পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » বগা বিচনা চাদৰ ( একমিনিটৰ গল্প)

বগা বিচনা চাদৰ ( একমিনিটৰ গল্প)

Written By www.parthapratim.in on Tuesday, 7 February 2017 | 00:17

   
Image Courtesy: Internet



কোঠাটোত সোমায়ে এটা সুগন্ধি তাৰ নাকত লাগিল । নানাৰঙী ফুলৰে পালেঙখন সুন্দৰকৈ সজাই তোলা হৈছে । পালেঙৰ প্ৰতিটো ষ্টেণ্ডত ঢৌ খোৱা হালধীয়া নাৰ্জীৰ মাজৰে ওলমাই দিয়া হৈছে বগা ৰঙৰ ৰজনীগন্ধা । ৰজনীগন্ধাৰ গোন্ধ তাৰ প্ৰিয় । চিগাৰেট এটা জ্বলাব খুজিও ৰৈ গ'ল সি । ৰজনীগন্ধা এটা নাকৰ কাষলৈ আনি শুঙি চালে । আসঃ কিমান আকাংক্ষিত এই নিশা । তাৰ বগা পাঞ্জাৱী¸ কূৰ্তাৰ সৈতে বিচনাৰ বগাখিনিও এক হৈ গ'ল ।
ফুলশয্যাৰ বিচনাত বগা কাপোৰ কিয় দিয়ে?
প্ৰাকযৌৱনৰ কোনোবা এটা বন্ধুৰ সৈতে হোৱা অশ্লীল আদ্দাত সি সুধিছিল । বন্ধুবোৰে হাঁহিছিল তাক¸ জোকাইছিল । মক্কেল চাল্লা..
বুজা হোৱা দিনৰ বহুত পিছলৈয়ে সাথৰ হৈয়ে আছিল বগা বিচনা চাদৰৰ ৰহস্য । টি ভি ¸ চিনেমাত প্ৰায়ে দেখি সি ভাৱে বগা ৰঙ শান্তিৰ প্ৰতীক¸ সেইবাবেই চাগেই । কাৰোবাক সুধিব খুজিও ৰৈ যায় সি ।
        খিৰিকী খন খুলি দিলে সি । বাহিৰত আত্মীয়ৰ ব্যস্ততাবোৰ চকুত পৰিল তাৰ । সৌৱা পেহীয়েকে হাতত কিবা লৈ পাকঘৰলৈ গৈছে । কিমান যে কষ্ট হৈছে পেহীয়েকৰ । বিচনাখনো চাগে তেঁৱে সজাইছে । চকু ঘুৰাই সি বিচনাখনলৈ চালে । অসংখ্যা তেজৰঙা গোলাপৰ পাহীৰে ভৰি ৰক্তিভ হৈ পৰিছে বগা বিচনা চাদৰ ।
        কিছুদিন আগেয়ে হাইস্কুলৰ বন্ধু এজনক লগ পাইছিল সি । পুৰণি বন্ধু । বহু কথাই পাতিছিল। খবৰ সুধিছিল ¸ তাৰ খবৰ কৈছিল ¸ বিয়াৰ কথা কৈছিল ।
: তোৰ বিয়া ? মজ্জা । প্লাৱিতাৰ লগত নে ?
: নাই¸ কিংকিনীৰ লগত । এৰেঞ্জ মেৰেজ । প্লাৱিতাৰ সৈতে যোৱাবছৰে ব্ৰেক হ'ল।
: এৰেঞ্জ ! বন্ধুজন যেন কিছু আচৰিত হৈছিল । এইবাৰ তই বুজিবি বগা বিচনা চাদৰৰ ৰহস্য । হাঃ হাঃ
তাৰ হাহিঁতো বহু সময় বুকুত শেল বাজি ৰৈছিল তাৰ । এইযেন হাঁহিতো খিৰিকীৰে পুণৰ সোমাই আহিব । ফুলৰ গোন্ধটো সহ্য কৰিব নোৱাৰাকৈ অহস্য হৈ পৰিল তাৰ বাবে । অনিশ্চাসত্বেও চিগাৰেট জ্বলালে সি। চিগাৰেটৰ ধোৱাখিনি ৰিং বনাই বতাহত এৰি দিলে । ৰিং বোৰ গোলাকাৰ¸ ৰিংবোৰৰ মাজত সি অকলে নাই। এৰি দিয়া প্ৰতিটো ৰিঙে সৃষ্টি কৰিছে ঐককেন্দ্ৰিক বৃত্তৰ । ক্ৰমান্বয়ে এটা এটা বৃত্তৰ ব্যাসাৰ্ধ বাঢ়ি লীন হৈ গৈ আছে ¸ গৈ আছে ।
কিবা এটা মনত পৰাত সি ঘপহকৈ থিয়া হ'ল । চিগাৰেটতো খিৰিকীৰে দলিয়াই সেয়া বন্ধ কৰি দিলে । কিংকিনীক বিশ্বাস প্ৰত্যয়ৰ পৰীক্ষাত অৱতীৰ্ণ কৰিব নিবিচাৰে সি। কোঠাটোৰ এচুকত থকা ট্ৰাংক টোত পুৰণি বিচনা চাদৰ আছে ¸ সি জানে । পূৰণি হলেও হ'ব। সি বিচাৰিব ধৰিলে ।
✍ পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment