পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » অবিশ্ৰান্ত

অবিশ্ৰান্ত

Written By www.parthapratim.in on Tuesday, 29 November 2016 | 16:55


courtesy: Internet

বাৰান্দাৰ খুটাটোত হাতেৰে পকাই চু নোচওঁ কৈ ভৰিখন তিয়াই আছে তাই । মাজে মাজে হাতেৰে বৰষুণৰ টোপাল ধৰাৰ বৃথা চেষ্টা । আসঃ কিমান যে ধুনীয়া তাই ।
: হেই , আৰু নিতিতিবা । ঘুচি আহা । নতুন বৰষুণ শুনিছানে
সি বৰষুণত তিতি আছে , আৰু বাৰান্দাৰ পৰা তাক চাই আছে তাই ।
শৈশৱৰ এনেকুৱা দিনবোৰতে কাগজৰ নাওঁ বনাই উটুৱাই দিছিল দুয়ো । বাৰান্দাৰ খুটাত ধৰি এনেকৈয়ে ভৰিৰে ভয়ে ভয়ে স্পৰ্শ কৰিছিল বৰষুণৰ পৰশ ।
বৰষুণক ভয় নকৰে সি , আৰু তাইৰতো বহুত প্ৰিয় বৰষুণ । মাকৰ গালিক লুকাই লুকাই কিমান যে তিতিছিল শৈশৱত ।
যৌৱনত যে ক'ত বৰষুণত একেলগেই তিতিছিল দুয়ো । ধেইত, চাতি লৈ বৰষুণৰ ভাললগাৰ পৰা বঞ্চিত হ'ব নোৱাৰো দেই । তাই কয়, সি হাঁহে ।
: হেই , বেছিকৈ নিতিতিবা । নহ'লে ময়ো যাম কিন্তু । পুনৰ চিঞৰি উঠে তাই ।
তাই প্ৰেগনেন্ট । আহিবলগীয়াজনৰ প্ৰতিয়েই এই সচেতনতা । কিমান যে কষ্ট হৈছে তাইৰ বৰষুণৰ পৰা আতৰত থাকি । মাতৃত্বৰ প্ৰথম খোজৰ মিঠা অনুভূতিৰ মাদকতা এজনী নাৰীতকৈও আনকোনে ভালকৈ বুজি পাব । কাষতে থকা তাৰ দুহাতত জোৰেৰে খামুচি ধৰিছিল তাই ।
: অ'ই মই প্ৰেগনেন্ট ,মই প্ৰেগনেন্ট... । আসঃ, এই বেঙুনীয়া ৰঙৰ ৰেখাই তেজ মঙহৰ শৰীৰৰ হ'ব । কিমান যে হেঁপাহ । তাইৰ পেটত লাহে লাহে আঙুলি বোলাইছিল সি , সি তাইৰ চকুলৈ চাই আছে । লাজবোৰ থুপ বান্ধিছিল সিদিনা তাইৰ চকুত । তাই কুচিমুচি লেহুকা হৈ পৰিছিল তাৰ বুকুৰ মাজত । তাৰ মনত পৰে ।
সি বাৰান্দালৈ উঠি আহে । তাই তাৰ পিনে চাই আছে । সি তাইক সাৱটি ধৰে আকুলতাৰে। তাৰ উশাহবোৰ উশৃংখল হৈ বিয়পি পৰিল তাইৰ চুলিৰ ভাঁজে ভাঁজে ।
মেঘা... মেঘা..
কোন মেঘা? মই বিজিতা ।
***************
মেঘা... মেঘা.. আৰু আগুৱাই নাযাবা । উভতি আহা . পৰি যাবা । মেঘা ... শুনিছানে..
মেঘা... পানীত নানামিবা .. শিলবোৰ বৰ পিছল , পানীবোৰো বৰ চেঁচা মেঘা
মেঘা.. শুনিছানে.. এইফালে এইফালে
মেঘা....মেঘা....
***************
চোফাখনত গাটো এৰি দি সি বহি আছে । এটা ফুটুকীয়া ফ্ৰক পিন্ধি মেঘা আহিছে । তাইৰ হাতত কেঁচা আম এটোপোলা । ফ্ৰকত আমৰ কেঁচা দাগ । লেতেৰী.. খং কৰি গুচি গ'ল মেঘা ।
এয়া মেঘাই তাৰ পিনে চাই হাঁহিছে । ডাঙৰ হৈছে মেঘা । মেখলা চাদৰ পিন্ধি আলিবাটৰে গৈ আছে তাই । সি পিছে পিছে ৰেলী চাইকেল চলাই সি গৈ আছে ।
এয়া মেঘা তাৰ কাষত । তাৰ নিমজ গালত ক'লা ক'লা ডাঠ দাড়ি গজিছে । । মেঘাৰ চুলিবোৰে ঢৌ খেলে তাৰ গালে মুখে । তাইৰ চকুৰ চাৱনি, হাঁহিৰ খিন্দিলনি...
: মেঘালী কোন হয় ? দ্বিতীয়বাৰৰ বাবে জোৰেৰে চিঞৰি উঠে তাই । পলকতে অতীতৰ পৰা ঘুৰি আহে সি । এক অজান সংশয় আৰু তীব্র অস্থিৰতাত তাই চটফটাইছে । দুচকু ৰঙা হৈ উখহি পৰিছে । নাকৰ পাহী দুটা সামন্য ফুলিছে । খং আৰু সন্দেহৰ চাৱনিৰে তাই তাৰ পিনে চাই আছে । চকুৰ কোণত চকুপানী । আসঃ সেই একেই চকুপানী , হোমৰ জুইত চকু পোৰাৰ সময়ত ওলোৱা দেখিছিল সি । কিবা ক'ব খুজিও ৰৈ যায় সি । মেঘা ... মুখৰ ভিতৰতে বিলীন হৈ পৰে তাৰ শব্দ ।
: নোকোৱা কিয় ? তোমাৰ কাৰোবাৰ সতে এফেয়াৰ আছে নেকি? আগতকৈ অধিক জোৰেৰে চিঞৰি উঠে তাই । তাইক বুজাব বিচাৰিও সি ৰৈ যায় । মৌন হৈ মাথোঁ চাই ৰয় তাইৰ চকুলৈ । উদাস উদাস তাৰ চাৱনি ।
প্ৰচণ্ড শব্দ কৰি দুৱাৰখন বন্ধ কৰি গুচি যায় তাই । দুৱাৰখনৰ ঠিক ওপৰত থকা ফটোখন কঁপি থাকে কিছুপৰ .. টু দ্যা মোষ্ট এমেজিং এণ্ড ৰোমাণ্টিক কাপল্ অন আৰ্থ ।
***************
বজাৰৰ মোনাখন টেবুলৰ ওপৰত ৰাখিলে সি । তাই ৰঙা গোলাপ বৰ ভালপায় । সেইবাবে ৰঙা গোলাপ এথোপা আনিছে । তাই ভালপোৱা ধৰণে আনিছে এটা ডাঙৰ টেডী, এযোৰ কাণফুলি । আসঃ কিমান দিন যে হ'ল ভালকৈ এষাৰ মাত নুশুনাৰ । তাই নিজকে কোনোবা বিজিতা ভাৱে । তাই আচলতে মেঘা । সি জানে । তাইৰ কিবা এটা হৈছে । তাইক ভাল ডক্টৰৰ ওচৰত দেখাব লাগিব । সি মনতে ভাৱে ।
তাই তাৰ কাষলৈ আহিছে ।
:বিজিতা- আকুলতাৰে মাতে সি । কিছু চেকেণ্ড নীৰৱতা । তন্ময়তা ভাঙি সি তাইক ককালত খামুচি ধৰি ওচৰলৈ টানি আনে ... লাহে লাহে..
*************
বজাৰৰ মোনাখন টেবুলৰ ওপৰত ৰাখিলে সি । তাই ৰঙা গোলাপ বৰ ভালপায় । সেইবাবে ৰঙা গোলাপ এথোপা আনিছে । তাই ভালপোৱা ধৰণে আনিছে এটা ডাঙৰ টেডী, এযোৰ কাণফুলি । আসঃ কিমান দিন যে হ'ল ভালকৈ এষাৰ মাত নুশুনাৰ ।
: হেই, কাক লাগে? এনেকৈ ভিতৰলৈ সোমাই আহিছে কিয় ? তাক দেখি চিঞৰি উঠিল ।
সম্ভৱ তাই অভিমান কৰিছে । অভিমান কৰাৰে কথা । কিমান দিন যে হ'ল..
