পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » তুমি , চিগাৰেট আৰু এটা কবিতা

তুমি , চিগাৰেট আৰু এটা কবিতা

Written By www.parthapratim.in on Friday, 27 January 2017 | 04:57

Image Courtesy: Internet

য়া চিগাৰেট জ্বলাইছো
তুমি যে কোৱা চিগাৰেট নাখাবা__ সেইবাবেই 
বুজাইতো
মই ক্লান্ত এটা প্ৰাণ, দিকবিদিক নোহোৱা হেজাৰটা ঢৌ
মোৰ চুলিত শতিকাৰ এন্ধাৰ 
দেহত বুটাম বিহীন চিগা কামিজ 
চকুত ফুচফুচ হাঁহিৰ দুপৰীয়া ।
.
.
ৰাতিৰ শেষত সৰি পৰা টোপ টোপ নিয়ৰ 
গল্প লিখিছিলো জোনাকীৰে
সকলো চৰাই ঘৰলৈ আহে 
নদ নদী হেজাৰ সাগৰ পাৰ হৈ
তুমি নাহিবানে??
.
.
এতিয়া মই উজাগৰে থাকো
অসুখত ডুবি ডুবি চিগাৰেট জ্বলাও
শৃংখলিত হ'ব নোখোজা বেবাৰিবাং শব্দবোৰ কুণ্ডলী পকাই উৰুৱাওঁ
আল বাল হেজাৰটা ধোৱাৰ ৰিং বনাওঁ
আৰু জাহ খেদাওঁ প্ৰতিটো ধোৱাত তোমাৰ শপত ।
.
.
ওঁঠত জলন্ত চিগাৰেট 
ভাৱিছিলো 
বিষাদবোৰ কুণ্ডলী পকাই শেষ কৰিম ধোঁৱাৰ মাজত
অথচ হৃদয়খনেই হেৰাল ধোঁৱাত
চাল্লা , এয়াওঁ জীৱন ।
.
.
এয়া চিগাৰেট জ্বলাইছো
খিৰিকীৰ কাষত কবিতা 
কবিতাৰ ওচৰত আঠু কাঢ়ি বহিছো
জলক তবক চাৱনিৰে কান্দিছো
নিজলৈ পিঠি দি আত্মহননৰ চেষ্টা কৰিছো 
আৰু জ্বলি জ্বলি জীয়াই আছো 
চিগাৰেটৰ ধোঁৱাৰ মাজত ।
.
.
.
✍✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment