পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » আগকথা :

আগকথা :

Written By www.parthapratim.in on Monday, 14 August 2017 | 04:12

সাহিত্যৰ ছাত্ৰ নহ'লেও সাহিত্যৰ প্ৰতি সৰুৰে পৰা এটা টান আছে¸ কবিতাৰ প্ৰতি এই টান আৰু সুতীব্ৰ । সেয়ে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ সময় চুৰ কৰি মাজে মাজে দুই-এখন কিতাপৰ পাত লুটিয়াও , এয়া অৱসৰ বিনোদনত কৈ বেছি নিছা । সেইবাবে আমিও মাজে-সময়ে দুই-এটা কবিতাৰ চৰ্চা কৰো যদিও মুৰুকত চৰ্বীতে চৰ্বন হৈ শেষত কিবা অদ্ভূত এটাহে হৈ পৰে । যিয়েই নহওঁক এইবোৰক ভাগ-বতৰা আৰু অইন সৃষ্টিবোৰ পঢ়ি অতৃপ্ত মনক তৃপ্ত কৰিবৰ বাবে দুই এটা হোৱাট্চ এপ গোটতো আছো । ইয়াৰ ভিতৰত “চন্দ্ৰাৱলী-সাহিত্য সাধনা” অন্যতম ।

বৌদ্ধিক উত্তৰণৰ মহামন্ত্ৰৰে ওপজা “চন্দ্ৰাৱলী-সাহিত্য সাধনা”ই যোৱা ১০ আগষ্টত এবছৰ সম্পূৰ্ণ কৰিলে । এয়া নিসন্দেহে গোটটোৰ এক বৃহৎ গৌৰৱ । আৰু গৌৰৱজ্জ্বল সফলতাৰ ভাগীদাৰ প্ৰশাসক সহিতে গোটৰ সমূহ সদস্য । মোৰ এই লিখনিৰ জৰিয়তেই আকৌ এবাৰ সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো । বৰ্ষপূৰ্তি উপলক্ষে এখনি কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে সুখী অনুভৱ কৰিছো¸ কিয়নো সৃষ্টিয়েই এক সুস্থ আৰু শান্ত বাতাৱৰণ গঢ়ি তোলে । এনে কাৰ্যই বহুতৰে সুপ্ত প্ৰতিভা জাগ্ৰত আৰু বিকাশত সহায় কৰে । এই প্ৰতিযোগিতাৰ বিচাৰৰ ভাৰ আমাৰ ওপৰত ন্যস্ত কৰাত ভিতৰে ভিতৰে গভীৰ সংশয়ত ভুগিছো । আমি আমাৰ জ্ঞান আৰু অভিজ্ঞতাৰ উদং তলি খুউব ভালকৈয়ে জানো । ইমান গধুৰ দায়িত্ব ল'ব পৰাৰ জোখৰে উপযুক্ত হ'বলৈ আৰু বহুত বাকী । তৎসত্ত্বেও এই গোটৰ প্ৰশাসক দ্বয় (মোৰ অগ্ৰজ) দীপক জ্যেতি বৰুৱা (দাদা) আৰু অনুৰাগ শইকীয়া (দাদা) ৰ সাহসকে একমাত্ৰ সাৰথি কৰি এয়া কৰিবলৈ মৰসাহ কৰিছো । ভালকৈয়ে জানো আমাৰ বাবে এয়া দুঃসাধ্য । হয়তো এয়া এটা পৰিক্ষনীয় পদক্ষেপহে হ'ব । তথাপিও নিজৰ সাধ্যনুসৰি কৰিবলৈ প্ৰয়াস কৰিম ।

Even when poetry has a।meaning, as it usually has, it may be inadvisable to draw it out. Perfect understanding will sometimes almost extinguish pleasure . - A.E. Housman