: বিজিতা মোক ক্ষমা কৰি দিয়া । তাইৰ ওচৰলৈ গৈ আকুলতাৰে কয় সি । হাতৰ ফুলথোপা আগুৱাই দিয়ে তাইৰ ফালে ।আই ...
: কি অভদ্ৰামি কৰিছে এইবোৰ মই বিজিতা নহয় । মই মেঘালী । আঁৰত হওঁক ইয়াৰ পৰা... চিকিউৰিটি চিকিউৰিটি...
************
: ষ্ট্ৰেঞ্জ। তাৰপিছত ? হাতৰ চিগাৰেটটো ছাইনীত গুজি উৎকণ্ঠাৰে সোধে বাসৱে
: নাজানো তাইৰ হৈছে কি । আজিকালি তাই প্ৰায়ে এনে অস্বাভাৱিক আচৰণ কৰে । প্ৰতিটো বস্তুৱে বিসংগতিপূৰ্ণৰে দেখা পায় তাই । কেতিয়াবা বিজিতা হয় , কেতিয়াবা মেঘালী । আসঃ মই নাজানো বিজিতা কোন , মেঘালী...মেঘালী তাইৰ নাম । কিন্তু ... আসঃ বাসৱ মই পাগল হৈ যাম ।
: এনেকুৱা নহয়তো যে বিজিতা আৰু মেঘালী সঁচাকৈয়ে দুটা চৰিত্ৰ ?
: কি আবোলতাবোল বলকিছ তই, সেই চকু, ওঁঠত তিল , তাইৰ উশাহবোৰ ... প্লিজ হেল্প মি
: দেন স্প্লিট পাৰ্চনালিটি
: মে বি মে নট বি । আই থিং । ব্লেণ্ডাৰ্চ প্ৰাইডৰ অৱশিষ্ট পেগটো মুখত দি আকৌ কয় সি... এই থিং এই সকলোবোৰ এটা প্ৰি প্লেন । আৰু সকলোবোৰৰ পিছত আছ তই বাসৱ
: মই??? আশ্চৰ্যত চিঞৰি উঠে বাসৱে । কি কৈছা তই এইবোৰ , এম ইয়োৰ...
: নো.. ইউ আৰ নাথিং ফৰ মি । হাতৰ গিলাচটো গাৰ সমস্ত শক্তিৰে দলিয়াই চিঞৰি উঠে সি । তই আৰু মেঘাই মিলি মোক পাগল কৰিব বিচাৰিছ । তহঁতৰ প্লেন মতেই তাই এনে নাটক কৰি আছে । কোনে জানে তাইৰ পেটত থকা সন্তানটো মোৰ নে তোৰ ।
তহঁত দুয়োৰে মাজত...
: ছিহ্হ ... বন্ধ কৰ এইবোৰ । বাসৱে চিঞৰি উঠে ।
***********
: এনেকৈ তাক কিয় কষ্ট দিছা মেঘালী ? সি কি ক্ষতি কৰিছে তোমাৰ
: হাঃ হাঃ । আৰ্তনাদ কৰি চিঞৰি উঠে মেঘালী । দুচকুত পৈশাচিক উন্মাদনা ।
: প্লিজ মেঘালী, কাবৌ কৰিছো । গুচি যোৱা তুমি । মোক বাসৱক উভতাই দিয়া । প্লিজ...
:
: তুমি নিষ্ঠুৰ , তুমি নিৰ্দয়া । উচুপি উঠে বিজিতা ।
সম্মুখৰ দাপোনখন কঁপি ৰয় কিছুপৰ । তাতেই হেৰাই যায় মেঘালী ।
বাসৱ... বাসৱ.. আৰু আগুৱাই নাযাবা । উভতি আহা বাসৱ. পৰি যাবা । বাসৱ ... শুনিছানে..
বাসৱ... পানীত নানামিবা .. শিলবোৰ বৰ পিছল , পানীবোৰো বৰ চেঁচা
বাসৱ.. শুনিছানে.. এইফালে এইফালে
বাসৱ... বাসৱ....
**************
একেৰাহে কথাখিনি কয় সি কিছু সময় ৰ'ল । টেবুলত থকা বটলটোৰ পৰা পানী অলপ খালে । তাৰ সম্মুখত এজন বিখ্যাত মনো চিকিৎসক সিদ্ধাৰ্থ বেনাৰ্জী ।
ডক্টৰজনে তাৰ ফালে তীক্ষ্ন ভাৱে চাই আছে । ভাঁজ খোৱা কঁপালৰ মাজত যেন থুপ খাই আছে হেজাৰ চিন্তা ।
: সমগ্র কথাখিনি আমি তিনিটা ধৰণে চাৱ পাৰো । হয়তো বিজিতা আৰু মেঘালী সঁচাকৈয়ে বেলেগ চৰিত্ৰ , হয়তো সকলো প্ৰি প্লেন বা সকলোবোৰ তাইৰ আগোচৰে হৈ আছে । স্প্লিট পাৰ্চনালিটি । যাক কোৱা হয় মাল্টিপল পাৰ্চনালিটি দিচঅৰদাৰ । তেওঁ তাৰ ফালে আকৌ ক'ব আৰম্ভ কৰিলে । ইতিমধ্যে প্ৰথমটো নহয় বুলি আপুনি নিশ্চিত । দ্বিতীয়টোও অমূলক বুলি নিশ্চিত হৈছে । বাকী থাকিল তৃতীয় ধাৰণাটো , যদি এয়া হয় তেন্তে বিজিতা আৰু মেঘালী এটাই চৰিত্ৰ আৰু যি স্প্লিট পাৰ্চনালিটিত আক্ৰান্ত । কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল এনে নামৰ কোনো চৰিত্ৰ বাস্তৱত নাই ।
: হোৱাট? আশ্বৰ্যত চিঞৰি উঠিল সি । আপুনি এইবোৰ কি বলিয়ালী কৰিছে ডক্টৰ। মেঘালীৰ সৈতে শৈশৱৰ পৰা একেলগেই ডাঙৰ হৈছো ।
: হয় । এয়া পিছে আপোনাৰ মনোজগতত । উৰ্বৰ মস্তিস্কৰ কল্পনা মাথোঁ
: হোৱাট ৰাবিচ ! মই...
তাৰ কথালৈ গুৰুত্ব নিদি বেনাৰ্জীয়ে পুনৰ কৈ গ'ল । মেঘালীৰ কল্পনা আপোনাৰ মনত এনেকৈ গাঢ় লৈছে যে তাৰ উপস্থিতি আপুনি বাস্তৱত অনুভৱ কৰে । প্ৰতিটো কল্পনাক বাস্তৱত অনুভৱ কৰে । হেলুচিনাচন ।
: হোৱাট দা হেল ! বিজিতাও কি মোৰ কল্পনাৰ সৃষ্টি নেকি ?
: বিজিতা আপোনাৰ কল্পনাৰ কল্পনা ।
: আসঃ মই পাগল হৈ যাম ডক্টৰ । কি বলিয়ালী এইবোৰ । বাৰু মানি ল'লো এই আটাইবোৰ সঁচা তেন্তে কি বাসৱো মোৰ কল্পনা নেকি? এই যে আপোনাৰ সতে বহি আছো এয়া কি মোৰ কল্পনা । উফঃ
হেলুচিনাচন । ডক্টৰ বেনাৰ্জীয়ে অনুচ্চৰ ভাৱে ক'লে । মুখৰ ভিতৰতে শব্দটো সৃষ্টি হয় শেষ হ'ল । ডক্টৰ বেনাৰ্জীয়ে তেওঁৰ ফালে ফাইল এটা আগবঢ়াই দিলে ।
বাসৱ চৌধুৰী
বয়স : একত্ৰিশ
কিছু সময় নীৰৱতা । সি বহাৰ পৰা থিয় হ'ল । তাৰ মুৰত প্ৰচণ্ড বিহ, ভৰিত যেন কোনোবাই শিকিলিহে পিন্ধিইছে খোজ দিব পৰা নাই । সি দৰ্জাৰ ফালে চালে, ফেনৰ বতাহত পৰ্দাখন দুলি আছিল তেতিয়া ।
০০০০০০০০০০০০
✍�পাৰ্থ
SHARE

About www.parthapratim.in

2 comments :