আগকথা :
-----------
কবিতা কি?
কেইটামান শব্দৰ সমষ্টি নে শব্দৰে সৃষ্ট কল্পনা আৰু আৱেগৰ এক প্ৰৱাহ? কবিতা সৃষ্টি নে নিৰ্মাণ ?
কবিতা এটা কলা । কোনো সংজ্ঞাই এই শিল্পক সম্পূৰ্ণ ভাৱে সীমাবদ্ধ কৰিব নোৱাৰে¸ তথাপিও ৰূপগত দিশ আৰু মানৰ (মানদণ্ড নহয়) বাবে কিছু সংজ্ঞা ¸ সাহিত্যৰ এটা বিশেষ মান্য বিভাগ হিচাপে মানি চলিব লাগে ।
কবিতা বুলি কলে এটা নিৰ্দিষ্ট পৰিসৰৰ এক বিশেষ আংগিকৰ এটা সাহিত্য আমাৰ মনলৈ আহে¸ যি সাহিত্য আন শাখাৰ পৰা কিছু পৃথক।
কবিতা এটা সৃষ্টিৰ সময়ছোৱাত মনৰ ভিতৰত যি ভাৱ-অনুভূতিৰ জোৱাৰ উঠে¸ যি স্বতঃস্ফূৰ্ত ভাৱে উদয় হয়¸ তাক মনৰ ভিতৰতে সম্পাদনা কৰি লিপিবদ্ধ কৰা হয় ¸ অৰ্থাৎ মনত উদয় হোৱা ভাৱৰ সমান্তৰালকৈ নিৰ্মাণৰ দিশত অধিক গুৰুত্ব দিয়া হয় । কেতিয়াবা প্ৰয়োজনীয় শব্দৰ সন্ধানত বহুসময় কৰা অপেক্ষাইও নিৰ্মাণ বুজায় । অৰ্থাৎ ভাৱৰ প্ৰথম সংবেদনটো আমাৰ জ্ঞানেন্দ্ৰিয়ই গ্ৰহণ কৰাৰ পাছত তাক মগজুৰ কাৰখানাত বিভিন্ন প্ৰক্ৰিয়াৰ নিৰ্মাণ-বিনিৰ্মাণৰ পাছতহে আমি এটা পূৰ্ণ কবিতা লাভ কৰো । কেৱল অনুভৱ আৰু আৱেগক মূলধন হিচাপে লৈ ক্ষন্তেকতে সৃষ্টি কৰা কবিতাই প্ৰত্যক্ষভাৱে অসমীয়া কবিতাৰ ক্ষতি নকৰিলেও পৰোক্ষভাৱে ক্ষতি নকৰাৰ কথা নুই কৰিব নোৱাৰি । গতিকে কবিতা মূলতঃ নিৰ্মাণ বুলিয়েই সৃষ্টি কৰিলেই কবিতা অধিক নিটোল হ'ব বুলি বিশ্বাস ।
কবিতা নিৰ্বাচন:
--------------------

পূৰ্ব নিৰ্ধাৰিত নীতি অনুসৰি ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ পৰা ৫ টা কবিতা আলোচনাৰ বাবে বাচনি কৰা হৈছে ।
নিৰ্বাচিত কবিতা আৰু কবিৰ নাম-
নিৰ্বাচিত কবিতা আৰু কবিৰ নাম-
১। জুইফুল- ৰীণা বুঢ়াগোঁহাই
২। কণিষ্ক - লীনা হাজৰিকা
৩। আজিৰ নাৰী - মাধৱ দত্ত
৪। ফাগুন - সাৰদা শ্ৰেষ্ঠ
৫। চাৰ্কাছৰ ছোৱালী- তিলক চন্দ্ৰ নাথ
পৰ্যালোচনা:
---------------
১।
জুইফুল
~ ৰীণা বুঢ়াগোঁহাই
২। কণিষ্ক - লীনা হাজৰিকা
৩। আজিৰ নাৰী - মাধৱ দত্ত
৪। ফাগুন - সাৰদা শ্ৰেষ্ঠ
৫। চাৰ্কাছৰ ছোৱালী- তিলক চন্দ্ৰ নাথ
পৰ্যালোচনা:
---------------
১।
জুইফুল
~ ৰীণা বুঢ়াগোঁহাই
সূৰ্যটোৰ গাত জুইফুল ফুটিছে
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
দুপৰীয়াটো তেজাল হৈ পৰিছে
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জুইফুলৰ গুটি পৰিছে পৃথিৱীত
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰূপ যে জুইফুল পাহৰ ।
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰূপ যে জুইফুল পাহৰ ।
আলোচনা--
--------------
সাধাৰণতে যিকোনো ধৰণৰ সৃষ্টি হয় সমকালৰ পৰিবেশত গঢ় লৈ উঠা সমকালৰ চেতনাৰ আধাৰাত । কাল সচেতন কবি ৰীণা বুঢ়াগোঁহাইৰ দৃষ্টিত ধৰা পৰিছে সমকালৰ অনৈতিকতাৰ পথভ্ৰষ্ট হোৱা বিভিন্ন দিশ। ক্ষয়িষ্ণু সমাজৰ কদৰ্যতাই কবিক ব্যাথিত কৰিছে¸ এনে সমস্যাৰ পৰা পৰিত্ৰাণ কামনাৰে সূৰ্যক প্ৰতীক ৰূপে উপস্থাপনৰে কবিয়ে কৈছে…
সূৰ্যটোৰ গাত জুইফুল ফুটিছে
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ’ব ওলোমাই ।
কবি বৰ্তমান সময়ৰ যান্ত্ৰিকতা¸ কলুষতা¸ চুড়ান্ত ব্যক্তিকেন্দ্ৰিকতাৰ বিষয়ে পৰিচিত। এনে পৰিস্থিতিত কবি নিৰাশ নহ'লেও ধৰিত্ৰীৰ বক্ষ ফালি চিৰা-চিৰ হ'ব ভাৱি অস্থিৰ হৈ পৰিছে।
কবি বুঢ়াগোঁহাইৰ চিত্ৰকল্পৰ প্ৰয়োগো মনকৰিবলগীয়া।
দুপৰীয়াটো তেজাল হৈ পৰিছে
জিলীজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা
“তাই” শব্দৰ প্ৰয়োগ ইয়াত লক্ষণীয় । প্ৰকৃতিৰ অংশ দুপৰীয়াক নাৰীৰ সৈতে উপস্থাপনৰে “নাৰীয়ে সৃষ্টি অথবা নাৰীৰ সংহাৰী ৰূপ লোৱাৰ কথা ভৱাৰ অৱকাশ আছে।

২)
কণিষ্ক
~ লীনা হাজৰিকা
কণিষ্ক
~ লীনা হাজৰিকা
কটা মূৰটো আনি
ক'ত প্ৰক্ষেপ কৰিলা ?
এটা নগ্ন শৰীৰত ?
বিজ্ঞানৰ অভিশাপ
বিবস্ত্ৰা নকৰিবা
উন্মাদ হ'ব ধৰিত্ৰী
আত্মহননৰ পথ বাচি ল’ব।
ক'ত প্ৰক্ষেপ কৰিলা ?
এটা নগ্ন শৰীৰত ?
বিজ্ঞানৰ অভিশাপ
বিবস্ত্ৰা নকৰিবা
উন্মাদ হ'ব ধৰিত্ৰী
আত্মহননৰ পথ বাচি ল’ব।
আলোচনা :
--------------
সমাজ সচেতন কবিসকলে যেতিয়া নিজৰ আপোন যুগৰ নৈতিক স্খলন দেখে¸ আৰু সেই স্খলনত মানৱতাক চূড়ান্তভাৱে অপমানিত হোৱা বুলি বোধ কৰে কৰে তেতিয়া ঐতিহ্যৰ আশ্ৰয় লয় । কবি লীনা হাজৰিকাই ইতিহাসৰ এটা অধ্যায়ৰে বৰ্তমানৰ সমাজখনৰ উৰ্ধগামী হোৱাৰ বিপৰীতে নিম্নগামী মানসিকতাৰ কথাই উল্লেখ কৰিছে ।
বিজ্ঞানৰ আবিষ্কাৰ কম্পিউটাৰৰ ফটোশ্বপৰ সহায়ত এচাম পশুতুল্য ধুৰন্ধৰ লোকে মানুহৰ শৰীৰ¸ আৱেগক লৈ খেলে। সভ্য যুৱতী¸ নাৰী সকলৰ মুখখন ফটোশ্বপৰ সহায়ত কাটি নি ইন্টাৰনেটত উপলব্ধ উলংগ নাৰীৰ শৰীৰত সংযোগ কৰি ধংস মাতি আনে। ফলত ভুক্তভোগী নাৰীগৰাকীয়ে আত্মহত্যা পৰ্যন্ত কৰিব লগা হয়। বৰ্তমানৰ কঠিনতাৰ আঘাতত বিব্ৰত আৰু বিবৰ্ণ হোৱা কবিগৰাকীয়ে সমাজৰ এনে চিৎকাৰ অনুভৱ কৰি শংকিত হৈ পৰিছে । তেওঁ সকিয়াই দিছে বিজ্ঞানৰ আশীৰ্বাদক অভিশাপলৈ পৰিবৰ্তন নকৰিবলৈ ।
কবিতাটোৰ শিৰোনাম যিহেতু “কণিষ্ক” ¸ গতিকে কবিতাটো পৰিসৰৰ মাজৰ বিস্তৃত । মৌৰ্য সম্ৰাট কনিষ্কৰ একমাত্ৰ মুণ্ডবিহীন প্ৰতিকৃতিত মুকুটবিহীন অৱস্থাৰ কথা ক'ব পৰা যায় । মুকুট ৰজাৰ অন্য এটা পৰিচয় ¸ এনে মুকুটবিহীনতাই হেজাৰ বিচক্ষণতাৰ বিপৰীতে দুৰ্বলতা সূচায়।
আধুনিক যুগত বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰাটো আধুনিক মনৰ পৰিচয়¸ কিন্তু ভোগবাদী সমাজ ব্যৱস্থাই বিজ্ঞানক ৰচনাত্মক ৰূপত গ্ৰহন কৰাৰ বিপৰীতে ধ্বংসত্মাক ৰূপত গ্ৰহণ কৰাৰ বাবে শংকিত হৈ পৰিছে।

৩)
আজিৰ নাৰী
~ মাধৱ দত্ত
আজিৰ নাৰী
~ মাধৱ দত্ত
নাৰী হেনো অৰ্ধ আকাশ ৷
নাৰী সৃষ্টিৰ উৰ্বৰা শক্তি ৷
নাৰী সাহস আৰু
শৌৰ্য্যৰ প্ৰতিমুৰ্তি ৷
নাৰী মমতাময়ী ৷
নাৰী শ্যামলিমা পৃথিৱীৰ আমোঘ শক্তি ৷
নাৰী মাতৃ
নাৰী ভগ্নী
নাৰী প্ৰজ্বলিত বহ্নি শিখা ৷
কিন্তু .....
কিয় নাৰী পণ্য হয় ভোগবাদৰ বজাৰত !
কিয় নাৰী লান্সিতা হয় ,
ধৰ্ষিতা হয়
মোৰ দেশৰেই
পুৰুষ নামধাৰী
কাপুৰুষৰ হাতত !!
মাতৃ লান্সিতা হয়
নিজৰেই গৰ্ভজাত
চেনেহৰ পুত্ৰ - কণ্যাৰ হাতত !
কিয়?
কিয় হয় এনে??
নাৰী সৃষ্টিৰ উৰ্বৰা শক্তি ৷
নাৰী সাহস আৰু
শৌৰ্য্যৰ প্ৰতিমুৰ্তি ৷
নাৰী মমতাময়ী ৷
নাৰী শ্যামলিমা পৃথিৱীৰ আমোঘ শক্তি ৷
নাৰী মাতৃ
নাৰী ভগ্নী
নাৰী প্ৰজ্বলিত বহ্নি শিখা ৷
কিন্তু .....
কিয় নাৰী পণ্য হয় ভোগবাদৰ বজাৰত !
কিয় নাৰী লান্সিতা হয় ,
ধৰ্ষিতা হয়
মোৰ দেশৰেই
পুৰুষ নামধাৰী
কাপুৰুষৰ হাতত !!
মাতৃ লান্সিতা হয়
নিজৰেই গৰ্ভজাত
চেনেহৰ পুত্ৰ - কণ্যাৰ হাতত !
কিয়?
কিয় হয় এনে??
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !!
এয়া কি সভ্যতা !!!
এয়া কি সংস্কৃতি !!
এয়া কি সভ্যতা !!!
আৰু ন্যায় বিচাৰ !
হে নাৰী ! সেয়া নুসুধিবা ৷
ন্যাৰ্য প্ৰাপ্তিৰ বাবে
পুনৰ তুলি দিয়া
তোমাৰ সৰ্বস্ব
আন এজনৰ হাতত ৷
এজাহাৰৰ লগত গাঁঠি দিয়া
এখন বায় 'ডাটা ৷
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ ,
তোমাৰ ধৰ্ম,
নাইবা
শাসনাধিষ্ট চৰকাৰৰ তুমি উগ্ৰ সমৰ্থক বুলি ৷
নহ’লে
নাপাবা ন্যায় বিচাৰ ৷

হে নাৰী !
নিজেই নিজৰ সহায় হোৱা ৷
ন্যায় দাবী কৰি
এই দেশত
কোনো ফল নাপাবা ৷
নিজেই নিজৰ সহায় হোৱা ৷
ন্যায় দাবী কৰি
এই দেশত
কোনো ফল নাপাবা ৷
আলোচনা :
--------------
কবি মাধৱ দত্তৰ “আজিৰ নাৰী” সাম্প্ৰতিক সময়ৰ চিৰপৰিচিত নাৰীক ছবি এখন অংকিত কৰাৰ প্ৰয়াস কৰিছে । কবিতাটো বৰ্ণনাধৰ্মী । নাৰীৰ প্ৰকৃতাৰ্থত বিচৰা ৰূপটোৰে কবিয়ে কবিতাটো আৰম্ভ কৰিছে ।
বাস্তৱৰ কাঠিন্যতাত নাৰীক ভোগবাদৰ সমাজত পণ্য কৰা হয় । এনে অস্থিৰ - কদৰ্য মুহূৰ্তত কবিয়ে অনুভৱ মানৱীয়তাৰ প্ৰাণহীন শূন্যতা । এনে বিভৎসতা দেখি কবিৰ অন্তৰাত্মা আৰ্তনাদ কৰিছে ।
কিয় এনে হয় ?
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !
এয়া কি সভ্যতা !
বৰ্তমানৰ ভোগসৰ্বস্ববাদী মানুহ¸ বিশেষকৈ নাৰীৰ প্ৰতি হোৱা এনে বীভৎস শোকাবহ অৱস্থা চিত্ৰায়ন কৰি কবিয়ে কৈছে-
এজাহাৰৰ লগত গাঁঠি দিয়া
এখন বায়ডাটা
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ
তোমাৰ ধৰ্ম
কবিতাটোত বাস্তৱক নিৰ্মাণ কৰা হৈছে যদিও বিষয়বস্তুৰ অত্যাধিক বিৱৰণে কাব্যিকতাত আঁচোৰ পেলাইছে । ইয়াত চিৰপৰিচিত ছবিখনেই সৰলভাৱে প্ৰকাশ কৰা হৈছে । কবিতাটোক আৰু অলপ সময় দিলে উন্নত হ'ব বুলি বিশ্বাস ।

৪)
ফাগুন
~ সাৰদা শ্ৰেষ্ঠ
ফাগুন
~ সাৰদা শ্ৰেষ্ঠ
ফাগুন মানেই নহয়
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ফাগুন মানেই
পলাশৰ ৰং
ফাগুন মানেই
মদাৰৰ খং ।
ফাগুন মানেই
শিমলুৰ হাঁহি
ফাগুন মানেই
কুঁহিপাতৰ জিলিঙনি
ফাগুন মানেই
কঁঠালৰ কোমল মুচি
ফাগুন মানেই
আমৰ মলৰ মিচিকনি ।
ফাগুন মানেই
প্ৰকৃতিৰ উদং বুকু
ফাগুন মানেই
পছোৱাৰ ৰঙা চকু ।
ফাগুন মানেই
একোৰা জুই
হিয়াত জুই
দেহত জুই
গছে বনে জুই ।
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ফাগুন মানেই
পলাশৰ ৰং
ফাগুন মানেই
মদাৰৰ খং ।
ফাগুন মানেই
শিমলুৰ হাঁহি
ফাগুন মানেই
কুঁহিপাতৰ জিলিঙনি
ফাগুন মানেই
কঁঠালৰ কোমল মুচি
ফাগুন মানেই
আমৰ মলৰ মিচিকনি ।
ফাগুন মানেই
প্ৰকৃতিৰ উদং বুকু
ফাগুন মানেই
পছোৱাৰ ৰঙা চকু ।
ফাগুন মানেই
একোৰা জুই
হিয়াত জুই
দেহত জুই
গছে বনে জুই ।
আলোচনা :
------------
কবিতা এটা কলা ¸ কলাৰ ধৰ্মই হ'ল জীৱনৰ গভীৰ সত্য¸ প্ৰকৃতিৰ বিশালতৰ সৌন্দৰ্য¸ বিপুলাতয়ন সুন্দৰ প্ৰতিষ্ঠা কৰা । প্ৰকৃতিক সৌন্দৰ্যত আত্ম নিমজ্জিত কবি “সাৰদা শ্ৰেষ্ঠ”ই “ফাগুন”ৰে এখন ফাগুনৰ ছবি অংকিত কৰিছে ।
ফাগুন মানেই নহয়
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ধূলিৰ আবিৰৰে মাথো ধূলিময় কৰি তোলাই ফাগুন নহয়¸ ইয়াতেই শীতৰ আৱেশ ক্ৰমশঃ শেষ হয়¸ কুঁৱলীৰ বগা চাদৰ খন আঁতৰি যায় । ফাগুনৰ পৰশতেই সোনাৰুৰ হালধীয়াবোৰ ফুলে¸ পলাশ ৰঙাই কঢ়িয়াই আনে বহাগ অহাৰ বতৰা ।
কবিতাটো গীতিময়ীতাৰে কবিয়ে কবিতাটোৰ গতি প্ৰদান কৰিছে । ফাগুনৰ এখন ছবি অংকিত কৰাই মূলতঃ কবিতাটোৰ সাৰমৰ্ম।

৫)
চাৰ্কাছৰ ছোৱালী
.~ তিলক চন্দ্ৰ নাথ
চাৰ্কাছৰ ছোৱালী
.~ তিলক চন্দ্ৰ নাথ
নিশা দুপৰলৈ জীৱনটো বন্ধকীত দি
খেলে তাই জীৱন-মৃত্যুৰ খেল
.
কাৰোবাৰ ক্ষণিক মনোৰঞ্জনৰ বাবে
খহাই লয় বুকুৰ কাঁচলি
অথবা
তলপেটৰ আচ্ছাদন
.
অৰ্ধ নগ্ন দেহ বল্লৰীৰে
লয়লাস ভঙ্গিমা তাইৰ
শূন্যত ওলমি
.
বিনিময়ত
এমুঠি অন্ন অথবা দুটুকুৰা
শুকান ৰুটী
.
জীৱনৰ কঠিন শিলালিপিত
খোদিত তাইৰ জীৱন পঞ্জী
.
তাই চাৰ্কাছৰ ছোৱালী !
আলোচনা :
-------------
সমকালৰ চেতনা যাৰ প্ৰখৰ ¸ তেনে ব্যক্তিৰ সামাজিক দায়বদ্ধ চেতনাও গভীৰ । সমকাল চেতনাৰে বৰ্তমানক সূক্ষ্ম দৃষ্টিভংগীৰে কবিয়ে “চাৰ্কাছৰ ছোৱালী”ৰ মাজেৰে সমাজৰ এটা দুৰ্দশাৰ কথা ব্যক্ত কৰিছে । কবিৰ এই দৃষ্টিভংগী ক্ৰমশঃ গভীৰ হৈ কবিতাটো ভাৱগধুৰ কৰি তুলিছে ।
ৰাজকাপুৰ অভিনীত মেৰা নাম জোকাৰ ছবিখনত জোকাৰ এজনৰ হাঁহি থকা মুখাৰ আঁৰৰ মুখখনৰ দুখ-হতাশা¸ বেদনাৰ সুন্দৰকৈ চিত্ৰায়ণ কৰা হৈছিল । তেনে এখন দৃশ্যৰ উপস্থাপন কৰা হৈছে চাৰ্কাছৰ ছোৱালীত ।
কবিয়ে জীৱন সংগ্ৰামৰ নিৰ্মম সত্যৰ এখন কৰুণ ছবি অংকন কৰিছে। চাৰ্কাছৰ ছোৱালী এজনী দৰিদ্ৰ যুৱতী। যিয়ে পেটৰ ভোকত পৰি আনক মনোৰঞ্জন দিবলৈ গৈ জীৱন মৃত্যুৰ খেল খেলিছে। লাজমান একাষৰীয়া কৰি ইচ্ছাৰ বিপৰীতে নামমাত্ৰ বস্ত্ৰ পৰিধান কৰিছে একমাত্ৰ ভাত মুঠিৰ বাবে। এক কৰুণ দৃশ্য¸ অথচ অইনৰ মনোৰঞ্জনৰ বাবে এয়া গাপ দি ৰাখিব লগা হয় চাৰ্কাছৰ ছোৱালীয়ে।

পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
সদস্য ¸ আখৰুৱা
সদস্য ¸ আখৰুৱা
0 comments :
Post a Comment