![]() |
Image Courtesy: Internet |
প্ৰথম বিভাগতে মেট্ৰিক পাছ
কৰাৰ দিনা এনে লাগে
ডাক্তৰ নহয় ইঞ্জিনিয়াৰে হম
চাকৰি পাম হাতে হাতে
কৰাৰ দিনা এনে লাগে
ডাক্তৰ নহয় ইঞ্জিনিয়াৰে হম
চাকৰি পাম হাতে হাতে
কথাবোৰ ভালদৰে বুজি পোৱাৰ বয়স নাছিল তেতিয়া ( নে কেৱল ময়ে বুজি পোৱা নাছিলো নাজানো ) । মোৰ চৌপাশৰ পৰিবেশে মাথো বুজাইছিল মেট্ৰিকৰ ৰিজাল্ট জীৱনৰ ভেঁটি । জীৱনৰ সমস্ত সমস্যাৰ প্ৰতিকাৰ যেন মেট্ৰিকৰ ৰিজাল্ট । যেনেকৈ ঘৰ এটা মজবুত কৰিবলৈ ভেটি মজবুট কৰিব লাগিব¸ ঠিক তেনেকৈয়ে মেট্ৰিকৰ ৰিজাল্ট জীৱনৰ । হয় চাগে¸ ছাৰ হ'তে মিছা ক'বনে ! প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হ'লেই মোৰ হাতত আহি পৰিব আলাউদ্দিনৰ যাদুকৰী চাকি। শিৰনত কৰি মোৰ ওচৰত থিয় হৈ থাকিব আকা¸ আনি দিব এপৃথিৱী সুখ¸ এসাগৰ মৰম ।
ঘৰৰ এচুকত সৰু বাঁহৰ মুড়া এটাত বহি আছো মই । কিছু সময় আগেয়ে মেট্ৰিকৰ ফলাফল পাইছো । প্ৰথম বিভাগ¸ তিনিটা বিষয়ত লেটাৰ । দুই-এজনকৈ চুবৰীয়াই খবৰ ল'ব আহিছে । দুই এটা কথা সুধিছে। এনেকুৱা সময়ত সুখবোৰ কি বুজাই ক'বলৈ অভিধান অলপো পৰ্যাপ্ত নহয় । তিৰবিৰ সৰু চকুত অলেখ আকাশ¸ উদ্ভাসিত পূৰ্ণিমাৰ হেজাৰ জোন ।
মোৰ চকুৰ আগৰে পাৰ হৈ গৈ আছে দেখি অহা সপোনবোৰ¸ সপোনৰ একো একোখন শ্লাইড।
বগা এপ্ৰনটোৰে সৰু কৰিডৰটোৰ মাজে মাজে খোজ কাঢ়ি গৈ আছো । গ'লত ওলমি আছে থেতিস্কোপ এডাল । যোৱাবাৰ জ্বৰ হওঁতে ঠিক এনেকুৱা এডাল থেতিস্কোপৰে মোৰ উশাহবোৰ হিচাপ কৰিছিল ডক্টৰে । ৰাতি মায়ে মুৰত হাত বুলাই কৈছিল ¸ “ভালকৈ পঢ়িব লাগিব । মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব । তেতিয়াহে ডক্টৰ হ'ব পাৰিবা । ”

-এতিয়া কি পঢ়িবা ?
