একবিংশ শতিকাৰ আৱৰ্জনাৰে আমিবোৰ ফেচবুক কবি
ইতিকিং নকৰিব
প্ৰকাশ কৰিব নাজানিলেও আমাৰো আছে অনুভৱ
হেজাৰ দুখ পোৱাৰ জোখৰে ।
প্ৰনৱ কুমাৰ বৰ্মন
ভাল লাগে আপোনাৰ কবিতা, ভাল লাগে আপোনাকো
তথাপিও জ্বলি মৰো আপোনাৰ ইৰ্ষনীয় সাফল্যত
দহি ছাই হওঁ নিজৰ উপৰ্যুপৰি ব্যৰ্থতাত ।
আমিবোৰ ফেচবুক কবি
ইতিকিং নকৰিব
কাগজ আলোচনীত পঠিওৱা কবিতাৰ ওজন কাহানিবাই কিলোগ্ৰামৰ ওপৰ হ'ল
প্ৰকাশ নাপায় বুজিছে
ফালি পেলাই দিয়ে চাগে নপঢ়াকৈ
আমিবোৰ যে ফেচবুক কবি ।
দুখ লাগে বুজিছে, খং উঠে
আব্বে চান্স এটা দি চাওঁকনা
উইহাঁফলু ভাঙি আমিও হ'ব পাৰো বাল্মিকী
জে চি বি ৰে খহাই পেলাম সাগৰিকাৰ সমস্ত অভিমান
শব্দৰে গঢ়িম বিশ্বাসৰ বোলডাৰ
আমাৰ আছে অটুট বিশ্বাস
এবাৰ চান্স এটা দিয়ক
মা কচম কৈছো
মাটি কঁপাই চিঞৰিম
আমিবোৰ ফেচবুক কবি ।
ইতিকিং নকৰিব
কাগজ আলোচনীত পঠিওৱা কবিতাৰ ওজন কাহানিবাই কিলোগ্ৰামৰ ওপৰ হ'ল
প্ৰকাশ নাপায় বুজিছে
ফালি পেলাই দিয়ে চাগে নপঢ়াকৈ
আমিবোৰ যে ফেচবুক কবি ।
দুখ লাগে বুজিছে, খং উঠে
আব্বে চান্স এটা দি চাওঁকনা
উইহাঁফলু ভাঙি আমিও হ'ব পাৰো বাল্মিকী
জে চি বি ৰে খহাই পেলাম সাগৰিকাৰ সমস্ত অভিমান
শব্দৰে গঢ়িম বিশ্বাসৰ বোলডাৰ
আমাৰ আছে অটুট বিশ্বাস
এবাৰ চান্স এটা দিয়ক
মা কচম কৈছো
মাটি কঁপাই চিঞৰিম
আমিবোৰ ফেচবুক কবি ।
মোৰ এখন কাব্যগ্ৰন্থ প্ৰকাশ হ'ব
তাত নিমন্ত্ৰণ দিম আপোনাক
এটা সপোন বুজিছে...
মাংস এপোৱা খোৱা দিনটোও ডায়েৰীত লিখি থও হেঁপাহৰে
সপোনত জানো মামৰে নালাগিব
এৰুৱাবো নোৱৰো..
হাতবোৰো যে নিকা নহয় এতিয়া ।
তাত নিমন্ত্ৰণ দিম আপোনাক
এটা সপোন বুজিছে...
মাংস এপোৱা খোৱা দিনটোও ডায়েৰীত লিখি থও হেঁপাহৰে
সপোনত জানো মামৰে নালাগিব
এৰুৱাবো নোৱৰো..
হাতবোৰো যে নিকা নহয় এতিয়া ।
সৰুতে কবিতা লিখিছিলো "মোৰ মন যায়"
মাহঁতে হাতচাপৰি দিছিল, মৰমত চুমা খাইছিল
স্কুলত মঞ্চত থিয় হৈ সৰু কিতাপখন হাত পাতি লবৰ দিনা
ৰাগিনীয়ে সঁহাৰি দিছিল
কলেজত শেষৰবাৰ শ্ৰেষ্ঠ কবি হোৱাৰ দিনা সাগৰিকাৰ বিয়া আছিল ।
ধেইত, কি যে ফাল্টু কথাবোৰ বলকি আছো
বাৰু বাদ দিয়ক
স্মৃতিবোৰ বৰ গধুৰ বুজিছে
ধুৰ শৰীৰৰ ওজনতকৈও ।
প্ৰনৱ কুমাৰ বৰ্মন
আপোনাৰ অনুভৱী কবিতাবোৰে হিপ্পোটাইজ কৰে আমাক
সেয়ে বাৰে বাৰে প্ৰেমত পৰো সাগৰিকাৰ
বাৰে বাৰেই হাত পাতি লওঁ নিৰ্ল্লজ ভাৱে
বিষাদৰ বীজবোৰ ।
আৰু কি কম আপোনাক
শেষত..
প্ৰনৱ কুমাৰ বৰ্মন আপোনাৰ নাম
আপোনাৰ নাম এটা কবিতাৰ ।
Bor val palo.
ReplyDeletethnx
ReplyDelete