পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » , » অথঃ বন্ধু সংবাদ ( ষষ্ঠ খণ্ড)

অথঃ বন্ধু সংবাদ ( ষষ্ঠ খণ্ড)

Written By www.parthapratim.in on Friday, 28 July 2017 | 01:03



বন্ধুক মনত আছেনে ? সেএইইই যে ইটালী¸ জাৰ্মানীৰ পৰা ঘুৰি অহা বন্ধুজন ¸ ইটালীৰ পৰা যে ফোন এটা কিনি আনিছিল । হে হে হে ¸ মনত পৰিছে নহয় । অ' অ' সেইজনেই । হে হে হে মই জানিছিলোৱে আপুনি তাক নাপাহাৰে বুলি । জানেনে এইকেইদিনতে বন্ধুৰ নতুন সংবাদ এটা ফাদিল কৰিলে চকুচৰহাই ।  কথাতো পিছে অনুৰাগীয়ে মানি লোৱা নাই । সঁচা নে মিছা নাজানিছো ।

ইটালীৰ পৰা অহাৰ কেইমাহমান পিছত বন্ধুৱে অসমত চাকৰি এটা পালে । ধেইত¸ ব্লা ব্লা ব্লা । চাকৰি পালে নহয়¸ কৰিলেহে । বন্ধুক চাকৰি অফাৰ দি দি কোম্পানীবোৰ ভাগৰি পৰাৰ পিছত বন্ধুৰ দৰদ ওপজিল মানে । জানেইতো বন্ধুৰ বাবে উপযোগী কোম্পানী নায়েই অসমত । চকুচৰহাই আকৌ বেলেগকৈ কয় । কি কয় নুসুধিব দেই  । কোম্পানীৰ টোৰ বন্ধু হ'ল FEO  । মানে… …? মানে ফিল্দ একজিকিউটিভ অভিচাৰ আকৌ । আপুনিও বৰ বেঙা¸ একো বুজিয়েই নাপায় । বন্ধুই  মাৰ্কেট ঘুৰি থাকিব লাগে ¸ সন্ধিয়া অফিচত ভিজিট কৰিব লাগে । ফিল্ডৰ সময়ছোৱাত মানুহবোৰে বন্ধুক ছাৰ বুলি মাতে¸ তাতে বন্ধু ভীষণ সুখী ¸ ইম্মানেই সুখী চকু মুদিয়েই হোৱাইট হাউচৰ চকীত বহা যেন লাগি যায় ।

এদিনাখনৰ কথা । এদিনাখন মানে পৰহিৰ দুটা দিন আগৰ মাত্ৰ । বন্ধুৱে অফিচৰ কামত কিবা এখন ভিতৰুৱা গাওঁত ভিজিট কৰিব গৈছে । জানেইতো বন্ধুৰ অনুৰাগীৰ সংখ্যা¸ এই যে আমাৰ ৰাজকুমাৰ দা তেৱো বন্ধুৰ অনুৰাগী । হেঃ হেঃ হেঃ । অনুৰাগীবোৰে বন্ধুক মাজত লৈ ভাষণ দিব দিলে । বন্ধুৰ সাৰুৱা কথাত মুগ্ধ হৈ মানুহবোৰে ভাষানৰ ২৭ বাৰ ৰিপিট টেলিকাষ্ট কৰিব দিলে । আমাৰ সূৰ্য মামাইও ভাষাণ ইম্মানেই ভাল পালে যে মৰমৰ চন্দ্ৰ মামাক মাতি আনি নিজেই চন্দ্ৰ মামাৰ চন্দুকৰ ৰখীয়া হৈ থাকিল । বন্ধুই দেখিলে কথা বিষম¸ এনেকৈ হ'লেতো ৰাতিপুৱাই বনাই অহা ভাত মেকা হোৱোতো খাতাং । নানানটা অজুহাত দেখাই বন্ধুৱে কথাৰ শাৰীত ফুলষ্টপ লগাই কথা শেষ কৰিলে ।  বন্ধুৱে বাইক চলাই ধুমুহা গতিৰে ৰুমলৈ আহি আছে¸  এইপিনে চন্দ্ৰমামাই বন্ধুৰ সম্পূৰ্ণ ভাষণ শুনিব নাপায় হুকহুকাই কান্দি পৱন ককা আৰু বৰুন জেঠাক দিলে নহয় অভিযোগ । অভিযোগ মানে মহা অভিযোগ¸ একেবাৰে তিনিশ সাত পৃষ্ঠাৰ মহাঅভিযোগ ।  মৰমৰ চন্দ্ৰ মামাৰ চকুপানীৰে স্বৰ্গ পূৰ হৈ গ'ল ।

বৰুন জেঠাই পৱন ককাক পিঠিত উঠি হুৰহুৰাই মৰতলৈ নামি আহিল ¸ উদ্দেশ্য বন্ধুৰ ভাষণৰ ৰেকৰ্ড কৰি চন্দ্ৰমামাক শুণোৱা¸ আৰু ইউটিউবত আপলোড কৰি দুটা মান ডলাৰ ইনকাম কৰা (এইটো টপ চিক্ৰেট¸ কাকো নক'ব দেই । বিদ্যা বেয়া পাম নহ'লে) বন্ধুই দেখিলে কথা বিষম । ভাষাণ দিব আৰম্ভ কৰিলে আঞ্জাটো মেকা হ'বই লগতে  ফ্লিপকাৰ্টৰ পৰা দুদিন আগেয়ে ২৯৯ ত লোৱা জোতাজোৰো তিতিব । জোতাতকৈ আঞ্জা ডাঙৰ নহয় মহান বাক্যশাৰী শিৰোগত কৰি কাষতে এঘৰ মানুহ দেখি বন্ধুৱে তাত ৰাতিটো কটাবৰ বাবে থিৰাং কৰিলে ।

বন্ধু : আজি ৰাতি ইয়াত থাকিব পাৰিম নেকি । মানুহ এজনক দুৱাৰ মুখতে দেখি বন্ধুয়ে সুধিলে হয় ।
থাকিবতো পাৰিলা হয় । পিছে আমাৰ ঘৰত গাভৰু ছোৱালী আছে । মানুহজনৰ কথা শুণি বন্ধুৰ বুকুত হাতুৰিৰহে কোব পৰিল । এইপিনে বৰুন-পৱনৰ গুম গুম ধাম ধাম । বন্ধু অইন এঘৰৰ তাত গ'ল¸ তাতো একেই সমস্য । এইপিনে বন্ধুৰ ছাৰ্টৰ তলৰে পানীৰ টোপাল গৈ জাঙীয়া চুও চুও । বন্ধুই কাষৰ মানুহ ঘৰত কলিং বেল টিপিলে । বন্ধুৱে মনতে ভাৱিলে সোধাৰ ষ্ঠাইল সলনি কৰিব লাগিব¸ নহ'লে বেকাৰ টাইম নষ্ট হয় । অলপ সময়ৰ পিছত শকত পেটলা মানুহ এজন ওলাই আছিল ¸ বন্ধুৱে উশাহ নোলোৱাকৈ শুধিলে¸ “ আপোনালোকৰ ঘৰত গাভৰু ছোৱালী আছে নেকি?, মানে আজি ৰাতিটো কটাব লাগিছিল ?

তাৰপিছত??

তাৰপিছৰ খিনি তামিল চিনেমা । বন্ধু এতিয়া জি এম চি নে জি এন আৰ চিত আছে ভালকৈ গমেই পোৱা নাই । এবাৰ খবৰ ল'ব যাব নেকি ?

SHARE

About www.parthapratim.in

0 comments :

Post a Comment