এয়া ওচৰৰে বৰদেউতা এজন । গৰম চাহত বিস্কুতখন তিয়াই তিয়াই তেওঁ মোৰ ফালেই চাই আছে । মোৰ চৌপাশৰ সমগ্ৰ পৃথিৱীখনে এনেকৈ ষড়যন্ত্ৰ কৰি পেলাইছে যে মোৰ চিন্তা আৰু ভাৱনাৰ বুৰবুৰণিবোৰ সংকুচিত হৈ আহিছে । এই যে মেট্ৰিক পৰীক্ষা¸ ই কেৱল পৰীক্ষা নহয়¸ ই জীৱনৰ সঠিক নিৰূপক ।

- চায়েন্স পঢ়িম ।
- ভাল¸ ভাল । ডক্টৰ - ইঞ্জিনিয়াৰ হ'ব লাগিব ।
- ভাল¸ ভাল । ডক্টৰ - ইঞ্জিনিয়াৰ হ'ব লাগিব ।
ঘৰৰ এচুকত বাহঁৰ সৰু মুড়াতো এতিয়া নাই ¸ তথাপিও সেই একেখিনি ঠাইতে মই এতিয়াও বহিছো । একেদৰে মোৰ চকুৰ আগেৰে পাৰ হৈ গৈ আছে অতীতৰ ছায়ামায়া ছবি । এতিয়া মোৰ চৌপাশৰ পৃথিৱীখন মই এতিয়া নিজেই সাজিছো । মোৰ চিন্তা আৰু ভাৱনাৰ বুৰবুৰণিবোৰ মোৰ হাততেই ওপজা বা তাতেই মৰহা ।
জীৱিকাৰ জানো উপায় আৰু
নাই আমাৰ দুহাততে
কিমান আৰু চাকৰি অই....
নাই আমাৰ দুহাততে
কিমান আৰু চাকৰি অই....
মেট্ৰিক পৰীক্ষা আৰু জীৱনৰ মাজৰ সম্পৰ্ক বিচাৰিয়েই ৯ টা বছৰ পাৰ কৰিলো। ক'ত সম্পৰ্ক? জীৱনৰ খটখটিত যিমানেই খোজ দিছো সিমানেই দেখোন চুটি সপোনৰ দীঘল বাট । অংকৰ ভাষাত ব্যস্তনুপাতিক সমীকৰণ । ক্ৰমশঃ ধূসৰ হৈ নোহোৱা হৈছে বগা এপ্ৰন¸ কৃষ্ণাচূড়াৰ মাজৰ খাৰু পিন্ধা হাতখন আৰু পাতলীয়া বৰষুণ জাক ।
উপসংহাৰ: মোৰ এই লিখনি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে bad influence নহয় । এৰি অতীতৰ মাথো দস্তাবেজ । যি একান্ত নিজৰ ।
পুণঃ : দুদিন পিছতেই মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব । অহাকালি উচ্চতৰ মাধ্যমিকৰ । উৎকণ্ঠাৰে হৈ ৰৈ আছে ক'ত কোমল হৃদয় । সেই হৃদয়ত পুঞ্জীভূত হৈ আছে ক'ত সপোন ¸ আকাশ স্পৰ্শ কৰাৰ বাসনা । মেট্ৰিকেই জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা । সপোনবোৰ পূৰণ হওঁক । তথাপিওঁ ভিৰৰ মাজত লুকাই থাকিব বহুজন ভগ্ন সপোনৰে¸ তেওঁলোকক কওঁ ফলাফলে জীৱনৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নেৱাৰে । যেনেকৈ সৰুতে খেল এখনত হাৰিলে দ্বিতীয়বাৰ দুগুন উদ্যামৰে খেলিছিলো¸ জীৱনো ঠিক এনেকুৱাই । হাৰ মানিব নিশিকাটোৱেই বিজয়ী হোৱাৰ কাৰণ । সকলোলৈ মৰম আৰু অযুত শুভকামনা।
পুনঃ সংযোজন : আমিবোৰ সপোনপিয়সী । সপোন দেখিব লাগে ¸ এইবোৰেই জীয়াই থাকিব প্ৰেৰণা জগোৱাই¸ হাঁহিবলৈ শিকাই । কিন্তু সাৱধান¸ সপোনবোৰেই যাতে নিজৰ পৰা নিজক বিচ্ছিন্ন নকৰাই । শেষত ভাল হওঁক সকলোৰে¸ সুখী হওঁক সকলো।
0 comments :
Post a Comment