাহিৰত কক্ষপথত ঘুৰিব পাৰে। এনে ক্ষেত্ৰত ইয়াত এবছৰ থাকিলে পৃথিৱীত প্ৰায় দুবছৰ আগুৱাই যাব। এইখিনিতে মন কৰিব লগীয়া কথা এয়া যে পৃথিৱীৰ আটাইতকৈ নিকটকম কৃষ্ণগহ্বৰটো পৃথিৱীৰ পৰা প্ৰায় ১৬০০ আলোকবৰ্ষ দুৰত আছে।
৩/ বহুব্ৰহ্মাণ্ড তত্ত্বমতে সময় যাত্ৰা সম্ভৱ
----------------------------------------
পদাৰ্থ বিজ্ঞানৰ কোৱান্টাম সূত্ৰ অনুসৰি আমি যি ব্ৰহ্মাণ্ড(Universe) কথা কৈ আহিছো¸ সেয়া এখন ব্ৰহ্মাণ্ড হে। ইয়াত uni মানে এক অৰ্থ প্ৰকাশ কৰে। এনে ধৰণৰ ব্ৰহ্মাণ্ড মহাকাশত বহুত আছে। ইয়াকেই বহুব্ৰহ্মাণ্ড (Multiverse) বোলে। এই তত্ত্ব অনুসৰি মহাকাশত সকলো সময়তে নতুন নতুন ব্ৰহ্মাণ্ড আৱিস্কাৰ হৈ থাকে আৰু সমানুপাতিক ভাৱে মৃত্যুও হৈ আছে। আমি ৰাতিৰ আকাশত তিৰবিৰাই থকা যিবোৰ তৰা দেখা পাওঁ সেয়া বহুবছৰ আগেয়ে মৃত তৰাও হ'ব পাৰে। বহুব্ৰহ্মাণ্ড তত্ত্বই সমান্তৰৰ ব্ৰহ্মাণ্ড (Parallel universe)ৰ কথা স্বীকাৰ কৰে। এই তত্ত্ব মতে ব্ৰহ্মাণ্ডত সকলো বস্তুৰে আনকি আমাৰো একো একোটা বা ততোধিক প্ৰতিৰূপ সমান্তৰৰ ব্ৰহ্মাণ্ডত মজুত আছে। অৰ্থাৎ আমি যি পৃথিৱীত বাস কৰি আছো¸ ঠিক তেনেকুৱা বহুত পৃথিৱী থকাৰ সম্ভাৱনা আছে। ইয়াৰে কিছুমান পৃথিৱী আমি বাস কৰি থকা পৃথিৱীখনৰ অতীতৰ ৰূপ আৰু কিছুমান ভৱিষ্যতৰ। সমান্তৰৰ পৃথিৱীত কোনো গ্ৰহত হয়তো আমাৰ জন্মই হোৱা নাই বা কৰ'বাত আমি বৃদ্ধ হৈ মৃত্যুও হৈছো। আমি যি কথাই কল্পনা নকৰো কিয় এই সকলোবোৰ সমান্তৰৰ পৃথিৱীৰৰ কোনোবা নহয় কোনোবাত সংঘটিত হৈ আছে। এই তত্ত্ব অনুসৰি আমি সময় যাত্ৰা কৰিব পাৰো । আগতে পাই অহা একমুখী সময় যাত্ৰাৰ বিপৰীতে ইয়াত উভয়মুখী সময় যাত্ৰা সম্ভৱ। অৰ্থাৎ এই তত্ত্ব অনুসৰি অতীতৰ পৰা বৰ্তমান হৈ ভৱিষ্যত আৰু অতীতলৈও যাত্ৰা কৰিব পাৰো। এই ক্ষেত্ৰত অতীতলৈ সময় যাত্ৰা কৰিলে উদ্ভৱ হোৱা বিৰোধাভাষ এই তত্ত্বত নাখাটে। এই তত্ত্ব অনুসৰি আমি যেতিয়া অতীতলৈ যাম ¸ তেতিয়া সেই অতীত আৰু বৰ্তমানৰ মাজত পাৰ্থক্য থাকিব। এইক্ষেত্ৰত আপুনি সময় যাত্ৰা কৰি অতীতলৈ গ'লে আপুনি বৰ্তমানৰ পৃথিৱীৰ পৰা অন্য এখন প্ৰতিবিম্ব পৃথিৱীলৈ যাত্ৰা কৰিব। প্ৰতিবিম্ব পৃথিৱীত আপুনি নিজকে হত্যা কৰিলেও মূল পৃথিৱীত ইয়াৰ কোনো প্ৰভাৱ নপৰে।
এই তত্ত্ব অনুসৰি সময় যাত্ৰাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সকলো প্ৰকাৰৰ বিৰোধাভাষৰ উত্তৰ দিব পাৰি বাবে ই বিজ্ঞানী সকলৰ আকৃষ্ট কৰি আহিছে।
