![]() |
Image Courtesy: Lingkoosh FB page |
শিল্পৰ পৰিসৰ ঠেক গণ্ডীৰ মাজত আৱদ্ধ নহয় । ই বিশালতকৈও বিশালতৰ । কবিতাও এক স্বতন্ত্ৰ কলা । শৈল্পিক বৈশিষ্ট অনুযায়ী কবিতাও বান্ধোনহীন । সেইবাবেই হয়তো কবিতাৰ কোনো স্থায়ী সংজ্ঞা নাই ¸ অতীজৰে পৰা কবিতা এনেকৈয়ে বৈ আছে আৰু বৈ থাকিব । তৎসত্ত্বেও কবিতাৰ এখন নিজস্ব জগত আছে আৰু ইয়াতেই বিচৰণ কৰে কবি আৰু পাঠকে । এই জগতখন পাঠকৰ ঢুকি পোৱা দুৰত্বৰ বাহিৰত হ'লেও কবিতাই ( মন কৰিব কবিতাই) পাঠকক স্পৰ্শ কৰাত সহায় কৰে । অৰ্থাৎ কবিতাই কবি আৰু পাঠকৰ মাজত এটা সু-সম্পৰ্ক ৰক্ষা কৰে ।
ওপৰত উল্লেখ কৰিলো কবিতা (শিল্প ) বান্ধোনহীন ¸ প্ৰকাৰন্তে কবি বান্ধোনহীন । অৰ্থাৎ সম্পূৰ্ণ স্বাধীনভাৱে¸ স্বাধীন শব্দৰে কবিতা সৃষ্টি কৰাৰ অধিকাৰ কবিৰ আছে আৰু থাকিব । এই কথাটো যিমান সত্য তাতোকৈ এয়া অধিক সত্য যে কোনো এজন ব্যক্তি কবি হোৱাৰ আগতে তেওঁ এজন মানুহ আৰু প্ৰতিজন মানুহেই সমাজৰ ওচৰত দায়বদ্ধ ¸ একেদৰে প্ৰতিখন সমাজ সময়ৰ ওচৰত । গতিকে দেখা যায় যে¸ কবিতাত সামাজিক দায়বদ্ধতা¸ মানবীয় মূল্যবোধ ¸ গভীৰ অন্তদৃষ্টিৰ প্ৰয়োজন আছে । কবিতা অৱসৰ বিনোদন নহয়¸ এটা আড্ডাৰ মাজৰ বিৰতিত একাপ গৰম চাহ কবিতা হ'ব নোৱাৰে । কবিতা পাঠকৰ ওপৰত নিৰ্ভৰশীল বাবেই হয়তো কোনোবাই কৈছে ( কোনে কৈছিল সঠিকভাৱে মনত পৰা নাই) কবিতা এটা সৃষ্টিৰ আগমুহূৰ্তলৈহে কবিৰ ¸ কবিতা হৈ উঠাৰ লগে লগে সেয়া বহুজনৰ হৈ পৰে ।
যিয়েই নহওঁক ¸ কবিতাৰ এই ক্ৰমবিবৰ্তন ধাৰা সৰলৰৈখিক নিশ্চয় নহয় । সৰলৰৈখিক নহয় বুলি এইবাবেই কৈছো ¸ যদিওবা অতীজৰ ভেঁটিতে নতুনত্ব গঢ়ি উঠিছে ¸ তথাপিও এই নতুনত্বৰ কোনোবাখিনিত পৰীক্ষা-নিৰীক্ষাৰে নতুন নতুন গতি প্ৰদান কৰাৰ কথা উলাই কৰিব নোৱাৰি । এনে এটা ধাৰাই চাগে যৌনতা বা দেহজ প্ৰেম । যদিও যৌনতা অসমীয়া সাহিত্যত নতুন নহয়¸ তথাপিও ৰক্ষনশীল সমাজ ব্যৱস্থাৰ বাবে হওঁক ¸ উদাৰমনা নীতিক অৱলম্বন কৰিব নোৱাৰাৰ বাবেই হওঁক বা অন্য কিবা ¸ ই এতিয়াও এনে এটা পৰ্যায় পোৱা নাই যে তাক মুকলিকৈ আলোচনা কৰিব পৰা যায় । অথচ যৌনতাই আত্ম উন্মোচন তথা আত্ম জিজ্ঞাসাৰ বাট প্ৰশস্ত কৰে । আমাৰ সমাজ ব্যৱস্থাত যৌনতা অতিশয় স্পৰ্শকাতৰ বিষয় ¸ সেইবাবে সাহিত্যত ইয়াক প্ৰয়োগত কবি অধিক সচেতন হোৱাৰ প্ৰয়োজন বুলি ভাৱো ।
যোৱা কিছুদিনৰ পৰা @সমুদ্ৰ কাজল শইকীয়া ডাঙৰীয়াই @Lingkoos (লিংকুছ) নামেৰে এখন Erotical poetry festival পাতিছে । ( ইয়াৰ উদ্দেশ্য যিহেতু অৱগত নহয় ¸ ইয়াৰ বিশয়ে সমালোচনা কৰাটো সমীচিন বুলি নাভাৱো ) । যৌনতাক মুলধনকে সৃষ্ট একাংশ দেশী-বিদেশী কবিতাৰ সমাহাৰ ঘটা এই উৎসৱক লৈ সৰৱ চৰ্চা হোৱাও আমাৰ দৃষ্টিগোচৰ হৈছে । যিহেতু প্ৰতিটো কবিতা(?)