পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা- ৩

কবিতাৰ আলোচনা- ৩

Written By www.parthapratim.in on Wednesday, 16 August 2017 | 03:50

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ (৪৯) : দ্বিতীয় খণ্ড : ৮-১৫ জুন, ২০১৭ :
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
“অসমীয়া কাব্য সাহিত্যলৈ সংকট নামিছে”¸ অসমীয়া কাব্যজগতত সততে শুনিবলৈ পোৱা বাক্য এটা এয়া।
সাম্প্ৰতিক সময়ত কবি যথেষ্ট বৃদ্ধি পাইছে¸ বৃদ্ধি পাইছে কবিতাও। কাব্যচৰ্চাকাৰী অধিক হোৱাতো শুভলক্ষণ। কেৱল ফেচবুক আৰু হোৱাট্চএপতে প্ৰতিদিনে হেজাৰৰ ঘৰত কবিতাৰ জন্ম পায় কিজানি।
ইয়াৰে ভিতৰত কিছু কবিয়ে জীৱনৰ সত্যৰ পৰা¸ জীৱনৰ অনুভূতি পৰা¸ জাতিৰ প্ৰাণসঞ্জীৱনী ফল্গুধাৰাৰ পৰা আঁতৰি নানান বিক্ষিপ্ত বা অজীৰ্ণ শৃংখলাবিহীন শব্দৰে অন্য কবিতাৰ আলমত কবিতা সৃষ্টি কৰিছে আৰু কিছুৱে সস্তীয়া প্ৰেমৰ শব্দৰে উৰাই ঘুৰাই কবিতাৰ সৃষ্টি কৰিছে। আৰু ইয়াত প্ৰেৰণা যোগাইছে নপঢ়াকৈয়ে কৰা হেজাৰ হেজাৰ লাইক আৰু মন্তব্যই। ই কবি আৰু কবিতা উভয়ৰে ক্ষতি কৰি আহিছে।
অকল এইটো বাবেই অসমীয়া কাব্যজগতত সংকট আহিছে বোলা কথাটো সঠিক নহ'ব। সংখ্যাত কম হ'লেও কিছু কবিয়ে ফেচবুকে হওঁক বা অন্য মাধ্যমত হওঁক নিৰন্তৰ কাৱ্যচৰ্চা কৰি গৈছে।
সাম্প্ৰতিক সময়ত সামাজিক আৰু ৰাজনৈতিক সংঘাতৰ ব্যাপক পৰিবৰ্তনে অসমীয়া কাব্য সাহিত্যৰ সৃষ্টিধৰ্মী, বিকাশমূখী চেতনাকো প্ৰভাৱিত কৰিছে।
সময়ৰ অগ্ৰগতিৰ সমান্তৰালকৈ বাস্তৱমুখী গতি আৰু পৰীক্ষা-নিৰীক্ষাও ক্ৰমশঃ বৃদ্ধি পাইছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে অন্য ভাষাৰ সাহিত্যও সুচল হৈ পৰিছে। কবিতা বিশ্বজনীন। ঠেক গণ্ডীৰ মাজত ইয়াক আৱদ্ধ কৰা উচিত নহ'ব।
এজন কবিৰ মাজত সৃষ্টিৰ পটভূমি বিচাৰ জটিল প্ৰক্ৰিয়া। ইয়াক সাধাৰণীকৰণ কৰাটোও গ্ৰহণযোগ্য নহয়, এজন কবিয়ে সমকালৰ চেতনাক কেনেদৰে গ্ৰহণ কৰিছে আৰু সেই ভাৱাবেগে কঢ়িয়াই অনা সংস্কৃতিৰ প্ৰতি তেওঁৰ মনোভংগী (Mindset) ৰ ওপৰত তেওঁৰ বৌদ্ধিক সৃষ্টিৰ মান নিৰূপণ কৰে। সাম্প্ৰতিক সময়তে বহুত কবিৰ বহুত কবিতাত কবিৰ অনুভূতিক শব্দ আৰু লয়ৰ সংকেতৰে পাঠকৰ অন্তৰ জগাই তুলিছে আৰু জগাই তুলি থাকিব। এতিয়াও বহুত কবিৰ কলমত প্ৰাণ পাই আছে হৃদয়ৰ পৰা বিচ্ছিন্ন হ'ব নোখোজা হেজাৰ-বিজাৰ কবিতা।
জুন মাহৰ দ্বিতীয় সপ্তাহৰ আখৰুৱাত প্ৰকাশ হোৱা কবিতা সমূহৰ মাজৰ পৰা তিনিটা কবিতা আলোচনাৰ বাবে বাচনি কৰা হৈছে।
কবিতা কেইটা-
১। যাজ্ঞসেনীৰ দুখ- শিল্পীকা মধুকল্য
২। সীমাৰ সিপাৰৰ- পলাশ কুমাৰ নাথ
৩। ৰং- দুলাল হাজৰিকা।
যাজ্ঞসেনীৰ দুখ
----------------------
# শিল্পীকা মধুকল্য
---------------------------
যাজ্ঞসেনী,
কুৰুক্ষেত্ৰলৈ আৰু কিমান দিন বাকী?
পঞ্চউপযন্তাৰ বাবেই নেকি
তোমাৰ কান্দোনত
সৰে শৈৱলিনী
ভাঙি পৰে ক্ৰন্দসীৰ
যোগনিদ্ৰা ফাল্গুনী ৰাতি।
পাশাখেলত পৰাজিত
পঞ্চপাণ্ডৱক দেখি
যাজ্ঞসেনীৰ বুকুৱে বাগৰে
অন্তঃসলিলা
আৰু ক্ৰোধৰ হিন্দোলনৰ ধ্বনি।
গন্ধোত্তমাৰক্ত দুঃশাসন
বস্ত্ৰহৰণৰ মাধ্যন্দিন
ভাঁহি আহে যাজ্ঞসেনীৰ কৃষ্ণ বিননি।
সন্ধুক্ষণ ভীমৰ প্ৰতিজ্ঞা
তোমাৰ বাবেইটো
যাজ্ঞসেনী।
শকুনিৰ দুচকুত প্ৰতিশোধৰ জুই
সত্য প্ৰতিষ্ঠাৰ বাবেই
নিঃশেষ হ'ল কুৰুপক্ষ।
তেজাল কুৰুক্ষেত্ৰ
চোৱা এবাৰ চকু ফুৰাই
তথাপিও কিয় মহঙা ঐক্যত্ম্যকাৰ স্বপ্ন সন্দীপিত
যাজ্ঞসেনী তোমাৰ?
কীলাকাৰ শিলালিপিত খুদিত
যাজ্ঞসেনীৰ দুখ আৰু চকুলোৰ কথা।
শেষ হৈও শেষ নোহোৱা
সম্বোধিৰ আখৰা ।।
আলোচনা
--------------
যাজ্ঞসেনী¸ মহাকাব্য মহাভাৰতৰ এটা মুখ্য নাৰী চৰিত্ৰ। সাধাৰণ নাৰী নাছিল যাজ্ঞসেনী। যজ্ঞকুণ্ডৰ পৰা ওলোৱা এই নাৰী হ'ল অযোনিসম্ভূত¸ নাৰীৰ সকলো শ্ৰেষ্ঠ গুণৰে বিভূষিতা।
কবিতাৰ শিৰোনামেই হ'ল “যাজ্ঞসেনীৰ দুখ”, ইয়াতেই স্পষ্ট হৈ আছে মহাকাব্যিক এটা চৰিত্ৰৰ সমস্ত খতিয়ান।
ব্যক্তিগত জীৱনত পোৱা নানান ঘাত প্ৰতিঘাত¸ পাৰিবাৰিক জীৱনৰ নানান সামাজিক বা ৰাজনৈতিক বান্ধোনে যাজ্ঞসেনীক বান্ধি ৰাখিছিল¸ গুজৰি গুমৰি উত্তাল ঢৌৰ দৰে মনৰ মাজত আছিল প্ৰচণ্ড অভিমান, অতৃপ্তি আৰু তীব্ৰ ক্ষোভ।
“যাজ্ঞসেনীৰ দুখ” ত কবিয়ে নাৰী জীৱনৰ বন্ধনৰ গভীৰ বেদনা অনুভৱ কৰিছে। হিন্দু নাৰী জীৱনৰ সামাজিক আদৰ্শৰ যি বান্ধোন আৰু মৰ্যদানাশী যি কুসংস্কাৰ তাৰ বিৰুদ্ধে সামাজিক ভাৱে বিদ্ৰোহ কৰাৰ অনুকূল পৰিবেশ সৃষ্টি হোৱা নাই। ভাৰতীয় নাৰীয়ে নাৰী জীৱনৰ ত্যাগ ¸ আত্মনিগ্ৰহ আৰু নিজস্ব বিলোপ কৰা আদৰ্শকে শিৰনত কৰি লৈছে, অথচ মনত আছে গভীৰ ক্ষোভ¸ আশা কৰিছে কুৰুক্ষেত্ৰ যুদ্ধত সত্য প্ৰতিষ্ঠা হোৱাৰ। সেয়ে কবিয়ে সুধিছে-
যাজ্ঞসেনী
কুৰুক্ষেত্ৰ যুদ্ধলৈ আৰু কিমান বাকী ?
কি নাছিল যাজ্ঞসেনীৰ! মহাপৰাক্ৰমী দ্ৰুপদ তেওঁৰ পিতৃ¸ বাহুবলী যাজ্ঞসেন বা ধৃষ্টদূন্য তেওঁৰ ভাতৃ¸ ত্ৰিভুৱন বিজয়ী পঞ্চপাণ্ডৱ তেওঁৰ স্বামী¸ শ্ৰীকৃষ্ণ তেওঁৰ সখা, পাচ জন সন্তানৰ মাতৃ¸ আৰু নো কি লাগে এজনী নাৰীক। ৰাজকুমাৰী¸ পাতমাদৈ¸ আপাতঃ দৃষ্টিৰ পৰা ঈৰ্ষণীয়। এই সকলোবোৰ। আনহাতে যাজ্ঞসেনী??
কবিতাটোৰ শিৰোনামৰ প্ৰয়োগো মন তাৎপৰ্যপূৰ্ণ। যাজ্ঞসেনীৰ অইন বহুতো নাম আছে¸ দ্ৰৌপদী¸ পাঞ্চালী¸ কৃষ্ণা আদি। ইয়াৰ ভিতৰত যাজ্ঞসেনীৰ ব্যৱহাৰে তেওঁৰ দুখৰ পৰিমাণ তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত প্ৰকাশ কৰিছে। যি যজ্ঞৰ জুইৰ পৰা তেওঁৰ জন্ম ¸ সেই জুই যেন আজীৱন কঢ়িয়াই কঢ়িয়াই লৈ ফুৰিছিল যাজ্ঞসেনীয়ে।
পাশ্চাত্য সংস্কৃতিৰ সংঘাতৰ পৰিণতিত যেনেকৈ নৱজাগৰণৰ সূচনা হৈ এটা নতুন ধাৰা আৰম্ভ হৈছিল¸ একেদৰে কুৰুক্ষেত্ৰ যুদ্ধৰ পিছতো কুৰুবংশ ধ্বংসৰে সত্য প্ৰতিষ্ঠা হৈ এটা নতুন যুগৰ সূচনা হৈছিল। অৱশ্যে এই নৱজাগৰণেও সম্পূৰ্ণ ৰূপে নাৰীত্বৰ সামাজিক ব্যক্তিত্ববোধ¸ অধিকাৰ আৰু সামাজিক বন্ধনৰ পৰা মুক্ত কৰিব পৰা নাছিল। সাধাৰণ ভাৱে চালে এয়া তেনেই সহজ¸ সেইসময়ত নাৰীৰ মনোজগতত ভাৰতীয় সংস্কৃতিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈছিল আৰু নিজস্ব বিলোপ কৰা আদৰ্শকহে আপোন কৰি লৈছিল।
“যাজ্ঞসেনীৰ দুখ”ত বিয়োগাত্মাক দিশ চকুত পৰা নাই যদিও অত্যাধিক সংযুক্ত শব্দৰ প্ৰয়োগে পঠনত প্ৰভাৱ পেলাব পাৰে।
কবিলৈ শুভকামনা থাকিল।
২।
সীমাৰ সিপাৰৰ
-পলাশ কুমাৰ নাথ
সীমাৰ সিপাৰৰ
সন্ধ্যাৰ ছায়া এটি
সৌম্য, শান্ত
সুবাস
যেন এৰি থৈ অহা বসন্তৰ
শাৰী শাৰী চাকিৰ পোহৰত
লিৰিকি বিদাৰি
মোক আকোৱালি
সেয়া কাৰ দুহাত
বাঁহনিত লাগি ওভতে
মোৰ ভগা মাত
কঁ‌পি উঠে সৌ সিপাৰে
ৰৈ ৰৈ বিনোৱা
সজল বুকুৰ ঘাট
লুংলুঙীয়া বাটেৰে
জোনটোক খেদি
পাহাৰৰ শিখৰৰ পিনে
ধাৱমান সেই উছাহ কাৰ
বিষণ্ণ প্ৰহৰৰ গীতৰ ডাৱৰ ফালি
আপোন বাঁহীৰ দৰে
মোৰ বিষাদৰ ঘুমটি ভাগি
সেয়া কি সুৰৰ বিননি!।
আলোচনা
------------
কবিতাটোৰ কথনভংগী খুউব আটোম-টোকাৰিকৈ সজোৱা। কবিতাটোৰ লিৰিকেল প্ৰকাশ আৰু কবিতাৰ নেৰেটিভ(Narrative) য়ে পাঠকক ক্ৰমান্বয়ে কবিতাটোৰ ভিতৰলৈ টানি লৈ গৈ থাকিব আৰু লাহে লাহে পাঠকে আৱিষ্কাৰ কৰিব কবিতাটোৰ কুঁৱলীময় বাস্তৱ।
কবি নাথৰ কবিতাত মৃত্যুচেতনা যেনেকৈ গভীৰ ৰহস্যময় তেনেদৰে ইয়াক জীৱনবোধৰ আধাৰ হিচাপেও উপস্থাপন কৰিছে।
সীমাৰ সিপাৰৰ
সন্ধ্যাৰ ছায়া এটি
সৌম্য¸ শান্ত
সুবাস
যেন এৰি অহা বসন্তৰ
ইয়াত ভাৱাবেগৰ উচ্ছাস নাই¸ আছে নিৰৱচ্ছিন্ন শান্ত সুৰ। মৃত্যুচেতনাৰ সুগভীৰ প্ৰৱাহ বৈ থকা কবিতাটোত মৃত্যুক জীৱনৰ চিৰসত্য হিচাপে উপস্থাপন কৰিছে। এই মৃত্যু শ্বাশ্বত¸ প্ৰাকৃতিক পৰিঘটনা। সৰলৰৈখিক ভাৱে ই ধাৱমান। দিনৰ পিছত সকলো পোহৰ গধূলিৰ মাজেৰে ৰাতিত লীন হোৱাৰ দৰে সীমাৰ সিপাৰৰ ছায়াত নোহোৱা হয় জীৱনৰ বসন্ত।
মৃত্যুচেতনাৰ চিৰসত্য প্ৰকাশৰ এই পথত কিছুমান জটিল আৰু পৰস্পৰ বিৰোধী পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু এই সংঘাতে কবিতাটো অধিক গভীৰ কৰি তুলিছে।
…মোক আকোৱালি
সেয়া কাৰ দুহাত
ইয়াত “সেয়া” ৰে এটা প্ৰশ্নবোধক এৰিলেও এই হাত কবিৰ আপোনজনৰ। যিয়েই বসন্তত সেউজীয়া হৈ আছিল। অথচ কবিয়ে প্ৰশ্ন এৰিছে এই হাত কাৰ। দেহৰ পৰা বিলীন হোৱা আত্মাই হাতখনক সন্দেহাতীত ভাৱে চালেও পাৰ ভাঙি অহা সেই দুখৰ ভাৱাবেগক উপেক্ষা কৰিব পৰা নাই। যাৰ বাবে বিদায় যাত্ৰাত পথত থকা বাঁহনিৰ পৰাও ৰৈ ৰৈ শুনিছে কান্দোনৰ সুৰ। শোকবিহ্বল হৃদয়ৰ কৰুণ প্ৰকাশ¸ অথচ এই প্ৰকাশ ভাৱনাৰ সোঁতত উটি নোযোৱা দৃঢ় প্ৰকাশ।
সময়ৰ এই শ্বাশ্বত চিৰসত্যক কবিৰ আত্মাই মানি ল'লেও এইখিনিত হৈছে গভীৰ দন্দ। কবিতাটোৰ তৃতীয় স্তৱকত এয়া স্পষ্ট ৰূপত ফুটি উঠিছে।
কবিতাৰ সামৰণিত বাস্তৱৰ জটিলতাৰ মাজত ঐতিহ্যচেতনাক অনুভাৱত্মক গভীৰ বোধলৈ লৈ গৈছে।
কবিলৈ শুভকামনা থাকিল।
৩।
ৰং
দুলাল হাজৰিকা
আকাশ চুবলৈ বিচাৰিলেও
ৰঙবোৰে এৰিব নোৱাৰে পৃথিৱীৰ মায়া
ৰঙেই চকুত সানি দিয়ে
ৰঙৰ মোহ
ৰঙনো কি
এমূৰে বগা আৰু এমূৰে কলা
মাজত বিবিধ তৰংগৰ
এডাল পোহৰৰ ৰেখা
ৰং সলোৱাবোৰৰ চকুৱে
পহৰা দি থাকে ৰঙবোৰক
উৰিবলৈ চেষ্টা কৰিলেই
পৰম্পৰাৰ চিতাত
তুলি দিয়া হয় ৰঙবোৰক
ৰঙে পিন্ধোতাৰ ভৰি-হাত বান্ধে
ৰঙে অজগৰ হৈ গিলে
ৰং বোৰ সানি ল’লেই জানো
ঢাকি ৰাখিব পাৰি
শুকাই যোৱা প্ৰাণৰ ৰং
ৰঙনো কি
মনিব নোৱৰা আন্ধাৰত
পোহৰ কণাৰ মায়াজাল
তাতে খেলা এজোলোকা বন্ধ বতাহ
আলোচনা:
---------------
ব্যক্তিৰ মন যেতিয়া বিশ্বাস-অবিশ্বাসৰে দ্বিধাগ্ৰস্ত হয়¸ তেতিয়া অন্তৰ্জগত দন্দমুখৰ হৈ পৰে। এই সময়ত বিমূৰ্ত প্ৰক্ৰিয়াৰে নিজৰ ইচ্ছাৰ বাটত আগুৱাই যাব বিচাৰিলেও কিছুমান বাহ্যিক চিকমিকনিয়ে চকুৰ আগত ধৰা দি মুখামুখি কৰাই চৰম প্ৰত্যাহ্বানৰ।
কবিয়ে সেয়ে কৈছে--
আকাশ চুবলৈ বিচাৰিলেও
ৰঙবোৰে এৰিব নোৱাৰে পৃথিৱীৰ মায়া
