পুৰণি কবিতা এটা বিচাৰি কবিয়ে ঘূৰি ফুৰিছে
ফুটপাথে ফুটপাথে
শ্বপিং মলৰ প্ৰতিটো বিপনীত
নাই কবিৰ সেই কবিতা ।
অথচ সেই কবিতাটো কবিৰ আপোন আছিল
ক্ষয় যোৱা কাহীৰ থন থন শব্দ
পাহৰণিত বিজলুৱা শেলুৱৈত কবিয়ে বাৰে বাৰে উজুটি খাইছিল
সময়বোৰ বিপন্ন
দিনবোৰ ধূসৰ
সেই কবিতাটোত ভৰ দিয়েই কবি থিয় হৈছিল
হালধীয়াবোৰ সলনি কৰিছিল নীলালৈ
নীলাবোৰ পুনৰ ৰঙালৈ ।
ক্ষয় যোৱা কাহীৰ থন থন শব্দ
পাহৰণিত বিজলুৱা শেলুৱৈত কবিয়ে বাৰে বাৰে উজুটি খাইছিল
সময়বোৰ বিপন্ন
দিনবোৰ ধূসৰ
সেই কবিতাটোত ভৰ দিয়েই কবি থিয় হৈছিল
হালধীয়াবোৰ সলনি কৰিছিল নীলালৈ
নীলাবোৰ পুনৰ ৰঙালৈ ।
কবি ভোকাতুৰ নাছিল
মন গলেই পান কৰিছিল নলাৰ দুৰ্গন্ধ
ফাগুনৰ বেহেলাৰ চিলা উৰা দেখি
কবিয়ে লিখিছিল শব্দৰ তাড়নাত
জীয়া মানুহবোৰ আত্মজাহ দিয়াৰ দুখত
কবিয়ে সপোনৰ নাম ৰাখিছিল বেশ্যা ।
মন গলেই পান কৰিছিল নলাৰ দুৰ্গন্ধ
ফাগুনৰ বেহেলাৰ চিলা উৰা দেখি
কবিয়ে লিখিছিল শব্দৰ তাড়নাত
জীয়া মানুহবোৰ আত্মজাহ দিয়াৰ দুখত
কবিয়ে সপোনৰ নাম ৰাখিছিল বেশ্যা ।
কবিয়ে প্ৰেমৰ কবিতা নিলিখিছিল, যদিওবা প্ৰেমিক আছিল
প্ৰেম কবিৰ বাবে ইউট'পিয়াৰ নাম
অলপমান উশাহৰ বৈধতাৰে
ৰজা ৰাণী খেল কবিৰ প্ৰিয় নাছিল
নাঙঠ শব্দ কিছুমান বান্ধি ৰাখিছিল কবিৰ সেই কবিতাত ।
প্ৰেম কবিৰ বাবে ইউট'পিয়াৰ নাম
অলপমান উশাহৰ বৈধতাৰে
ৰজা ৰাণী খেল কবিৰ প্ৰিয় নাছিল
নাঙঠ শব্দ কিছুমান বান্ধি ৰাখিছিল কবিৰ সেই কবিতাত ।
কবিয়ে সেই কবিতাটো বিচাৰি ফুৰিছে
সিদিনা নাক নোহোৱা মানুহ এজনে কবিক কৈছিল
শিলৰ ভৰত নেফানেফ হোৱা বুকু দেখাই
কবি হতাশ হৈছিল
ক্ষোভিত হৈছিল
শুব খোজা কবিক পোহৰ কিয় লাগে
সেয়ে খাই পেলাইছিল সমস্ত এন্ধাৰ
তাৰ পিছৰে পৰা কবিৰ অসুখ
দুখবিহীন হেজাৰ দুখ ।
সিদিনা নাক নোহোৱা মানুহ এজনে কবিক কৈছিল
শিলৰ ভৰত নেফানেফ হোৱা বুকু দেখাই
কবি হতাশ হৈছিল
ক্ষোভিত হৈছিল
শুব খোজা কবিক পোহৰ কিয় লাগে
সেয়ে খাই পেলাইছিল সমস্ত এন্ধাৰ
তাৰ পিছৰে পৰা কবিৰ অসুখ
দুখবিহীন হেজাৰ দুখ ।
0 comments :
Post a Comment