ই এখন কবিতাৰ উৎসৱত অংশগ্ৰহন কৰিছে গতিকে তাৰ গুণগত মানদণ্ড বিচাৰ্য ( যদিও সমগ্ৰ ধাৰণাটো আপেক্ষিক) । এইবাবেই বিচাৰ্য যে কবিতা সমূহে সমকালীন কিবা বিশেষ এটা প্ৰতিনিধিত্ব কৰিছে । ওপৰত উল্লেখ কৰিছিলো যে প্ৰতিজন কবিয়েই কবিহোৱাৰ আগেয়ে এজন মানুহ । মানুহ হিচাপে তেওঁলোক সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত । এতিয়া সামাজিক দায়বদ্ধতাৰ কথা অহাৰ লগেলগে কবিতা এটাৰ নিৰ্মাণৰ দিশটো আহি পৰে । কি বিষয়ৰে কবিতা এটা গঢ়ি তোলা হ'ব তাতকৈ কেনেকৈ গঢ়ি তোলা হ'ব ¸ এয়াহে অধিক গুৰুত্ব পূৰ্ণ । যিহেতু কবিতা এটাত নিৰ্মাণৰ দিশটো জড়িত গতিকে স্বতস্ফূৰ্তভাৱে মনলৈ অহা ভাৱ বা একে বহাতে সম্পূৰ্ণ কৰাই প্ৰকৃতাৰ্থত কবিতা হ'ব নোৱাৰে । মনত কোনো ধৰণৰ দোমোজা নাৰখি স্পষ্টভাৱে ক'ব বিচাৰো যে লিংকুছ ৰ কিছু সংখ্যক কবিতাক বাদে অধিক সংখ্যতে এই মুঢ়মতীয়ে কাব্যিকতা বিচাৰি হায়ৰাণ খাইছো । (এয়া এই অধমৰ অজ্ঞতাৰ ফল বুলিয়েই স্বীকাৰ কৰিছো । ) লিংকুছৰ বহুত কবিতা পঢ়ি এনে লাগিল যেন মনলৈ স্বতস্ফূৰ্তভাৱে অহা কামভাৱ বহীত লিপিবদ্ধ কৰি কবিতাৰ নাম দিছে । যৌনতা কবিতাৰ সমল হ'ব নিশ্চয় পাৰে¸ কিন্তু সেয়া উপস্থাপন কৰিব যাওঁতে প্ৰত্যেকটো অংগৰ নাম দিব যোৱা কাৰবাৰটো কিছু হজম কৰিব নোৱাৰা বিধৰ [( হজম কৰিব বিচৰা নাই¸ বদহজম হ'লে পেটৰ অসুখ হোৱাৰ সম্ভাৱনা অধিক ) ( ইয়াত “কিছু” শব্দটো এইবাবেই কৈছো যে অসমীয়া বহুতো সাহিত্যত ¸ বিশেষকৈ গল্প¸ উপন্যাসত কিছু অশ্লীল শব্দ পাইও হজম কৰি থৈছো । কিন্তু ইয়াত বিপৰীত এইবাবেই পালো যে শব্দকেইটা প্ৰয়োগৰ সুবিধা নথকাকৈয়ে কেৱল শব্দকেইটা প্ৰয়োগৰ স্বাৰ্থক অধিক অগ্ৰাধিকাৰ দিয়া যেন লাগিল । যি অতিশয় দুঃখীত ) ] মনলৈ অহা কামভাৱ খাৰাংখাচ ভাৱে কবিতা(?)ৰে প্ৰকাশ কৰিলে তাক কিমান দুৰ কবিতা কব পাৰি সেয়া বিচাৰ কৰিব নগলেও ¸ ইয়াৰ পৰা যে এটা বিপজ্জনক ধাৰা সৃষ্টি নহ'ব পাৰে তাক উলাই কৰিব নোৱাৰি । ইতিমধ্যে #লিংকুছ ৰ বহুতো কবিতা whatsapp গোটবোৰত হাঁহিৰ খোৰাক জগাবলৈ আৰম্ভ কৰিছে ( এয়া নিশ্চয় লিংকুছৰ উদ্দেশ্য নহয় বুলি ভাৱিছো ) ।
বিঃদ্ৰঃ আমাৰ জ্ঞান¸ অভিজ্ঞতা আঙুলিৰ মুৰত গনিলে যে এটা আঙুলিৰ গোটেই কেইটা পাবো শেষ নহ'ব সেয়া নিশ্চিত । লিংকুছ পেজৰ উদ্দেশ্যৰ কথা যিহেতু নাজানো¸ গতিকে তাক সমৰ্থন কৰা বা বিৰোধ কৰা মানেই আমাৰ অপৰিপক্কতা সূচাৱ বুলিয়েই ধৰি লৈছো । মই নিজেই পেজটো লাইক কৰিছো¸ এই উৎসৱত কবিতাৰে অংশগ্ৰহনো কৰিছো । ইয়াৰ মানে এয়া নুবুজায় যে মই প্ৰতিটো কবিতাতে লাইক কৰিছো ।
লিংকুছৰ উদ্দেশ্য সঠিককৈ জনা নাই এতিয়ালৈ ¸ ইয়াৰ বাবে বাট চালো । এয়া যদি কোনো উদ্দেশ্য এটাৰ পৰিক্ষণীয় পদক্ষেপ হয় ¸ তেন্তে ক'ব বিচাৰিম ইয়াত সংশোধনীৰ বহুল প্ৰয়োজন অনুভৱ কৰিছো । অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।
0 comments :
Post a Comment