ৰঙেই চকুত সানি দিয়ে
ৰঙৰ মোহ
এইখিনিতে এটা সংঘাত হৈছে। ৰং বোৰৰ ইচ্ছা আৰু পৃথিৱীৰ প্ৰতি থকা মায়া-মোহৰ মাজত। সংস্কৃতি আৰু সামাজিক প্ৰেক্ষাপটত কোনো নিৰ্ধাৰিত কাৰ্যকুশলতা বা সামাজিক ঘটনা প্ৰবাহৰ দিশ সলনি হৈ অনস্তিত্ববাদী চেতনাত লীন গৈছে।
প্ৰতীকবাদৰ সহায়ৰে কবিয়ে সমসাময়িক বাস্তৱৰ মাজত নিজৰ সত্তাক বিচৰাৰ দুৰ্দান্ত সংঘাতৰ কথা অৱতাৰণা কৰিছে। ভোগবাদী সমাজ ব্যৱস্থাৰ ধ্বংসাত্মক ৰূপটোৱে মানৱসত্তাৰ পৰা বিচ্ছিন্ন কৰি ছিন্নমূল হিচাপে উপস্থাপন কৰাৰ কৌশল বুজাইছে।
ৰঙে পিন্ধোতাৰ ভৰি-হাত বান্ধে
ৰঙে অজগৰ হৈ গিলে
ৰং বোৰ সানি ল’লেই জানো
ঢাকি ৰাখিব পাৰি
শুকাই যোৱা প্ৰাণৰ ৰং
এইখিনিত নিজৰ সত্তা আৰু ব্যক্তিত্বৰ বিচাৰ কৰি আইৰনিকেল চৰিত্ৰৰ উন্মোচন কৰিছে। বাহ্যিক আৱৰণে এই আইৰনিকেল চৰিত্ৰটোত চিকমিকনিৰ পৰিচয় দিলেও তাৰ কোনো শিপা নাই।
বায়ু চলাচলকে বতাহ বলে। এখন ঠাই যিমানেই মুকলি হ'ব বতাহৰ গতিৰ তীব্ৰতাৰ সম্ভাৱনা সিমানেই অধিক হ'ব। বন্ধকোঠাত বতাহৰ গতি শীৰ্ণ। ৰঙক বন্ধ বতাহৰ সৈতে তুলনাৰে এই অনস্তিত্ববাদী চেতনাৰ পৰা মুক্তি অন্বেষণৰ বাট প্ৰকাশ কৰিছে।
কবিতাটোত ৰঙক জীৱনৰ দুটা বিপৰীত মেৰু হিচাপে উপস্থাপন কৰিছে।
ৰঙ নো কি
এমূৰে বগা আৰু এমূৰে কলা
বিজ্ঞানৰ পোহৰৰ পৃষ্ঠা অনুসৰি বগা ৰঙ হ'ল আটাইবোৰৰ ৰঙৰ সমষ্টি আকৌ আটাইবোৰ ৰঙৰ অনুপস্থিতিয়েই কলা। অৰ্থাৎ কলা ৰং নহয়। মানুহৰ জীৱনৰো প্ৰতিটো দিশৰে অন্য মেৰুত একো একোটা বৈপৰিত্য দিশ আছে। যিয়েই ৰঙবোৰক টানি ৰাখে আকাশ চুৱাৰ পৰা।
প্ৰতীকৰে ভৰপূৰ এই কবিতাত জীৱন জিজ্ঞাসা আছে¸ অৱক্ষয় চেতনা আছে। এই জীৱন জিজ্ঞাসা আকাশ চুৱাৰ। আকাশ অক্ষয়িষ্ণু। আনহাতে পৰিদৃশ্যমান জগত ক্ষয়িষ্ণু। আকৌ অৱক্ষয় চেতনা গভীৰ সামাজিক দায়বদ্ধ চেতনাজনীত মননশীলতাৰে সমৃদ্ধ।
কবিলৈ শুভকামনা থাকিল।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment