তেওঁ এখন সেউজীয়া বোৱটি নদী
তেওঁৰ গৰ্ভতে প্ৰাণ পাইছে
মোৰ দেহ¸ মোৰ হৃদয়
যেতিয়া মই প্ৰথম কান্দিছিলো
মায়ে হাঁহিছিল
আলফুল দুহাতৰেই মোৰ শিৰত পিন্ধাই দিছিল
অযুত আশাৰ সেউজীয়া কিৰীটি
দেখুৱাই দিছিল পৃথিৱী
তেওঁ মোৰ মা
তেওঁৱেইতো মোৰ দুহাতত প্ৰথম তুলি দিছিল কলম বহী
দুচকুত সেউজীয়া ৰং চটিয়াই শিকাই দিছিল
দেখিবলৈ ভৱিষ্যতৰ সোনালী সপোন
মোৰ মায়ে শিকাইছিল সততা আৰু ন্যায়ৰ গাণ
শিকাইছিল সৃষ্টি আৰু বিকাশৰ মূলমন্ত্ৰ
দেখুৱাই দিছিল সম্ভাৱনা আৰু ইচ্ছাৰ হালধীয়া পোহৰ
বেলি সাৰ নৌপাওঁতে মায়ে আদৰিছিল নতুন দিনক
মই ভালপোৱা ধৰণেই মোক দিছিল পুৱাৰ জলপানত
শুকান ৰুটি আৰু ফিকা চাহ
মই বিচৰা প্ৰতিটো বস্তু তেওঁ মোক দিছিল
কঙাল দিনতো বাঢ়ি দিছিল
নিমখ-তেল-জলকীয়াৰ তৃপ্তিৰ এসাঁজ
ক্লান্ত মুহূৰ্তৰ মোৰ ভাগৰুৱা দেহ
যেতিয়া মই এৰি দিছিলো মাৰ কোলাত
মোৰ নিজকে সুৰক্ষিত লাগিছিল
প্ৰশান্তিৰ ঢলৰে নামি আহিছিল
এজাক সপোন নেদেখা টোপনি ।
তেওঁ এখন অভেদ্য প্ৰাচীৰ
মোৰ জীৱনলৈ অহা ধুমুহাক তেওঁ বাধা দিছিল
ওঠৰটা বসন্তৰ অসংখ্যা বৰষুনত
তেওঁ মোক সোমাই লৈছিল তেওঁৰ বুকুৰ মাজত
নৰিয়াৰ বিচনাৰ যন্ত্ৰনাৰ ৰাতিবোৰত মোৰ মায়ে সাৰে থাকে
উজাগৰী ৰাতি অকলেই গনে
এটি-দুটি-এঘাৰাটি তৰা
কঁপালত হাত বুলাই গুণগুণাই মোৰ প্ৰিয় গীত
তেওঁ মোৰ মা
-------০০০-------
✍🏿পাৰ্থ
ৰচনাকাল- ১১ আগষ্ট¸ ২০১০
0 comments :
Post a Comment