কবিতা এটাৰ গঠন (Stucture) ৰ মাজত কবিতা এটাৰ আৰম্ভণি আৰু শেষ এটা অনিবাৰ্য প্ৰক্ৰিয়া যদিও ইয়াতেই কবিতাটোৰ সমস্ত ৰসোদ্ধাৰ হয় বুলি আমি নাভাৱো । কবিতাৰ ভাৱৰ অৰ্থ ব্যাপক ¸ স্থুলজগতৰ চিন্তাধাৰাতকৈ ই বহুত বেছি ওপৰৰ । তেনেস্থলত সৃষ্টিৰ মাজত পটভূমি বিচাৰ কৰি তাৰ মাণ নিৰূপণ কৰাতো এক জটিল প্ৰক্ৰিয়া । আৰু এয়া যদি ৪০ টা কবিতাৰ ক্ষেত্ৰত হয়¸ তেন্তে তাৰ মাজৰ পৰা বিচাৰ কৰি শ্ৰেষ্ঠ কবিতা বিচাৰ কৰা প্ৰক্ৰিয়া কিমান কষ্টসাধ্য হ'ব সেয়া সহজেই অনুমেয় । (এই চেগতে প্ৰতিযোগিতাত অংশগ্ৰহন কৰা সমূহ কবি বন্ধুক ধন্যবাদ জনাইছো ) ।

কি পদ্ধতি-বিধি (Methodology) ব্যৱহাৰ কৰি কবিতা সমূহৰ বিচাৰ বা মূল্যায়ণ কৰা হ'ব ¸ সেয়া নিৰ্ধাৰণ কৰাও আমাৰ বাবে খুউব জটিল হৈ পৰিছে । প্ৰতিযোগিতা অংশ লোৱা মুঠ ৪০ টা কবিতাক তুলনামূলক সাহিত্য  (Comparative literature) ৰে ফঁহিয়াই চাৱ পাৰি যদিও আমাৰ বিচাৰত এয়া উচিত যেন লগা নাই ।  তুলনামূলক সাহিত্যই কবিতাবোৰৰ গুণগত বৈশিষ্টবোৰ স্পষ্ট কৰি বিচাৰৰ পৰিসৰ বৃদ্ধি কৰে যদিও যিটো কবিতা আৰম্ভণিত লোৱা হ'ব বা যাক আৰ্হি হিচাপে লোৱা হ'ব¸ সি অধিক গুৰুত্ব পোৱাৰ আশাংকা নুই কৰিব নোৱাৰি  ( যিহেতু আমাৰ অভিজ্ঞতা আৰু অধ্যায়ণ একেবাৰে পয়ালগা) । আৰু এনে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া পক্ষপাতিত্বমূলক হ'ব । যি আমাৰ কাৰোৰে কাম্য নহয় ।

সেইবাবে যথাসম্ভৱ এনে আঁসোৱাসৰ পৰা দুৰত অৱস্থান গ্ৰহন কৰিবলৈ ৰুছিয়াৰ প্ৰখ্যাত সমালোচক ভিক্টৰ স্কলোভাস্কি (Victor Shklorsky) অপৰিচিতকৰণ (Defamiliarization) তত্ত্বৰ সহায়ৰে বিদ্যায়তনিক পদ্ধতিৰে মূল্যায়ন কৰিব বিচাৰিছো । আগতেই উল্লেখ কৰিছো কেৱল বিষয়বস্ত (Content) অৰ্থোদ্ধাৰতে কবিতা এটা শেষ নহয় । কবিতা এটা স্বতন্ত্ৰ শিল্প । কবিতা এটাত শব্দৰ নিৰ্বাচন আৰু চিত্ৰকল্প আদিৰ অভিনৱত্বই বিস্তৃতি বৃদ্ধি কৰে আৰু ইয়ে কবিতা এটাক সাৰ্বজনীন পৰ্যায়ত স্থাপন কৰি শৈল্পিক পৰ্যায়লৈ উত্তীৰ্ণ কৰায় । এই তত্ত্বৰ সহায়ৰ কবিতাৰ এটা আৰ্হিকে এই প্ৰতিযোগিতাৰ মূল্যায়ণৰ বাবে আৰ্হি হিচাপে লোৱা হ'ল ।  এই ক্ষেত্ৰত কবিতা এটাত বিষয়বস্তুতকৈ(content) তাৰ ৰসবস্তুত(Frame)অধিক গুৰুত্ব দিয়া হ'ব ।

পুনঃ - কবি এগৰাকী ¸ এজন সাধৰণ ব্যক্তিতকৈ ভাষাটোৰ প্ৰতি অধিক সচেতন হয় বা হ'ব লাগে । আৰু এয়া যদি প্ৰতিযোগিতাৰ দৰে কোনো স্পৰ্শকাতৰ বিষয়ৰ ক্ষেত্ৰত হয় ¸ তেন্তে ইয়াৰ গুৰুত্বও অধিক গভীৰ হৈ পৰে । কবিতা এটা প্ৰতিযোগিতালৈ পঠিয়াওঁতে প্ৰেৰণ কৰা কবিতাটোৰ মাজৰেও কবিজনৰ ব্যক্তিত্বৰ এটা দিশ প্ৰকট হ'ব পাৰে । (এইখিনিতে এটা কথা উনুকিয়াব বিচাৰো যে¸ “চন্দ্ৰাৱলী” গোটত প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ প্ৰায় ৪-৫ দিন আগৰ পৰা দিনত একাধিকবাৰ প্ৰতিযোগিতাৰ নিয়মবোৰ পোষ্ট আকাৰত গোটৰ মজিয়াত প্ৰেৰণ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছিল । ইয়াৰ পিছতো একাধিক সদস্যই নিয়ম নামানি অংশগ্ৰহন কৰাটোৱেই কি সূচায় সেয়া গোটৰ বিজ্ঞমহললৈ এৰিলো । ) সেইবাবে মূল্যায়ণৰ সময়ত অংশগ্ৰহন কৰা কবিতাবোৰৰ বানানৰ প্ৰতি লক্ষ্য ৰখা হ'ব । আৰু যিবোৰ কবিতা নিয়মাবলীৰ বাহিৰত সেয়া প্ৰতিযোগিতাৰ অন্তৰ্ভূক্ত কৰা নহ'ব ।


চন্দ্ৰাৱলীৰ ৪০ টা কবিতা একেলগে পঢ়ি আমাৰ মনত উদয় হোৱা কথা এটাও এই চেগতে উনুকিয়াব বিচাৰিছো । চন্দ্ৰাৱলীৰ গৰিষ্ঠ সংখ্যক কবি ন-শিকাৰু (আমিও) ¸ তথাপিও প্ৰায় সকলোৰে সুন্দৰ কাব্যিক প্ৰতিভা আছে । কিছুদিন আগেয়ে এখন কবিতাৰ সভাত কবি-সাহিত্যিক শ্ৰদ্ধাৰ হাচমত আলীয়ে কৈছিল¸ কবিসকলে যি ভাষাত কবিতা লিখে সেই ভাষাটোৰ সম্ভৱপৰ সকলো শব্দৰ সকলো প্ৰতিশব্দ জনা দৰকাৰ ¸ বিশেষকৈ কবিতাত ব্যৱহাৰৰ সময়ত । উদাহৰণ স্বৰূপে পদুম ফুলৰ বিভিন্ন প্ৰতিশব্দ আছে¸ কিন্তু কবিতাৰ দাবী অনুযায়ী ইয়াৰ বেলেগ বেলেগ প্ৰতিশব্দ আমি ব্যৱহাৰ কৰিম । ক'ৰবাত যদি পদুমে কবিতাটোত মনোগ্ৰাহী হ'ব ¸ ক'ৰবাত হয়তো ই নহ'বও পাৰে ।  কবি দেৱকান্তই যদি “সাগৰ"ৰ সলনি “সমুদ্ৰ দেখিছা” ব্যৱহাৰ কৰিলে হয় তেন্তে ই কেনে হ'ল হয় অনুমান কৰিব পাৰিব । কবিতা হেনো উপযুক্ত শব্দৰ উপযুক্ত স্থানত প্ৰয়োগ । এইদিশত কিছু দূৰ্বল দিশ আমাৰ চকুত পৰিছে । শব্দমোহৰ কৱলত পৰি দুই এটা কবিতা মেদবহুলতাত আক্ৰান্ত হোৱা যেন বোধ হৈছে ।  এইক্ষেত্ৰত কবি সমূহ অধিক সচেতন হ'লে প্ৰতিজনৰে কাব্য চৰ্চা অধিক ক্ৰিয়াশীল আৰু এয়া হ'ব কবি আৰু কবিতাৰ এটা ন-উত্তৰণৰ বাট ।

কবিতাৰ জয় হওঁক ।
জয়তু চন্দ্ৰাৱলী-সাহিত্য সাধনা



পাৰ্থ প্ৰতিম কলিতা
১৪ আগষ্ট¸ ২০১৭
SHARE

About www.parthapratim.in

0 comments :

Post a Comment