সাধৰণতে বাইক চলোৱা সময় খিনি ময়ো এনেই নেখেদাও । ভাৱনাৰ জগতখনত যিকনো কথাৰে অষ্ট্ৰোপচাৰ কৰিবলৈ এয়া অলপ দীঘলীয়া সময় । কেতিয়াবা নিৰীক্ষণ কৰা ঘটনাবোৰ শ্লাইড হৈ এখন এখনকৈ চকুৰ আগৰে অহা যোৱা কৰে । আৰু তাৰ মাজৰে মনত দৃশ্যায়ণ হৈ সৰু সৰু টুকুৰা-টুকুৰ খণ্ড চিত্ৰ ।
সময় আবেলি ৬ বাজিছে । ৰঙা হৈ ভাগৰুৱা হৈ পৰা বেলিটো অস্তমিত । পোহৰৰ শেষৰকণ দিনটোত বিয়পি থকাৰ সময় । শৰাইঘাটৰ পুৰণি দলঙৰে বাইকখন আগবাঢ়িছে । দলঙৰ ষ্ট্ৰীট লাইটবোৰ ক্ৰমশঃ জ্বলি উঠিছে । গাড়ীৰ শব্দ¸ বতাহৰ হো-হোৱনিয়ে এটা মিশ্ৰিত সুৰ সৃষ্টি কৰিছে । তলত নিৰ্লিপ্ত হৈ বৈ আছে বহ্মপুত্ৰৰ সলীল জলৰাশি । নৈ হ'ব পৰা হ'লে!!! নৈৰ ক্ষণিকৰ সাক্ষাতে পহৰাই দিব পাৰে দিনান্তৰ ক্লান্তি ¸ সমস্ত অৱসাদ । নৈ বহুতৰে দৰে মোৰো আপোন¸ দূৰ্বলতা এটা আছে । বহ্মপুত্ৰলৈ চকু পঠিয়ালো । শেষৰকণ পোহৰৰ ক্ষীণপোহৰতো স্পষ্ট হৈ আছে ব্ৰহ্মপুত্ৰ। স্পষ্ট হৈ আছে নৈ পৰীয়া বিৰিখৰ ছাঁবোৰ । অস্তগামী সুৰুযৰ হেঙুলীয়াত ঢৌৰ সতে ব্ৰহ্মপুত্ৰ বৈ আছে- বৈ আছে । এক নান্দনিক দৃশ্য । এনে এক দৃশ্যক কেৱল চকুত নাৰাখি ¸ বুকুৰ গভীৰৰ পৰা গভীৰতম কোণত শিপাবলৈ কবিয়ে হয়তো লিখিছিল- “বহ্মপুত্ৰত সুৰ্যাস্ত”
চিন্তাবোৰ বিক্ষিপ্ত¸ সানমিহলি । চিন্তাৰ মাজে মাজে গৈ থাকো নিজৰ অলক্ষিতে । যেন এক স্বয়ংক্ৰিয় যন্ত্ৰ ¸ প্ৰতিটো কেকুৰি¸ বাইকৰ গতি কম-বেছি সকলোবোৰ স্বয়ংক্ৰিয় ভাৱেই হৈ থাকে । চকুৰ আগৰে পিছলৈ গৈ থাকে দীঘলীয়া বাট আৰু মনৰ মাজত চিন্তা বা অনুভৱৰ একো একোখন শ্লাইড ।
সমাধি ক্ষেত্ৰ পাৰ হৈ জালুকবাৰী ইউনিভাৰচিটী পালো ।কৃষ্ণচূড়া নগৰী সদা যৌৱনা জালুকবাৰী । স্পীড ব্ৰেকাৰত স্পীড কম কৰি কাষৰ মানুহবোৰৰ পিনে চোৱাটো যেন এটা নিত্য নৈমত্তিক ঘটনা । চানাৱালা মানুহজনৰ সৰু দোকানখনৰ চাৰিওপিনে এজাক যৌৱনৰ কলৰোল । কাষতে কুঁহিয়াৰ পেৰা এজন মানুহ । ভিৰ প্ৰায় সমান । এজাক সপোন পিয়াসী যৌৱনৰ হাঁহি । সৰুৰে এটা হেঁপাহ আছিল¸ ডাঙৰ হ'লে এদিন ইয়াত পঢ়িম । এনেকৈয়ে¸ ঠিক এনেকৈয়ে সময়বোৰ উপভোগ কৰিম । যিদিনা প্ৰথমবাৰৰ বাবে ইয়াত আহিছিলো (Youth festival) ত দকৈ উশাহ লৈ অনুভৱ কৰিছিলো ইয়াৰ ৰংবোৰ । কৃষ্ণাচূড়াৰ তলে তলে উশাহ লোৱাৰ সপোন ।
মোৰ বাইকৰ আগৰে এহাল ল'ৰা-ছোৱালী পাৰ হৈ গ'ল । সম্ভৱত প্ৰেমিক-প্ৰেমিকা । কিমান যে এই আকুলতা । অনুভৱ কৰিব নোৱাৰাতকৈ বেছি গভীৰ হৃদয়ৰ আবেদন ।
- জানা¸ কৃষ্ণচূড়াৰ তলত দুয়ো একেলগে বহি তোমাৰ চকুত চকু থৈ কথা পাতিম হা । হাতত হাত থম ।
- তাৰ পিছত । আকুলতাৰে সুধিছিলো তাইক ।
- তাৰপিছত আৰু নাই ।
আন্ধাৰ ক্ৰমশঃ গভীৰ হৈ আহিছে । বাইকৰ ঘড়ীতে সময় চালো । প্ৰায় ৭ বাজিছে । ৪০ কি:মি: যাত্ৰাৰ আৰু মাথো ৪ কি:মি: হে বাকী । মোৰ আগে আগে গৈ থকা ট্ৰাকখনৰ পৰা কিবা এটা চকুত পৰিল । বাইকখন ৰাস্তাৰ কাষত ৰখাই বাওহাতৰে চকুতো মোহাৰিছো । ওপৰৰ পৰা পানীৰ টোপাল এটা হাততত পৰিল । আকাশলৈ চালো । তৰা বিহীন এখন আকাশ । অথচ কিছু সময় আগতেই জিলমিলাই আছিল । সময় পৰিবৰ্তনশীল¸ বতৰ তাতোকে বেছি । বেগৰ চেইন খুলি ৰেইনকোটতো ওলাব খুজিও ৰৈ গ'লো । বহুত দিন বৰষুণত তিতা নাই¸ হেলমেটতো পিন্ধি বাইকৰ ষ্টাৰ্ট কৰিলো। বৰষুণৰ টোপালবোৰে মোক চুই গ'ল আকুলতাৰে ।
0 comments :
Post a Comment