৪। টিপ্লাৰ চিলিণ্ডাৰ (Tipler cylinder)
----------------------------------------
বিজ্ঞানী সকলৰ মতে স্থান-সময় (space time)ৰ মাজত এটা ঘূৰ্ণীয়মান অসীমিত দৈৰ্ঘ্যৰ সুৰংগ আছে। এনে সুৰংগৰ ভৰ সূৰ্যতকৈ ১০ গুণ বেছি হ'ব পাৰে। আমেৰিকান পদাৰ্থ বিজ্ঞানী ফ্ৰেংক টিপ্লাৰ (Frank tipler)ৰ মতে আমি যদি ঘূৰ্ণীয়মান অসীমিত দৈৰ্ঘ্যৰ সুৰংগৰে ঘুৰিব পাৰো তেন্তে আমি অতি সহজে সময় যাত্ৰা কৰিব পাৰিম। এনেক্ষেত যদি আমি এখন মহাকাশযানত উঠি এনে ঘূৰ্ণীয়মান সুৰংগৰ সহায়ত পৃথিৱীৰ আশো-কাশে এপাক ঘুৰি পৃথিৱীলৈ উভতি আহো¸ তেতিয়া পৃথিৱীত বহুবছৰ আগুৱাই যোৱা দেখা পাম।
৫। ৱৰ্ম হ'ল (Wormholes)
---------------------------
ৱৰ্ম হ'লৰ জৰিয়তে সময় যাত্ৰা সম্ভৱ বুলি পোণ প্ৰথমে মহান বিজ্ঞানী আইনষ্টাইনে মতপোষণ কৰিছিল। সেইবাবে ইয়াৰ আন এটা নাম Einstein Rosen Bridge. ইয়াৰ পিছত ষ্টিফেন হকিন্সে গাণিতিক বাখ্যাৰে ৱৰ্ম হ'লৰ অস্তিত্বৰ কথা প্ৰমান কৰে। ৱৰ্মহোল(wormholes) হ'ল দুখন স্থান-সময়(spacetime)ৰ মাজৰ এটা সুৰংগ। অৰ্থাৎ ই ব্ৰহ্মাণ্ডৰ দুটা পৃথক সময় আৰু পৃথক স্থানৰ লগত জড়িত। গতিকে আমি যদি কোনো প্ৰকাৰে এনে সুৰংগৰ মাজেৰে যাত্ৰা কৰিব পাৰো তেন্তে আনি ব্ৰহ্মাণ্ডৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ অতি সহজে সংযোগ স্থাপন কৰিব পাৰিম। বৈজ্ঞানিকসকলৰ মতে আমি যদি এনে সুৰংগৰ এফালে প্ৰৱেশ কৰো তেন্তে তাৰ আনটো মুৰে আমাক বৰ্তমানৰ সময়ৰ পৰা বহু অতীতলৈ অথবা বহু ভৱিষ্যতলৈ লৈ যাব। লগতে এয়াও সম্ভৱ যে ৱৰ্মহোলৰ মাজেৰে যাত্ৰা কৰিলে আমি হাজাৰ হাজাৰ আলোকবৰ্ষ দুৰত থকা কোনো অচিন আৰু অজ্ঞাত গ্ৰহলৈও গুচি যাব পাৰো। কিন্তু ৱৰ্মহোল ইমানেই সৰু চিদ্ৰ ই পৰমানুতকৈও বহুগুণে সৰু। ইয়াৰ আকাৰ এক চেন্টিমিটাৰৰ দহ কোটি ভাগৰ এভাগ বা তাতোকৈও বহুত সৰু হ'ব পাৰে। তদুপৰি ৱৰ্মহোলবোৰ পলকতে সৃষ্টি হয় আৰু মুহূৰ্ততে নোহোৱা হৈ যায়¸ যাৰ বাবে বিজ্ঞানী সকলে ইয়াৰ উপস্থিতি ধৰা পেলাব পৰা নাই। তথাপিও বিজ্ঞানী সকলে ইয়াৰ ওপৰত নিৰন্তৰ গৱেষণা কৰি আছে। আমিও আশা কৰো বিজ্ঞানী সকলে এনে ৱৰ্মহোলৰ সম্ভেদ পাওঁক যি আকাৰত ডাঙৰ আৰু স্থিৰ হ'ব আৰু যাৰ সহজেই অতি সহজেই অতীত বা ভৱিষ্যতলৈ যাত্ৰা কৰিব পাৰিম।
মই ভাৱো অনাগত সময়ৰ কোনোবা এটা সুক্ষণত এয়া সম্ভৱ হ'ব আৰু আমি সময় যাত্ৰা কৰিব পাৰিম। আপুনি কি ভাৱে?
SHARE

About www.parthapratim.in

0 comments :

Post a Comment