পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » ডি.কে. কলেজক পাহৰিব নোৱাৰো¸ পাহৰিব নিবিচাৰো নষ্টালজিয়া

ডি.কে. কলেজক পাহৰিব নোৱাৰো¸ পাহৰিব নিবিচাৰো নষ্টালজিয়া

Written By www.parthapratim.in on Friday, 9 June 2017 | 03:33



ৰি অহা অতীত সোঁৱৰণিৰ অমল সোঁত
অতীত বুৰজ্ঞীৰ প্ৰথম পাত
সপোনৰ সুৱাসত খৰিকাজাইৰ গোন্ধ

ডি. কে. বুলিলেই মনলৈ উজাই আহে মৰমৰ মিঠা অনুভৱ
স্মৃতিৰ হেজাৰ টুকুৰা
যি স্মৃতিয়ে মোক লৈ যায় অতীতলৈ
সোঁৱৰাই দিয়ে সুখৰ নিনাদ¸ দুখৰ বিষাদ

অতীততো দুখ আছে¸ দুখত চকুপানী
মানুহৰ সংগই যেতিয়া নিসংগ কৰিছিল
পোহৰবিহীন দিনত কৃষ্ণাচুড়াৰ তলত বহি লিখিছিলো দিনলিপি
ঠিকনা- আশাহীনতা
মাফৰৎ- উদং ঘৰ
আৰু আজি মই সপোন দ্ৰষ্টা
পুৰণি নহয়¸ ডি.কে. কলেজৰ নৱতম অভিনৱ বাসিন্দা ।

ডি. কে. কলেজ যদি হয় আঘোণৰ পথাৰ
সেউজীয়াক বুকুত উম দিম হালধীয়া মন
ধান পাতে যদি গা কাটে¸ কাটক
বুকু ফালি উলিয়াই আনিম সপোন ।

হে মোৰ প্ৰিয় কবি সহোদৰ
ডি. কে. কলেজৰ বাবে ব্যয় কৰা শব্দ বৰ্ণ
হৃদয়ৰ গভীৰৰ পৰা কুৰুকি উলিয়াই আনা নষ্টালজিয়া
আৰু নষ্টালজিয়াত ডি.কে. কলেজ
আহা¸ হাতে হাত ধৰি উলিয়াও যৌৱনৰ সমদল
হেজাৰ হেজাৰ শ্লোগান

ডি. কে. কলেজ বুলিলেই মনলৈ নামি আহে গধূলি
আউসী নহয়¸ জোনাকে আমনি কৰা পোহৰ দিপাৱলী ।

সেয়ে¸ ডি. কে. কলেজক পাহৰিব নোৱাৰো
পাহৰিব নিবিচাৰো নষ্টালজিয়া ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment